• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ কণমানি ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া, কাৰাটেত আঁজুৰি আনিলে ৰূপসহ দুটাকৈ পদক

ByNaba Barta

Jun 3, 2024
Spread the love

সময়ে সময়ে ধাৰাবাহিকভাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ যুৱক-যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা কঢ়িয়াই অনাৰ সমান্তৰালকৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান ৷ এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই ৷ এই ছাত্ৰজন হৈছে জিলাখনৰ হাতীচোং মৌজাৰ চকলাঘাট জে বি স্কুলত অধ্যয়নৰত চতুৰ্থ মানৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া ৷ আচলতে, জিলাখনৰ ৰাইদঙীয়াৰ আইভেটী নিবাসী দিগন্ত শইকীয়া আৰু প্লাবিতা মুদৈ শইকীয়াৰ পুত্ৰ তথা জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈৰ ভাগিন প্ৰজ্ঞাত জ্যোতিয়ে যোৱা ৩১ মে’ৰ পৰা দুুদিনীয়াকৈ নেপালৰ মেছি নগৰৰ জাপাৰ কাকৰভিটাত নেপাল চিট’-ৰিঅ’ কাৰাটে স্কুলৰ ব্যৱস্থাপনাত তথা নেপাল কাৰাটে ড’ ফেডাৰেচন আৰু নেপাল চিট’-ৰিঅ’ কাৰাটে ড’ এছ’চিয়েছনৰ সহযোগত অনুষ্ঠিত হোৱা দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ পদক বুটলিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, প্ৰজ্ঞাত জ্যোতিয়ে উক্ত প্ৰতিযোগিতাখনিৰ কাটাত ল’ৰাৰ ১০-১১ বছৰ শাখাত ৰূপ আৰু কুমিটেত ল’ৰাৰ ত্ৰিশ কেজিৰ অনূৰ্ধ্বৰ শাখাত ব্ৰঞ্জৰ পদক আজুৰি আনে ৷ সৰুৰে পৰা স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ চিহান পংকজ মুদৈৰ প্ৰশিক্ষণত কাৰাটেত একাগ্ৰতাৰে ব্যস্ত থকা প্ৰজ্ঞাত জ্যোতিয়ে নিজৰ দক্ষতাৰ বলত ইতিপূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও পদক অৰ্জন কৰিছে ৷ তদুপৰি বিগত বৰ্ষটো নেপালত অনুষ্ঠিত হোৱা
আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছিল ৷ প্ৰজ্ঞাত জ্যোতিৰ এই ঈষণীয় সফলতাই এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি তোলাৰ বিপৰীতে বিভিন্নজনে উজ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *