• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

সদৌ অসম নগা কল্যাণ সমাজৰ সংবাদমেল

ByNaba Barta

Oct 18, 2024
Spread the love

তিনিচুকীয়াৰ লিডু ৰ পাহাৰপুৰ চেমা নগা গাঁৱত লাইকাধদীয়া অঞ্চলৰ বানপীড়িত লোকক সংস্থাপন কৰা বিৰোধীতা

অনাগত দিনত যাতে জাতিগত সংঘৰ্ষৰ সৃষ্টি নহয় তাৰবাবে চৰকাৰক আহ্বান

অসম আৰু নগালেণ্ডৰ
সীমা সমস্যা শান্তিৰে সমাধান হ’ব লাগে

‘নৱবার্তা গুৱাহাটী:তিনিচুকীয়াৰ লিডু ৰ পাহাৰপুৰ চেমা নগা গাঁৱত লাইকাধদীয়া অঞ্চলৰ বানপীড়িত লোকক সংস্থাপন কৰাত তীব্ৰ বিৰোধীতা কৰিছে
সদৌ অসম নগা কল্যাণ সমাজে। সমাজৰ উদ্যোগত
বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজ্যিক মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত চমফা ৱাংচুৱে
এনেদৰে কয়। তেওঁ লগতে কয়- এই সন্দৰ্ভত আমাৰ সৈতে কোনো ধৰণৰ আলাপ আলোচনা কৰা হোৱা নাছিল।বান পিড়িত চেমা নগা তিনিচুকীয়াৰ
অসম আৰু নগালেণ্ডৰ সীমা সমস্যা শান্তিৰে সমাধান হোৱাটো আমি বিচাৰো।
অসম আৰু নগালেণ্ডৰ সীমা সমস্যা শান্তিৰে সমাধান হ’ব লাগে। লিডু মালুগাৱত ক’ল ইণ্ডিয়াই ডাম্পিঙ গ্ৰাউণ্ড কৰাৰো আমি বিৰোধীতা কৰিছোঁ। লগতে কাৰ্বিআলং জিলাৰ নগা অধ্যুষিত অঞ্চলত বাঘ্ৰ্য প্ৰকল্প আচঁনিৰো বিৰোধীতা কৰিছোঁ। আমি
অতীজৰে পৰা শান্তিৰে অসমত বসবাস কৰি আহিছোঁ। এই কাৰ্যসূচী চৰকাৰক পৰিহাৰ কৰিবলৈ আমি আহ্বান জনালোঁ। অনাগত দিনত যাতে জাতিগত সংঘৰ্ষৰ সৃষ্টি নহয় তাৰে কামনা কৰিলোঁ।
ৰেংমা নগা ৰ ভূমি অধিকাৰত আমাৰ পৰিচয় এতিয়া সংকটৰ গৰাহত পৰিছে। ব্ৰাঘ্ৰ‍্য সুৰক্ষা প্ৰকল্প, বৰাক ভেলী অঞ্চলত বনগাঁও বোৰক বন আইনৰ অধীনত যাতে ভূমি পট্টা দিয়ে।
আমি ৰাজনৈতিক বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছোঁ, বৈষম‍্য, সামাজিক,অৰ্থনৈতিকভাৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। আমাৰ স্বীকৃতিৰ ক্ষেত্ৰতো।অসমৰ ১২ খন জিলাত আমাৰ প্ৰায় ২লাখ নগা লোক ক্ৰমে ৯ টা নগা জনগোষ্ঠী ক্ৰমে আও, কন্যাক, ওৱাঞ্চ, ৰেংমা, নক্তে, চেমা , টাংছা, ৰংমাই, লুথা, যুমে সকলে অসমৰ ১২ খন জিলাত বসতি স্থাপন কৰি আহিছে।
। আমি এছ টি হিল্ চ ৰ মৰ্যদা পাওঁ যদিও আমি বহু সমস্যাৰে জৰ্জৰিত আমি ৰাজনৈতিকভাবেও উপেক্ষিত।আমাৰ বিভিন্ন সমস্যাকলৈ আজি এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।
লগতে নগা সমাজৰ কেইবাটাও সমস্যা সমাধানৰ বাবে আমি চৰকাৰক দাবী জনাইছো।তিনিচুকীয়া জিলাৰ লিডুৰ পাহাপুৰ ছেমা নগা গাঁও অধ্যুষত অঞ্চলত কোনো ধৰনৰ সংস্থাপনৰ ব্যবস্থা নকৰিবলৈ তথা ফৰেষ্ট ডেপাৰমেণ্টে যি ই টেণ্ডাৰ জাৰী কৰা হৈছে তাক প্ৰত্যাহাৰ কৰা, লিডু অঞ্চলৰে অইন এখন মালোঁ গাঁও যত কল ইণ্ডিয়া কোম্পানীযে অন্যায়ভাৱে কোনো পুণৰ সংস্থাপনৰ বিকল্প নকৰাকৈ গাঁও অধ্যুষত অঞ্চলত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে তাক বিৰুদ্ধাচৰণ কৰাৰ লগতে অনতিপলমে প্ৰভাৱিত গাঁওৰ নিবাসী সকলৰ পুণৰ সংস্থাপন প্ৰদান আৰু ডাম্পিং বন্ধকৰণৰ বাবে দাবী জনায়। কাৰ্বি আংলংৰ ৰেংগমা নগাসকলৰ বসতি তথা ঝুমখেতিকৰা অঞ্চলত অসম চৰকাৰৰ বন বিভাগে যি ব্যাঘ সুৰক্ষা প্ৰকল্প (Tiger Reserve Forest) হাতত লোৱা হৈছে তাক পুণৰ বিবেচনা কৰি এই ঐতিহ্যমণ্ডিত ৰেংমা নগা পাহাৰ সুৰক্ষাৰ সম্পৰ্কে আলাপ আলোচনা কৰে। অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত non-cadastral, non-revenue village তথা ফৰেষ্ট ভিলেজ সমূহক ৰাজহ গাঁও হিচাপে ঘোষনা কৰা লগতে ফ্ৰৰেষ্ট এক্ট, ২০০৬ অধীনত ভূমি পত্তা প্ৰদান ইত্যাদি সন্দৰ্ভত আলোচনা কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।’ সংবাদ মেলত সমাজৰ সা: সম্পাদক মণ্টো কন্যাক,সহকাৰী সম্পাদক কান্তি জে ৰেংমা,উপ- সভাপতিজামু পাও কবু,
উপদেষ্টা কেনিল ৰেংমাৰ লগতে
অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *