ভাৰতৰ চহকী ৰন্ধনশৈলী আৰু সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা এক সমৃদ্ধ খাদ্য অভিজ্ঞতা বঁটা বিজয়ী ৰেষ্টুৰেণ্ট বম্বে ব্ৰেছেৰীৰ চেন্ট্ৰেল ম’লত দুৱাৰ মুকলি
নৱবার্তা গুৱাহাটী :পুৰস্কাৰ বিজয়ী আগশাৰীৰ আঞ্চলিক ভাৰতীয় ৰেষ্টুৰেণ্ট ব্ৰেণ্ড বম্বে ব্ৰেছেৰীত এতিয়াৰে পৰা খাদ্যৰ সোৱাদ ল’ব পাৰিব ৰাজ্যবাসীয়ে ৷ আগশাৰীৰ ব্ৰেণ্ডটোৱে গুৱাহাটীৰ চেন্ট্ৰেল ম’লত ইয়াৰ দশমখন ৰেষ্টুৰেণ্ট মুকলি কৰে ৷ এই নতুন ৰেষ্টুৰেণ্টখনৰ জৰিয়তে ব্ৰেণ্ডটোৱে অসমত আত্মপ্ৰকাশ কৰাৰ লগতে দেশৰ পঞ্চমখন ৰাজ্যত ইয়াৰ উপস্থিতি নিশ্চিত কৰে ৷ আঞ্চলিক ভাৰতীয় পৰম্পৰাগত খাদ্যসমূহক উদ্ভাৱনীমূলক ভাৱে প্ৰস্তুত কৰি বর্তমান সময়ৰ লগত খাপ খোৱাকৈ পৰিৱেশন কৰি বম্বে ব্ৰেছেৰীয়ে গ্ৰাহকসকলক এক নতুন অভিজ্ঞতা প্ৰদান কৰিব ৷
চেন্ট্ৰেল ম’লত অৱস্থিত বম্বে ব্ৰেছেৰী ৰেষ্টুৰেণ্টখন ব্ৰেছেৰীৰ আর্হিত সজাই তোলা এক সমসমায়িক স্থান য’ত ভাৰতৰ চহকী কলা আৰু শিল্পক নিপুনভাৱে সজাই তোলা হৈছে ৷ ফ্ৰান্সৰ ব্ৰেছেৰীৰ দর্শনেৰে উৎসাহিত হৈ ব্ৰেণ্ডটোৱে আলোড়নময় পৰিৱেশৰ সৈতে ভাৰতীয় কলাক সংমিশ্ৰন কৰিছে ৷ ভাৰতীয় বস্ত্ৰ পৰম্পৰা আৰু ফেব্ৰিকছৰ সৈতে ৰেষ্টুৰেণ্টখনৰ ডিজাইনক নতুন ধৰণে চিন্তা কৰি অসমীয়া পৰম্পৰাৰ চহকী ঐতিহ্য জাপি সন্নিৱিষ্ট কৰাটো আন এক বৈশিষ্ট্য ৷ ইয়াৰ পৰিপূৰক হৈছে অসমৰ চাহ শিল্পৰ প্ৰতি সন্মান প্ৰদর্শন কৰি নির্মাণ কৰা “টীপট ৱাল” ৷ অসমৰ চাহ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন তথা ইয়াৰ সমৃদ্ধ ঐতিহ্য আৰু চাহ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াক উদযাপন কৰাৰ বাবেই এই “টীপট ৱাল” সংযুক্ত কৰা হৈছে ৷ আধুনিক আৰু পৰম্পৰাগত পোছাকেৰে সজোৱা হস্তনির্মিত কাঠৰ পুতলাসমূহ ভাৰতৰ অতীত আৰু বর্তমানৰ গতিশীল সহাৱস্থানৰ প্ৰতীক ৷ৰেষ্টুৰেণ্টখনৰ এটা কেন্দ্ৰীয় বৈশিষ্ট্য “আইলেণ্ড বাৰ”-এ পাৰস্পৰিক ক্ৰিয়া-কলাপক উৎসাহিত কৰে আৰু সজীৱ পৰিৱেশ বৃদ্ধি কৰে ৷ “অতুলনীয় ভাৰত” দেৱালত দেশৰ বিভিন্ন প্ৰান্তৰ আইকনিক ল্যাণ্ডমাৰ্ক আৰু দৈনন্দিন মুহূৰ্তৰ প্ৰাঞ্জল কেনভাছ প্ৰিন্ট প্ৰদৰ্শন কৰা হৈছে। বিভিন্ন ৰাজ্যৰ শাৰীৰে সজ্জিত প্ৰাইভেচি স্ক্ৰীনে ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্যক সুন্দৰভাৱে উপস্থাপন কৰে। সমগ্ৰ ৰেষ্টুৰেণ্টখনত থকা বিভিন্ন ভাৰতীয় নিদর্শনসমূহৰ বিৱৰনে ভাৰতীয় সৃষ্টিশীলতাৰ সর্বশ্ৰেষ্ঠ প্ৰদর্শনৰ পৰিৱেশ তৈয়াৰ কৰে ৷
ৰেষ্টুৰেণ্টখনৰ নতুন খাদ্য তালিকাত কিছুমান বৈশিষ্ট্যমূলক উপাদান সংযোজন কৰা হৈছে ৷ যিসমূহ দূর্লভ আৰু আমদানিকৃত ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে ব্লেক ষ্টোন ফ্লাৱাৰ, ভোট জলকীয়া আৰু অন্যান্য বহুতো ভাৰতীয় উপাদান ৷ খাদ্যতালিকাত থকা শেহতীয়া আটাইতকৈ সৰু খাদ্যৰ প্লেটত আছে হট কাৰী চামোছা চাট, দক্ষিণৰ অনুপ্ৰাণিত মাশ্বৰুম পেপাৰ টাকো আৰু ক্ৰানচি ষ্ট্ৰীট ফ্ৰাইড চিকেন ৷ হট প্লেট আৰু ষ্ট্ৰীট গ্ৰীলছত আছে ষ্ট্ৰীট ফুডৰ আর্হিত পৰাঠ পনীৰ আৰু চার্মিনাৰ মুর্গ ব’টি ৷ বিগ প্লেট আৰু বিৰিয়ানিত থাকিব অনন্য পুলড জেকফ্ৰুইট মছালাৰ সৈতে কাৰিড বাটাৰ পৰোটা, ঘৰুৱা গৰম মচলাৰ প্ৰস্তুত কৰা পাঞ্জাৱী কুকাৰ চিকেন আৰু এগ টৰকা বিৰিয়ানি ৷ নতুন ডেজার্টত থাকিব চকলেট ৰকি ৰ’ড আৰু বম্বে আইচক্ৰীম চেণ্ডুইছ ৷আম পাপড় পনীৰ, কাশ্মীৰি নান কাবাব, নাগা গোষ্ট পেপাৰ উইংছ, ফিয়েৰি থীচা প্ৰ’ণছ,পনীৰ চিৰকা পিয়াঁজ,মাৰিঅ’ছ মেংগ প্ৰ’ণছ আৰু ক’ক’নাট ৰাইচ,চাটকা চোলে কুলচে আৰু এংলো ইণ্ডিয়ান ব্ৰেড পুডিঙো নতুন খাদ্য তালিকাত অন্তভূর্ক্ত হৈ থাকিব ৷
বম্বে ব্ৰেছেৰীৰ বাৰ আপোনাৰ বাবে এক ভ্ৰমণৰ স্থান যিয়ে আপোনাক সমগ্ৰ ভাৰতৰ লগতে ৯০ ৰ দশকে নষ্টালাজিয়াৰ সৈতে এক উৎসাহী যাত্ৰা প্ৰদান কৰিব ৷ বাৰৰ মেনুত ক্লাছিক জান্তা বাৰ বা সতেজ বম্বে ৰীতা আৰু ‘দেশী ককটেইল’ যথা কেৰী মেজিক এণ্ড দ্য স্মোকড মুৰাব্বা বৰ্ণীৰ দৰে ‘পাউৱা ককটেইল’ৰ বৈশিষ্ট্য থাকিব যিয়ে প্ৰতিজন ভাৰতীয়ৰ শৈশৱৰ আদৰৰ স্মৃতিৰ পৰা প্ৰেৰণা লয় ৷ আনহাতে মেক্সিকান কেফেটিনি আৰু নুটি প’ৰ্ট মানহাটানৰ দৰে সমসাময়িক ‘অংগ্ৰেজি ককটেল’ বিদেশৰ স্বাদৰ প্ৰতি আগ্ৰহীসকলৰ বাবে ডিজাইন কৰা হৈছে।
বম্বে ব্ৰেছেৰীৰ ব্যৱসায়িক মুৰব্বী ৰঞ্জন চক্ৰৱৰ্তীয়ে কয়, “উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ চেন্ট্ৰেল মলত বহুলভাৱে জনপ্ৰিয় বম্বে ব্ৰেছেৰীৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ পাই আমি ৰোমাঞ্চিত হৈছো। আমি নিশ্চিত যে আমাৰ অতিথিসকলে ভাৰতৰ শিল্প, শিল্পকলা আৰু নষ্টালজিক উপাদানৰ চহকী ঐতিহ্যক একত্ৰিত কৰা এক অনন্য ডিজাইনৰ সৈতে তেওঁলোকৰ খাদ্যৰ অভিজ্ঞতা ভাল পাব ৷ ফৰাচী ব্ৰেছেৰীৰ সজীৱ শক্তিৰ পৰা অনুপ্ৰাণিত হৈ আমি ভাৰতীয় শিল্পৰ সৈতে সমসাময়িক উপাদানসমূহ মিশ্ৰিত কৰিছো । চিন্তাশীলভাৱে প্ৰস্তুত কৰা মেনুখনত আধুনিক আঞ্চলিক ভাৰতীয় খাদ্য আৰু পানীয়ৰ সংযোজন হৈছে ৷”
কিউ-টু হস্পেটিলিটীৰ প্ৰতিষ্ঠাপক তথা গুৱাহাটীৰ চেন্ট্ৰেল ম’লৰ শেহতীয়া বম্বে ব্ৰেছেৰী ফ্ৰেন্সাইছীৰ স্বত্বাধিকাৰী মুকুন্দ ম’ৰ আৰু অপূর্ব বাজাজে কয়-“চহকী সাংস্কৃতিক ঐতিহ্য আৰু খাদ্যৰসিকতাৰ বাবে পৰিচিত গুৱাহাটীলৈ বম্বে ব্ৰেছেৰীৰ অভিজ্ঞতাক আনিবলৈ পাই আমি আনন্দিত হৈছো ৷ ভাৰতৰ বৈচিত্ৰ্যময় আঞ্চলিক খাদ্য, অনন্য উপাদান আৰু নষ্টালজিক সোৱাদক আধুনিকভাৱে উপস্থাপন কৰি বম্বে ব্ৰেছেৰীত উদযাপন কৰা হয় ৷ আমি নিশ্চিত যে গুৱাহাটীৰ গ্ৰাহকসকলে ইয়াৰ ব্যতিক্ৰমী খাদ্যসম্ভাৰ, উদ্ভাৱনীমূলক ককটেইল, এটা উষ্ণ-আদৰণীয় পৰিৱেশ, আলোড়নময় ব্ৰেছেৰীৰ দৰে শক্তিৰে পূর্ণ অভিজ্ঞতাক আকোৱালি ল’ব আৰু ভাল পাব ৷ এয়া চহৰখনৰ জীৱন্ত ৰন্ধন সংস্কৃতিৰ সৈতে জড়িত হোৱাৰ এক সুযোগ ৷”
যাত্ৰাৰ পৰা গন্তব্যস্থানলৈকে বম্বে ব্ৰাছেৰীয়ে আপোনাৰ পৰিচিত বিবিতকৈ অধিক অভিজ্ঞতা লৈ আহিছে ৷ লগতে লৈ আহিছে আৰামদায়ক আসনৰ যাত্ৰীৰ বাবে এক সুস্বাদু ভোজনৰ অভিজ্ঞতা ৷ ভাৰতৰ শিল্প, সংস্কৃতি আৰু ৰান্ধনীশালৰ সূক্ষ্মতাৰে আপোনাক এক স্মৰণীয় যাত্ৰাত লৈ যোৱাৰ লক্ষ্যৰে বম্বে ব্ৰেছেৰী গুৱাহাটী এতিয়া ভাৰতৰ শ্ৰেষ্ঠ সেৱা আগবঢ়াবলৈ মুকলি কৰা হৈছে ৷