• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৰাজ্যজুৰি ফাকুৱাৰ প্ৰস্তুতি

ByNaba Barta

Mar 13, 2025
Spread the love

ফাগুনে ধূলিয়ৰি বাটৰে ফাকুৱাৰ বতৰা কঢ়িয়াই আনিছে

মোদীৰ যাদু ফাচীঁ বজাৰৰ সাধু, মোদীময় হোলীৰ বজাৰ

গুৱাহাটীৰ ফাঁচী বজাৰত ডাবল ইঞ্জিন আৰু মোদী ফিচকাৰী, মোদী মাস্ক

নৱবার্তা গুৱাহাটী: ৰাজ্যজুৰি ফাকুৱা উৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে। ফাগুনে ধূলিয়ৰি বাটৰে ফাকুৱাৰ বতৰা কঢ়িয়াই আনিছে।
ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে এতিয়া ৰাজ্যজুৰি উখল মাখল পৰিবেশনৰ সৃষ্টি হৈছে। হিন্দুধর্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ এটা দিন বাকী।হোলীৰ কাৰণে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি
বৰপেটা , মাজুলী, উত্তৰ-গুৱাহাটী আদিত এতিয়া উখল মাখল পৰিবেশ বিৰাজ কৰিছে। ইতিমধ্যে ৰং বিৰঙী অবিৰেৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে ৷ বাণিজ্যৰ কেন্দ্ৰ ফাঁচী বজাৰো ইয়াৰ ব্যতিক্ৰম নহয়। ফাঁচী বজাৰৰ অলিয়ে গলীয়ে একাংশ বহি:ৰাজ্যৰ পৰা অহা ব্যৱস্যায়ীয়ে ৰং বিৰঙী আবিৰ তথা ফাকুৱাৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ভিৰ কৰিছে। ইফালে গুৱাহাটীৰ বাণিজ‍্যৰ কেন্দ্ৰ ফাঁচী বজাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
মোদীৰ যাদু দেখিবলৈ পোৱা গৈছে। এক কথাত কবলৈ গলে মোদীৰ যাদু
ফাচীঁ বজাৰৰ সাধু, মোদীময় হোলীৰ বজাৰ হৈ পৰিছে।
গুৱাহাটীৰ ফাঁচী বজাৰত ডাবল ইঞ্জিন আৰু মোদী ফিচকাৰী, মোদী মাস্ক মূল আকৰ্ষণৰ বিষয় হৈ পৰিছে।
গুৱাহাটীৰ ফাঁচী বজাৰৰ ‘জোগার্চ’ নামৰ বিপনীখনত
ডাবল ইঞ্জিন আৰু মোদী ফিচকাৰী ৬০০ টকাত উপলব্ধ হৈছে। এই ফিচকাৰীবোৰ মুম্বাইৰ পৰা অনা হৈছে। সেইদৰে মোদী পাগুৰি ৬০ টকাৰ পৰা ২৫০ টকা, ত্ৰিসুল ফিচকাৰী৩৫০ টকা, আবিৰ ২০ টকাৰ পৰা ৩০০ টকা প্ৰতি পেকেটত বিক্ৰী কৰা হৈছে।
ডাবল ইঞ্জিন আৰু মোদী ফিচকাৰী বিক্ৰী হোৱা বুলি বিপণীখনৰ কতৃপক্ষই জানিবলৈ দিয়ে। ফাঁচিবজাৰৰ ‘বৃধি
চান্দ কেশৱদেউ’ নামৰ শতবর্ষ গৰকা দোকানখনত উপলব্ধ হৈছে প্ৰাকৃতিক আবিৰ। এই সম্পৰ্কে
দোকানখনৰ অন্যতম যশ্ শ ৱী শৰ্মাই কয়- আমি মুম্বাইৰ পৰা নানা প্ৰাকৃতিক ৰঙ আনিছোঁ। আমি এইবাৰ ২২ প্ৰকাৰৰ প্ৰাকৃতিক ৰঙ আনিছোঁ। তদুপৰি মোদী মুখা ১৮০ টকা মূল্যত বিক্ৰী কৰা হৈছে। সেইদৰে ৰাজস্থানী ছাফা ৬০ টকা মূল্যত , ৰঙ-বিৰঙী চুলি ৰ টুপি ৫০ টকাৰ পৰা ৩০০ টকা মূল্যত বিক্ৰী কৰা হৈছে।’ সেইদৰে বিহাৰ, ছট্টিশগড়ৰ পৰা অনা আবিৰ, টুপি, শিশুৰ টি-চাৰ্ট, পুৰুষৰ কুর্টা, মহিলাৰ কুর্টা, দুপট্টা আদিও বিক্রী কৰা হৈছে।উল্লেখ, ফাঁচী বজাৰৰ ঠায়ে ঠায়ে মোদী
ফিচকাৰীৰ দাম উঠিছে ১৫০ টকাৰ পৰা ১৫০০ টকা পৰ্যন্ত। ইফালে  মহানগৰীৰ ৰূপনগৰস্হিত আশানীড় শিশু গৃহত । 
বিভিন্ন পৰিস্হিতিয়ে জীৱনৰ ৰং কাঢ়ি নিয়া  এদল বিশেষ ভাৱে সক্ষম কিশোৰীয়ে প্ৰাকৃতিক ৰং প্ৰস্তুত কৰি আনৰ জীৱন ৰঙীন কৰাত ব্যস্ত হৈ পৰিছে    । বীট , হালধী, পালেং ,ধনীয়া , নাৰ্জী ফুল , অপৰাজিতা ফুলৰ ৰসেৰে প্ৰস্তুত কৰিছে প্ৰাকৃতিক ৰং । প্ৰায় ১২০ কিলোগ্ৰাম প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা ফাকু বনোৱাৰ বাবে লক্ষ্য কৰি লৈছে। ইতিমধ্যে প্ৰায় ৯০ কিলোগ্ৰাম প্ৰাকৃতিক  ফাকু বিক্ৰী হৈছে।
অসম শিশু আৰু মহিলা কল্যাণ সমিতিৰ অধীনত থকা শিশু গৃহটোৰ বিশেষভাৱে সক্ষম কিশোৰী  সকলে  কনফ্ল’ৰৰ লগত গোলাপ জল,  ফুল আৰু শাক পাচলিৰ ৰস মিহলাই প্ৰাকৃতিক  ৰংবোৰ প্ৰস্তুত কৰিছে। পালেং শাক আৰু ধনীয়াৰ পৰা সেউজীয়া ৰং , কেঁচা হালধীৰ পৰা হালধীয়া  ৰং ,  বীটৰ পৰা ৰঙা আৰু গোলপীয়া ৰং,  অপৰাজিতাৰ পৰা নীলা ৰং  প্ৰস্তুত কৰা হৈছে আৰু পৰীক্ষা মূলক ভাৱে ফুড কালাৰ ব্যৱহাৰ কৰিও কেইবাটাও ৰং প্ৰস্তুত কৰা হৈছে। আশানীড়ৰ অধীক্ষক চুমকি বৰাই এই সম্পৰ্কে  কয় , আমি এইবাৰ প্ৰথম বাৰৰ বাবে প্ৰাকৃতিক ভাৱে ৰং বনাইছো।  শিশু গৃহৰ শিশু সকলৰ বাবে বনাইছিলো । বনোৱা দেখি বহুতে অৰ্ডাৰ দিলে । অৰ্ডাৰ  অহাৰ বাবে আশা ৰং নামেৰে ব্ৰেণ্ডং কৰি 
৫০ গ্ৰাম আৰু ১০০ গ্ৰামৰ পেকেট বনোৱা হৈছে। ৫০ গ্ৰাম্যৰ পেকেট ৫০ টকা আৰু ১০০ গ্ৰামৰ পেকেট ১০০ টকাকৈ বিক্ৰী কৰা হৈছে। আমি প্ৰায় ১২০ কিলোগ্ৰাম ৰং বনোৱাৰ  লক্ষ্য লৈছো । ইতিমধ্যে ৯০ কিলোগ্ৰাম বিক্ৰী হৈছে ।  আমি কোনো কেমিকেল ব্যৱহাৰ নকৰাকৈ ফুল , শাক আৰু পাচলিৰ পৰা প্ৰাকৃতিক ভাৱে ৰং বোৰ বনোৱা হৈছে । প্ৰায় ১৫-২০  দিন ধৰি  ৰংবোৰ বনাই আছো ।  এটা ৰং বনাবলৈ আৰম্ভণিৰ পৰা সম্পূৰ্ণ হ’বলৈ সমগ্ৰ প্ৰক্ৰিয়াটোত ৭ দিন মান সময়ৰ প্ৰয়োজন হয় । আমি প্ৰস্তুত কৰা ৰং বোৰ লাইট হোৱাৰ লগতে হাতেৰে মোহাৰি দিলে গুচি যায় । এই ৰংবোৰ ব্যৱহাৰ কৰিলে  ছাল , চুলি, চকুৰ কোনো ধৰণৰ ক্ষতি নহয় । এতিয়া ৰাজ্যবাসী সাজু হৈছে ফাকুৱা উৎসৱক আদৰিবলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *