• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৰঙালীৰ নৱম সংস্কৰণৰ প্ৰস্তুতি তুংগতঃ সাংস্কৃতিক সমন্বয়, থলুৱা উদ্যমীতা আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

ByNaba Barta

Apr 2, 2025
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত
৪, ৫ আৰু ৬ এপ্ৰিলত আয়োজন কৰা হৈছে অসমৰ সৰ্ববৃহৎ সংগঠিত অনুষ্ঠান ৰঙালীৰ নৱম সংস্কৰণ। এই উপলক্ষে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই। তেওঁ লগতে কয়-
ৰূপান্তৰৰ প্ৰচেষ্টাৰে ২০১৫ চনত আৰম্ভ কৰা ৰঙালী সৃষ্টিশীলতা,সাংস্কৃতিক সমন্বয় আৰু থলুৱা উদ্যমীতাৰ মহাসমাৰোহলৈ পৰিণত হ’ল। অসমৰ নানা জাতি-জনগোষ্ঠীৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ প্ৰসাৰ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব দিয়া ৰঙালীয়ে অসমীয়া মানুহৰ কলাসুলভ চিন্তাক প্ৰতিনিধিত্ব কৰে। বৰ অসমৰ ধাৰণাৰে বৃহৎ অসমখনৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰা ৰঙালীৰ মুখ্য উদ্দেশ্য। এইবাৰৰ ৰঙালীৰ বিশেষ সংযোজন ‘ৰঙালী বিশেষ বঁটা’। অসমৰ সাহিত্য-সংস্কৃতি-উদ্যোগ-কৃষি জগতৰ বহুকেইজন স্বনামধন্য ব্যক্তিক ৰঙালীৰ মঞ্চত বিশেষভাৱে সন্মান জনোৱা হ’ব। তেওঁলোকৰ ভিতৰত বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী,
‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মা, ছবি পৰিচালক সুব্ৰত কাকতি, কলা- নিৰ্দেশক নুৰুদ্দিন আহমেদ, কৃষক হেমন্ত কুমাৰ নাথৰ লগতে বহুকেইজন উদ্যোগীক সম্বৰ্ধনা জনোৱা হ’ব। আমি গোৱালপাৰাৰ দেশী মুছলমান, গোর্খা আদিকে ধৰি প্ৰায় সকলো জাতি-জনগোষ্ঠীক নিমন্ত্ৰণ জনাইছোঁ।অসমীয়া উদ্যমীতাৰ বিকাশত গুৰুত্ব দি ৰঙালীত মাছ, কণীৰ পৰা থলুৱা হস্তশিল্প-ভাস্কৰ্যকে ধৰি এক বৃহৎ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। প্ৰতি বছৰে আয়োজিত ভকেল ফৰ লকেল প্ৰদৰ্শনীত ২০০ খন বিপনীৰে অসমীয়া মানুহে ক্ৰয় কৰিব পৰা সকলো সামগ্ৰীৰ থলুৱা বজাৰ সৃষ্টি ৰঙালীৰ প্ৰয়াস। অসমীয়া মানুহৰ সৃষ্টিশীল মনটোক প্ৰতিফলিত কৰা ৰঙালীৰ অন্যতম সম্পদ বৈচিত্ৰ্যময় সংগীত। এইবাৰো অসম তথা উত্তৰ পূবৰ লগতে বলিউডৰ বহুকেইজন শিল্পীয়ে ৰঙালীৰ মঞ্চত সংগীত পৰিৱেশন কৰিব।
তৰালি শৰ্মা, জুবিন গাৰ্গ, নীল আকাশ, প্ৰবীণ বৰা, ঋতৃষা শৰ্মা, অৰূপজ্যোতি বৰুৱাৰ দৰে থলুৱা অসমীয়া শিল্পীয়ে দেশৰ জনপ্ৰিয় হিপ হপ শিল্পী ডিন’ জেমছ, শ্বাহৰুল, কৃষাণু দেৱ ৰয়, ৱাল্টাৰ ৱাহলাং, ক্লাজন, বলিউডৰ শিল্পী নীৰজ শ্ৰীধৰৰ লগতে বহু কেইজন শিল্পীয়ে অনুষ্ঠান
পৰিৱেশন কৰিব। অসমীয়া খাদ্য আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাৰ প্ৰচেষ্টাৰে থলুৱা খাদ্য প্ৰতিযোগিতাৰ লগতে ৰঙালীত থাকিব মাল্টিকুইজিনৰ সমাহাৰ। নতুন প্ৰজন্মৰ বাবে আৰ্ট, নৃত্য, গীতৰ এখন মঞ্চ দিয়াৰ লক্ষ্যৰে সকলোখিনি সমল লৈ সকলো প্ৰজন্মৰ মানুহক ৰঙালীলৈ আনিবলৈ চেষ্টা কৰি অহা হৈছে। ৰঙালীয়ে আৰম্ভণিৰে পৰা লোক শিল্পৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ বৃহৎ প্ৰদৰ্শন কৰি আহিছে। এইবাৰো প্ৰায় ১০০০ থলুৱা শিল্পীৰ সমন্বয়ত অসমৰ সাংস্কৃতিক বৈভৱৰ বৃহৎ পৰিৱেশন হ’ব। হস্ত শিল্পৰ প্ৰসাৰৰ লক্ষ্যৰে বৃহৎ ফেশ্বন শ্ব’ৰ লগতে থাকিব সৃষ্টিশীলতাৰ মঞ্চ আৰ্ট আৰু হিপ হপ ভিলেজ। প্ৰতিবছৰৰ দৰে এইবাৰো ৰঙালীলৈ লক্ষাধিক লোকৰ আগমণ হ’ব বুলি আশা কৰা হৈছে।
বিগত কেইটামান বৰ্ষত ৰঙালীত বৃহৎ লোকচান ভৰি প্ৰত্যাহ্বানৰ মাজতো ৰঙালীৰ প্ৰৱেশ বিনামূলীয়া কৰি ৰাখিছো। যাতে সমাজৰ সকলো শ্ৰেণীৰ লোক ৰঙালীলৈ আহিব পাৰে। দীৰ্ঘম্যাদী ভাৱে ৰঙালীয়ে ইতিবাচক দিশলৈ গতি কৰিব বুলি আমি আশাবাদী। ৰঙালী সমন্বয়ৰ এক ৰঙীণ কেনভাছ। য’ত সকলো মিলি অসমৰ এখন চিত্ৰ আঁকিবলৈ প্ৰয়াস কৰিছো। অসমৰ সৰ্ববৃহৎ সংগঠিত ফেষ্টিভেলটোত যোগদান কৰিবলৈ সকলোকে নিমন্থণ জনালো। প্ৰতিদিনে বিয়লি ৪ বজাৰ পৰা অনুষ্ঠানসমূহ আৰম্ভ হ’ব। প্ৰথম দিনা ‘ৰৈ ৰৈ বিনালে’ ছবিৰ পোষ্টাৰ মুকলি কৰা হ’ব।’ সংবাদ মেলত ‘ৰঙালী’ৰসহ আয়োজল মৃগাংক হাজৰিকা, শিল্পী অৰূপ জোতিবৰুৱা,
অভিনেতা উদয়ন দুৱৰা, খাদ্য বিশেষজ্ঞ কৌশিক নন্দন দত্ত,
সৌমাৰ শৰ্মা আদি উপস্থিত থাকি ‘ৰঙালী’ ৰ সফলতা কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *