• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ‘সাংস্কৃতিক সংগম’ শীর্ষক ভাৰত আৰু বাংলাদেশৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

ByNaba Barta

Sep 16, 2024
Spread the love

নৱবার্তা গুৱাহাটী,:ভাৰতবৰ্ষ আৰু বাংলাদেশৰ সাংস্কৃতিক সামগ্রীক সমন্বয় তথা কলা সংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰখাৰ উদ্দেশ্যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা বীথিকাত ‘সাংস্কৃতিক সংগম’- ‘কালচাৰেল কনফ্লুৱেন্স’ শীর্ষক এখনি চিত্র প্রদর্শনী দেওবাৰৰ পৰা ২৬ ছেপ্তেম্বৰলৈকে আয়োজন কৰা হৈছে। উক্ত চিত্রপ্রদর্শনীখন দেওবাৰে বিয়লি ৪ বজাত উদ্বোধন কৰে মুখ্য অতিথি
বাংলাদেশৰ গুৱাহাটীস্থ সহকাৰী উচ্চায়ুক্ত ৰাহুল আমিনে। অনুষ্ঠানত।
সন্মানীয় অতিথি হিচাপে নতুন দিল্লীৰ ললিত কলা একাডেমীৰ অধ্যক্ষ
ভি নাগদাস, বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব
মনিদীপা বৰকটকী, বিশিষ্ট অতিথি হিচাপে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, নতুন দিল্লীৰ আৰ্ট কনছাল্টৰ সঞ্চালক আৰু আৰ্ট এণ্ড ডিলৰ প্ৰকাশক
সিদ্ধাৰ্থ ঠাকুৰ, ঢাকাৰ গেলেৰী কায়াৰ সঞ্চালক গৌতম চক্ৰৱৰ্তী আদি উপস্থিত থাকে। এই চিত্র প্রদর্শনীখনত ভাৰতবৰ্ষ আৰু বাংলাদেশৰ প্ৰখ্যাত চিত্রশিল্পীসকল প্রয়াত শোভা ব্রহ্ম, বেণু মিশ্র, প্রয়াত নীলপৱন বৰুৱা, কে জি সুব্রমণিয়াম, প্রবীন কুমাৰ নাথ, শোভাকৰ লস্কৰ, গৌতম চক্ৰৱৰ্তী, জয়নাল আবেদিন, আনন্দময় বেনার্জি, আখতাৰ জাহানকে আদি কৰি সৰ্বমুঠ ৩০ গৰাকী বিশিষ্ট চিত্রশিল্পীৰ চিত্ৰশিল্প প্রদর্শন কৰা হৈছে।
এই চিত্র প্রদর্শনীখনৰ জৰিয়তে দুয়োখন চুবুৰীয়া দেশ ভাৰতবৰ্ষ আৰু বাংলাদেশৰ চিত্ৰশিল্প তথা কলা-সংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰখাৰ লগতে দুয়োখন দেশৰে কলা সংস্কৃতিক ক্ষেত্র তথা সামগ্রীক দিশত সমন্বয়ৰ সেঁতু গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *