আমন্ত্ৰিত হৈছে নৃত্যৰত্ন ৰামকৃষ্ণ-ৰুমী তালুকদাৰ
নৱবার্তা গুৱাহাটী: ১৪৪ বছৰীয়া ঐতিহাসিক মহালগ্নৰ মহাকুম্ভত এইবাৰ উজ্বলি উঠিব অসমৰ সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্য। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা দেশৰ সর্ববৃহৎ আধ্যাত্মিক ক্ষেত্রত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি সত্রীয়া নৃত্য আৰু ঐতিহাসিক দেৱদাসী নৃত্য পৰিবেশনৰ বাবে ভাৰতচৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ তৰফৰ পৰা আমন্ত্রণ লাভ কৰিছে অসমৰ সত্ৰীয়া নৃত্য কলাৰ ওজা শিল্পী সংগীত নাটক অকাডেমী বঁটা প্রাপক নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰৰ লগতে ৰুমী তালুকদাৰ। দেশ-বিদেশৰ ৪০ কোটি ভকতৰ সমাবেশ ঘটিব লগীয়া মহাকুম্ভৰ মূল মঞ্চখনত এঘন্টা জুৰি সত্ৰীয়া নৃত্য আৰু দেৱদাসী নৃত্য পৰিবেশন কৰিবলৈ সাজু হৈছে ৰামকৃষ্ণ তালুকদাৰ আৰু নৃত্য পটিয়সী কর্মী তালুকাদৰৰ দল।বিষ্ণু বন্দনা, গোগী নাচ, ৰামকথা, দশাৱতাৰ, ৰাসলীলা, ভোৰতাল নৃত্য আৰু বজালীৰ পৰিহৰেশ্বৰ দেৱালয়ৰ ঐতিহাসিক দেৱদাসী নৃত্য পৰিবেশন কৰা হ’ব বুলি জনাইছে নর্তনকলা নিকেতনৰ অধক্ষ্য ৰুমী তালুকদাৰে। ১৫ জনীয়া শিল্পী দলটোত অংশগ্রহণ কৰিবলগীয়া শিল্পী সকল ক্রমে গুৰু ৰামকৃষ্ণ তালুকদাৰ, গুৰু ৰুমী তালুকদাৰ, নেহাৰিকা কলিতা, চুম্পি ডেকা, কৃতিকা শর্মা, হর্ষিতা ভৰদ্বাজ, মণিচিতা ৰয়, ময়ুৰাক্ষী ভূঞা, নূপুৰ তালুকদাৰ, নিলাক্ষী দাস, গুঞ্জন তালুৰদাৰ, দিশা ঠাকুৰীয়া, শ্রেয়শ্রী ঠাকুৰীয়া, হিমাঞ্জলী বৰুৱা, খৃষ্টাশ্রী দাস।
ভাৰতবৰ্ষৰ এই বিশ্ববিখ্যাত ধর্মীয় উৎসৱখনত ২১ জানুৱাৰীত নৃত্যানুষ্ঠান পৰিৱেশন কৰিবলৈ নৃত্যৰ দলটিয়ে ২০ জানুৱাৰীত গুৱাহাটীৰ লোকপ্রিয় গোপীনীথ বৰদলৈ আর্ন্তজাতিক বিমান বন্দৰৰ পৰা প্ৰয়াগৰাজলৈ যাত্ৰা কৰিব।উল্লেখনীয় যে ভাৰতবৰ্ষৰ মহাকুম্ভৰ মহাসংগমত প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হ’ব বজালীৰ ঐতিহ্যমণ্ডিত পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য।