• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

সদৌ অসম কলবাৰ সমাজৰ উদ্যোগত স্বাধীনতা দিৱস পালন

ByNaba Barta

Aug 16, 2024
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী,১৬ আগষ্ট: সদৌ অসম কলবাৰ সমাজৰ উদ্যোগত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন বিভিন্ন কাৰ্যসূচীৰে সমাজৰ গুৱাহাটীৰ বৰাগাঁওস্থিত নিজা কাৰ্যালয়ত পালন কৰা হয়। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে সমাজৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ
অধ্যক্ষ সন্তোষ জয়ছোৱালে। তাৰপাছত গছপুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয়।স্বাধীনতা দিৱস উপলক্ষে চমু অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সমাজৰ কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ সন্তোষ জয়ছোৱালে কয়-এতিয়া আমি প্ৰকৃত স্বাধীনতা লাভ কৰিছোঁ। আমাৰ বাবে দেশ প্ৰথম।’সমাজৰ য়ুৱ অধ্যক্ষ সাজন চৌধুৰীয়ে কয়-সমাজকর্মী প্ৰয়াত চন্দ্ৰ কান্ত জয় ছোৱালৰ ভূমিখিনি আমাৰ কাৰ্যালয়ৰ বাবে ভূমি দান কৰি গৈছে। তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ নামতেই এই ভৱন নিৰ্মাণ হ’ব। অহা বছৰ আমাৰ নিজা ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছোঁ।
লগতে জয়ছোৱালৰ পৰিয়ালবৰ্গক ধন্যবাদ জনালোঁ।অনুষ্ঠানত সমাজকর্মী
দ্বীপান্বিতা জয়ছোৱাল,সমাজৰ গুৱাহাটী শাখাৰ অধ্যক্ষ ৰাজু চৌধুৰী, সমাজৰ মহিলা সমিতিৰ অধ্যক্ষ সুশমা কলবাৰৰ, সীমা জয়ছোৱাল, সবিত্ৰী দেৱী চৌধুৰী, কার্যবাহী অধ্যক্ষ ৰামসৰোবৰ চৌধুৰী, ৰমেশ জয়ছোৱাল, সম্ভূ চৌধুৰী, মহেশ চৌধুৰী,ৰাজু চৌধুৰী, মনোজ চৌধুৰী, শিৱশংকৰ চৌধুৰী, জয়কুমাৰ জয়ছোৱালৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *