• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

সাংস্কৃতিক সঞ্চালকালয়ৰ প্রতিষ্ঠা দিৱস উদ্ যাপন

ByNaba Barta

Nov 16, 2024
Spread the love

সাংস্কৃতিক সঞ্চালকালয়ৰ প্রতিষ্ঠা দিৱস উদ্ যাপন

নৱবাৰ্তা গুৱাহাটী : সংস্কৃতি উত্তৰণৰ দিশত গতি কৰা জীবনৰ এক অভিনন্দিত পদক্ষেপ। জনজীবনক এই পদক্ষেপেৰে লৈ যোৱাৰ মানসেৰে ১৯৭১ চনৰ ১ নবেম্বৰত অসম চৰকাৰে সুকীয়াকৈ প্ৰতিষ্ঠা কৰা সাংস্কৃতিক সঞ্চালকালয়ে ৫৩ টা গৌরবোজ্জল বর্ষ অতিক্রম কৰিলে। শনিবাৰে গুৱাহাটীৰ ৰবীন্দ্র ভবন প্রাংগণত সাংস্কৃতিক সঞ্চালকালয়ৰ প্রতিষ্ঠা দিবস অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ প্রতিষ্ঠা দিবসৰ বিশেষ অংশ ৰূপে দিনৰ ৩:০০ বজাৰ পৰা সুৱদি সুৰীয়া অসমীয়া ভাষা আৰু ধ্রুপদী মর্যাদা শীর্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আলোচনা চক্রত উপস্থিত থাকি বিশিষ্ট লেখক-গবেষক ড০ উপেন ৰাভা হাকাচামে অসমীয়া ভাষাৰ ব্যৱহাৰিক দিশ আৰু শব্দৰ ব্যৱহাৰ সম্পর্কে ব্যাখ্যা দাঙি ধৰে। নলবাৰীৰ বৰভাগ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড০ নমিতা দেবীয়ে অসমীয়া ভাষা আৰু সংস্কৃতিৰ ইতিহাসৰ বিষয়ে আলোকপাত কৰে। লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব আৰু ভাষা প্রযুক্তিবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক ড০ অৰূপ কুমাৰ নাথে ধ্রুপদী মৰ্যাদা লাভৰ পাছত অসমীয়া ভাষাটোৰ অধিক প্ৰসাৰৰ বাবে আমাৰ কি কৰণীয় সেই বিষয়ে বক্তব্য আগবঢ়ায়। বিশিষ্ট লেখক-সাংবাদিক নৱ ঠাকুৰীয়াই অনুষ্ঠানটিৰ সঞ্চালনা কৰে। আৰম্ভণিতে সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক ৰাহুল চন্দ্র দাসে আদৰণী ভাষণ প্রদান কৰে। অনুষ্ঠানত বিশিষ্ট অভিনেত্রী মলয়া গোস্বামী, বিশিষ্ট সংগীত শিল্পী মনিষা হাজৰিকা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰাক্তন আয়ুক্ত সচিব স্বপ্ননীল বৰুৱাও উপস্থিত থাকে। উপস্থিত সকলোকে সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা ফুলাম গামোছা, অংগবস্ত্র, স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে সম্বর্ধনা জনোৱা হয়। লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ কেবাগৰাকী কৰ্মচাৰীয়ে গীত পৰিবেশন কৰে। আমন্ত্রিত শিল্পী প্রবীণ বৰাৰ গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমাৰ কেবাগৰাকী প্রাক্তন সঞ্চালক আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *