• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শিক্ষা সমতাৰ বাবে স্থানীয় লোকৰ কণ্ঠ সম্প্ৰসাৰণৰ উদ্দ্যেশে শিক্ষা সম্বাদৰ উত্তৰ-পূৰ্বত ভুমুকি

ByNaba Barta

Apr 26, 2025
Oplus_131072
Spread the love

বেংগালুৰুৰ পৰা পাটনালৈ, শিক্ষা সম্বাদে এতিয়া সহযোগিতাৰ মাধ্যমেৰে শিক্ষা খণ্ডত প্ৰণালীগত পৰিৱৰ্তনৰ বাবে অসমলৈ ও ৰূপান্তৰৰ আলোচনা কঢ়িয়াই লৈ আহিছে।

নৱবার্তা গুৱাহাটী: শিক্ষা সমতাৰ বাবে উৎকৰ্ষিত ৰাইজৰ আন্দোলন শিক্ষাগ্ৰহৰ পদক্ষেপমূলক আঁচনি শিক্ষা সম্বাদে পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বত ভুমুকি মাৰিছে, যিয়ে ৰাজহুৱা শিক্ষা খণ্ড ৰ আলোচনা, সহযোগিতা আৰু সামুদায়িক উন্নয়নৰ স্বাৰ্থত এক শক্তিশালী স্থানৰ মুকলি কৰে। অসমৰ গুৱাহাটীত অনুস্থিত এই সংস্কৰণে পুৰ্বে বেংগালুৰু, মুম্বাই আৰু পাটনাত অনুস্থিত হোৱা সমাৱেশৰ গতি অব্যাহত ৰাখে আৰু ভাৰতবৰ্ষৰ শিক্ষা সমতাৰ যাত্ৰাত উত্তৰ-পুৰ্বৰ কণ্ঠ আৰু বাস্তৱিকতাই যে এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে সেয়া দেখিবলৈ পোৱা গ’ল।

আলোচনা আৰু সহযোগিতাৰ এখন মঞ্চ
শিক্ষা সম্বাদৰ গুৱাহাটী সংস্কৰণে চিন্তাৰ দুৱাৰ মুকলি কৰিব পৰা আলোচনা আৰু অঞ্চলটিৰ শক্তিশালী দৃষ্টিভংগী উপস্থাপন কৰে। অনুষ্ঠানটি মুকলি কৰে টাটা ইনষ্টিটিউডৰ অৱ স’চিয়েল চায়েন্সৰ অধ্যাপক ড° প্ৰদীপ ৰামৱথ জয়নাইক, উত্তৰ-পুব আৰু মধ্য ভাৰত এইচডিএফচি বেংকৰ চিএসআৰ ৰ আঞ্চলিক প্ৰধান বিকাশ কুমাৰ আৰু নাগাএড ৰ সহ-প্ৰতিষ্ঠাতা কেৱি সাটো ৰ মাজৰ এক অনানুষ্ঠানিক আলোচনাৰে, য’ত উত্তৰ-পুবৰ শিক্ষা সম্বন্ধে ভৱিষ্যতৰ আঁচনি সম্বন্ধে আলোকপাত কৰা হয়।

“সংকটত শিশুকাল – প্ৰত্যাহ্বান আৰু সমাধান” এক আলোচনাত কেইবাগৰাকীও আগৰণুৱা ব্যক্তি অময়া ৰ সহ-প্ৰতিষ্ঠাপক আৰ কে পল চৌনী, মাজুলীৰ হামিংবাৰ্ড স্কুলৰ অধ্যক্ষ শ্ৰেয়া ৰক্ষিত, মৰিগাঁও ডায়েট ৰ অধ্যক্ষ কিশোৰ কুমাৰ দাস, আৰু বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিশেষজ্ঞ ড° নিৰঞ্জন ইসলাৰি য়ে সমল আলোচনা আগবঢ়াই য’ত অঞ্চলটিৰ শিশুসকলে মুখামুখী হ’বলগা বিভিন্ন সমস্যা আৰু সহযোগিতাৰে আগবাঢ়িবলৈ সমাধান সম্পৰ্কে আলোচনা কৰা হয়।

এই আলোচনাত, এইচডিএফচি বেংকৰ বিকাশ কুমাৰে শিক্ষাগ্ৰহ আন্দোলনটিৰ কেইবাটাও মূল্যৱান দিশ মুকলি কৰে – জিলা পৰিচালনা নিৰ্দেশাৱলী আৰু সামুহিক ক্ৰিয়া-কলাপৰ তালিকা উন্মোচন কৰে, য’ত তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাৱ বৃদ্ধি সম্পৰ্কত গুৰুত্ব দিয়া হৈছে। এই আহিলা সমুহ প্ৰস্তুত কৰা হৈছে যাতে সংগঠনসমুহে আৰু জিলা বিষয়াসকলে সহযোগিতাৰে কাম কৰিব পাৰে আৰু পদক্ষেপসমুহ সফল পৰিকল্পনা, স্থানীয়ভাৱে শিপাই থকা, আৰু সম্প্ৰসাৰিত হোৱাত নিশ্চিত প্ৰদান কৰিব পাৰে। ২০২৩ চনত মুকলি কৰা শিক্ষাগ্ৰহ আন্দোলনে ভাৰতবৰ্ষৰ দহ লাখ চৰকাৰী বিদ্যালয়ৰ উন্নয়নৰ লক্ষ্য আগত ৰাখিছে, প্ৰত্যেক স্তৰতে নেতৃত্বক উদ্‌গনি আৰু বিভিন্ন সমলসমুহৰ মাজত সামুহিক পদক্ষেপ লৈ দেশৰ শিশুসকলৰ সম্ভাৱনা বৃদ্ধিৰ বাবে সৰ্বাংগীন শিক্ষণ পৰিৱেশৰ সৃষ্টি কৰিবলৈ উৎসাহ প্ৰদান কৰিছে।

“শিক্ষাগ্ৰহৰ দৰে আন্দোলনবোৰে কেৱল বিদ্যালয় সলনি কৰা নাই, এইবোৰে ৰাজহুৱা শিক্ষা খণ্ড পৰিৱৰ্তনৰ বাবে আমি কেনেদৰে কাম কৰো তাক পুনৰাই গঠন কৰিছে। এইচএফচি বেংকত, আমি গৰ্বিত যে আমি সমুদায়ক শক্তিশালী কৰিব পৰা উদ্যমক সহায় কৰিব পাৰিছো যিয়ে শিক্ষাক নতুনকৈ কল্পনা কৰিবলৈ আগবঢ়াই নিছে” কুমাৰে উল্লেখ কৰে।

প্ৰভাৱ আৰু নিৰ্দেশনা
এই পদক্ষেপৰ অধীনত, এইচডিএফচি বেংক চিএসআৰ ৰ অৰ্থনৈতিক সহযোগিতাত বিদ্যালয় উন্নয়ন প্ৰকল্পই নাগালেণ্ড আৰু মেঘালয়ৰ চাৰিখন জিলাৰ আন্তঃগাঁঠনি আৰু শিক্ষণ পৰিৱেশ উন্নয়নৰ লক্ষ্য বান্ধি লৈছে যাৰ দ্বাৰা প্ৰায় ডেৰ লাখ শিশু লাভান্বিত হ’ব। এই তিনি বছৰীয়া পদক্ষেপটিয়ে শিশুসকলৰ বাবে সবল পৰিৱেশ প্ৰদান কৰিবলৈ শ্ৰেণীকোঠা, পৰিচ্ছন্নতা আৰু শিক্ষণ পৰিৱেশ উন্নয়নক গুৰুত্ব প্ৰদান কৰিছে।

এই আন্দোলনটিয়ে ৰাজহুৱা শিক্ষা খণ্ডৰ প্ৰত্যাহ্বানসমুহৰ সৈতে মোকাবিলা কৰিবলৈ অঞ্চলটিৰ চৰকাৰ, নাগৰিক সমাজ আৰু সামুদায় সমলসমূহক একত্ৰিত কৰিছে। অসমস্থিত, নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটি অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট য়ে বুনিয়াদী সাক্ষৰতা আৰু গণিতৰ কাৰ্যকৰী জ্ঞান বিষয়ত কাম কৰি আছে টিচিং লাৰ্নিং মেটেৰিয়াল বিকাশ আৰু প্ৰভাৱশালী ব্যৱহাৰৰ দ্বাৰা। ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ দ্বাৰা, নাগালেণ্ডত নাগাএড এ ডিজিটেল শিক্ষা, শিক্ষণ প্ৰশিক্ষণ, শিক্ষা ত এআই আদি বিষয়ত কাম কৰি আছে আৰু ডিজিটেল বিভাজন সংকুচিত হোৱাত আৰু শিক্ষক আৰু শিক্ষাৰ্থীক প্ৰয়োজনীয় দক্ষতাৰে সাজু হ’বলৈ সবল কৰিছে। নাগালেণ্ডৰ বিদ্যালয় শিক্ষা বিভাগ আৰু শিক্ষা-লোকমৰ দ্বাৰা যুটীয়াভাৱে অনুষ্ঠিত সাক্ষৰতা আৰু গাণিতিক শিক্ষা উৎসৱত বুনিয়াদী শিক্ষাৰ বিকাশৰ বাবে ৫০০০ তকৈ ও অধিক শিক্ষকৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে। মেঘালয়ত, শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ বিভাগৰ সৈতে মন্ত্ৰা ফ’ৰ্‌ ছেঞ্জ ৰ সহযোগিতাই ক্লাছ ৰেডিনেছ পোগ্ৰেম মুকলি কৰে, যিয়ে শিক্ষাৰ্থীৰ শ্ৰেণী পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত সহায় আগবঢ়াব। অৰুণাচল প্ৰদেশস্থিত আইএফইটি য়ে শিক্ষকৰ সংখ্যা বৃদ্ধি, শৈক্ষিক হস্তক্ষেপৰ লক্ষ্যৰে আৰু প্ৰদৰ্শন মূল্যাংকণৰে আৰু আন্তঃগাঁথনি উন্নয়নৰে শিক্ষাৰ্থীসকলক সহায় কৰি আছে।

ভৱিষ্যতৰ পৰিকল্পনা
শিক্ষা সম্বাদ গুৱাহাটীয়ে উত্তৰ-পূবত আলোচনা আৰু সহযোগিতাৰ মাধ্যম হিচাপে কাৰ্যক্ষম হৈ আছে। বিভিন্ন অংশীদাৰীসকলক একত্ৰিত কৰি অনুষ্ঠানটিয়ে অঞ্চলটিৰ শিক্ষা সমতা বাবে স্থায়ী সমাধানেৰে উদ্দ্যেশে ভেঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে।
সন্তোষ মোৰে, মন্ত্ৰা ফ’ৰ চেঞ্জ ৰ সহ-প্ৰতিষ্ঠাপক য়ে কয়, “শিক্ষা সম্বাদে প্ৰমাণ কৰিলে যে যেতিয়া স্থানীয় কণ্ঠই কেন্দ্ৰীয় ভুমিকা লয়, তেতিয়া প্ৰকৃত পৰিৱৰ্তনৰ পথ মুকলি হয়। এই আলোচনাই অঞ্চলটিত আশাৰ সঞ্চয় আৰু কৰ্ম দক্ষতাক একেলগে বান্ধিবলৈ সক্ষম হৈছে। সমাজ, চৰকাৰ, বজাৰ আৰু সঞ্চাৰৰ সমুহীয়া প্ৰচেষ্টাৰে উত্তৰ-পুৰ্বাঞ্চলৰ চহকী বৈচিত্ৰময় পৰিৱেশ আৰু তৃণমূল পৰ্যায়ৰ উদ্যমী পদক্ষেপৰ দ্বাৰা ভাৰতবৰ্ষৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাক নতুনকৈ গঢ় দিয়াটো অতি গুৰুত্বপুৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *