আগন্তক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
নৱবাৰ্তা গুৱাহাটী:
আগন্তক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৰাবাটৰ নৱ নিৰ্মিত আৰ্হি হাস্পতালে বুধবাৰে যোৰাবাটৰ আৰক্ষী চকীত কেইবাগৰাকী চিকিৎসকৰ তত্বাৱধানত এক বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰে। যোৰাবাট আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাসে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আৰ্হি হাস্পতালে আগষ্ট মাহটোত এইদৰে বিভিন্ন স্তৰৰ দেশৰ কাৰণে দেহে কেহে কাম কৰা ব্যক্তি সকলক যিমান পাৰে বিনামূলীয়া ভাবে বি পি আৰ বি এছ আৰু চিকিৎসকৰ পৰামৰ্শ লগতে ঔষধ দিবলৈ দৃহ প্ৰতিজ্ঞাবদ্ধ ।