• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

হৃদৰোগৰ স্বাস্থ্য সজাগতাৰ মাহজোৰা কাৰ্যসূচীৰে জি এন আৰ চি হাস্পতালৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন

ByNaba Barta

Sep 28, 2024
Spread the love

.

“হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত, ব্যক্তিৰ মৃত্যু হয়”: বিশ্ব স্বাস্থ্য সংস্থা

জীৱন শৈলীৰ পৰিৱৰ্তন, অত্যধিক ধুম্ৰপান, শাৰীৰিক শ্ৰমৰ অভাৱে হৃদ ৰোগ বৃদ্ধিত ইন্ধন যোগাইছে-ডাঃ অনুপ বড়ো

নৱবার্তা গুৱাহাটী::জীৱন শৈলীৰ পৰিৱৰ্তন, অত্যধিক ধুম্ৰপান, শাৰীৰিক শ্ৰমৰ অভাৱে আদিয়ে হৃদ ৰোগ বৃদ্ধিত ইন্ধন যোগাইছে এইদৰে কয় হৃদৰোগ বিশেষজ্ঞ
ডাঃ অনুপ বড়োবে। শনিবাৰে জি এন আৰ চি দিছপুৰ হাস্পতালত ২৯ ছেপ্টেম্বৰত
বিশ্ব হৃদযন্ত্ৰ দিৱস উপলক্ষে অনুষ্ঠিত এখন সংবাদ মেলত হাস্পতাখনৰ হৃদৰোগ বিভাগৰ সঞ্চালক, হৃদৰোগ বিশেষজ্ঞ ডাঃ অনুপ বড়োৱে লগতে কয়- আজিকালি যিকোনো বয়সতে হৃদৰোগ হ’ব পাৰে। তাৰবাবে সৰুৰে পৰা নিজৰ হৃদয়খন সুস্থ কৰি
ৰাখিব লাগে। শিশুবোৰকো হাতত ম’বাইল ফোনটো হাতত দিয়াৰ পৰিৱৰ্তে খেলা-ধুলা কৰাৰ অভ্যাস গঢ় দিব লাগে।মেদ যুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ দিয়া অনুচিত।
চাপ মুক্ত জীৱন কটাবলৈ চেষ্টা কৰাৰ লগতে ফল-মূল, সেউজীয়া শাক-পাচলি খোৱাত গুৰুত্ব দিব লাগে। জ্যেষ্ঠসকলেও নিয়মীয়া ব্যায়াম কৰা উচিত।
উল্লেখ‍্য,২৯ ছেপ্টেম্বৰত বিশ্ব হৃদযন্ত্ৰ দিৱস উপলক্ষে জিএনআৰচি হার্ট ইনষ্টিটিউটে ২৬ বছৰীয়া অভিজ্ঞতাৰ সৈতে হৃদৰোগ, ইয়াৰ লক্ষণ, প্ৰতিৰোধ কৌশলৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এক ধাৰাবাহিক পদক্ষেপ আৰম্ভ কৰিছে। এইবাৰ বিশ্ব হৃদৰোগ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালে হৃদস্বাস্থ্যৰ বিভিন্ন দিশৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ বাবে এমাহজোৰা অভিযানৰ নেতৃত্ব দিছে।এই অভিযানৰ অংশ হিচাপে জিএনআৰচিয়ে সমগ্ৰ অঞ্চলটোৰ বিশিষ্ট প্রতিষ্ঠান আৰু সংস্থাসমূহৰ সহযোগত ধাৰাবাহিকভাৱে হৃদৰোগ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। মুঠ ১২টা এনে শিবিৰৰ আয়োজন কৰা হৈছিল য’ত ২,৩২০ জন লোকে এই সেৱা গ্ৰহণ কৰিছিল। এই শিবিৰসমূহে হৃদৰোগৰ আগতীয়া নির্ণয় আৰু প্ৰতিৰোধৰ গুৰুত্বৰ বিষয়ে সাধাৰণ জনতাক সচেতন কৰি তোলাত যথেষ্ট সহায় কৰিছে। ইয়াৰ উপৰিও জিএনআৰচি হাস্পতালে মাত্র ২৫৯৯ টকাত এক বিশেষ পেকেজ আজিৰ পৰা আৰম্ভ কৰিছে। এই পেকেজে সৰ্বসাধাৰণ ৰাইজক হৃদৰোগৰ সময়মতে উচিত চিকিৎসা পোৱা সহায় কৰিব।
জিএনআৰচি দিছপুৰত আজি অনুষ্ঠিত এক সংবাদমেলত হৃদৰোগ বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বড়োৰ লগতে জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ হবিবৰ ৰহমান, হৃদৰোগ বিশেষজ্ঞ ডাঃ শিল্পী লাহোটী, আৰু ডাঃ চন্দ্ৰ প্রকাশ ঠাকুৰ আৰু ডাঃ জয়ন্ত কুমাৰ গগৈয়ে, উত্তৰ-পূব ভাৰতত হৃদৰোগৰ স্বাস্থ্যৰ প্ৰসাৰৰ বাবে চিকিৎসালয়খনৰ অব্যাহত থকা প্রচেষ্টা সন্দর্ভত সংবাদ মাধ্যমক সম্বোধন কৰে।
ডাঃ ৰহমানে আৰু কয় যে, “ভাৰতত হৃদৰোগ মৃত্যুৰ অন্যতম কাৰণ। আমাৰ এমাহজোৰা পদক্ষেপৰ লক্ষ্য হৈছে সজাগতা সৃষ্টি কৰা, জনসাধাৰণক কেতিয়াও আওকাণ কৰিব নোৱাৰা লক্ষণসমূহৰ বিষয়ে সজাগ কৰা, আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু সঠিক জীৱন যাপনেৰে প্ৰতিৰোধমূলক যত্নক উৎসাহিত কৰা।”

Leave a Reply

Your email address will not be published. Required fields are marked *