• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

হেলথ্ চিটী হাস্পতালত অত্যাধুনিক যন্ত্র গামা কেমেৰা আৰু ৰেডিঅ’আয়ডিন থেৰাপী বিভাগ উদ্বোধন

ByNaba Barta

Nov 9, 2024
Spread the love

নৱবার্তা গুৱাহাটী : অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ সৱল নেতৃত্ব, অত্যুৎসাহ আৰু বাস্তৱমুখী পদক্ষেপত ৰাজ্যৰ স্বাস্থ্যখণ্ডই অভিনৱত্ব লাভ কৰাৰ লগতে ৰোগী আৰু অভিভাৱকৰ আস্থা অর্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সুদূৰপ্ৰসাৰি পৰিকল্পনাত স্বাস্থ্যখণ্ডৰ আন্তগাঁথনিৰ আমুল পৰিৱৰ্তন সাধিত হৈছে। শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ্ চিটী হাস্পতালত অত্যাধুনিক যন্ত্র গামা কেমেৰা (Gamma Camera) আৰু ৰেডিঅ’আয়ডিন থেৰাপী বিভাগ উদ্বোধন কৰি সভাৰ মুখ্য অতিথি এৰিষ্ট ফাৰমাচিউটিকেল লিমিটেডৰ পৰিচালন সঞ্চালক উমেশ শৰ্মাই হেলথ্ চিটী হাস্পতালৰ ভূয়সী প্রসংশা কৰে।অত্যাধুনিক যন্ত্র গামা কেমেৰা বিজ্ঞানৰ এক উল্লেখনীয় অবদান। এই যন্ত্ৰটোৰ সহায়ত শৰীৰত বিয়পাই দিয়া তেজস্ক্রিয় পদাৰ্থক চিহ্নিত কৰিব পাৰি। মগজু, হৃদপিণ্ড, থাইৰয়েডগ্রন্থি আদিৰ বাহিৰেও নানা ৰোগৰ চিনাক্তকৰণকে আদি কৰি কৰ্কট ৰোগৰ চিনাক্তকৰণত গামা কেমেৰা ব্যৱহ্যত হয়।অন্যহাতে ৰেডিঅ’আয়দিন থেৰাপীৰ দ্বাৰা অতিসক্রিয় থাইৰয়েড আৰু থাইৰয়েড কেঞ্চাৰত তেজস্ক্রিয় আয়োডিন ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।গামা কেমেৰা আৰু ৰেডিঅ’আয়দিন থেৰাপী ( মেচিন উদ্ধোধন কৰি হেলথ্ চিটী হাস্পতালৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ ভৱানন্দ দাসে কয় যে হেলথ্ চিটী হাস্পতালত ডাঃ ভৱ দাস ফাউণ্ডেচনৰ উদ্যোগত এই মেচিন দুটাৰ উপস্থাপনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগী সকলক বৃহৎ সকাহ দিব লগতে যি সকল ৰোগী চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল সেই সকল ৰোগীয়ে এতিয়াৰ পৰা গুৱাহাটীৰ হেলথ্ চিটা হাস্পতালতে এই চিকিৎসা ব্যবস্থা কম খৰচতে আৰু সহজতে উপলব্ধ কৰিব পাৰিব।এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে হেলথ্ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক অধ্যাপক ডাঃ বি পি চক্ৰৱৰ্তী, শিক্ষা সেৱা সঞ্চালক অধ্যাপক ডাঃ বিজু চৌধুৰী, চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰৰ লগতে ডাঃ বিকাশ চৌধুৰী, ডাঃ বিভাস চন্দ্র গোস্বামী প্রমুখ্যে ভালে সংখ্যক চিকিৎসক উপস্থিত থাকে বুলি ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *