• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

লণ্ডনৰ নেহৰু চেণ্টাৰত মৃদুস্মিতা দাস বৰাৰ নেতৃত্বত সত্ৰীয়া নৃত্য প্ৰদৰ্শন

ByNaba Barta

Apr 12, 2025
Spread the love

‘নৱবার্তা গুৱাহাটী : ভাৰতীয় উচ্চায়ুক্তৰ লণ্ডনস্থিত সাংস্কৃতিক শাখা নেহৰু চেণ্টাৰত ১১ এপ্ৰিলৰ দিনা সন্ধিয়া সত্ৰীয়া নৃত্যৰ এক মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সংগীত নাটক অকাডেমীৰ যুৱ পুৰস্কাৰ প্ৰাপক তথা আই চি চি আৰৰ বৃত্তি লাভ কৰা অসমৰ বিশিষ্ট সত্ৰীয়া নৃত্যৰ শিল্পী মৃদুস্মিতা দাস বৰা আৰু তেওঁৰ দলটোৱে গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য প্ৰদৰ্শন প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। তেওঁৰ লগত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা শিল্পী দুগৰাকী আছিল ক্ৰমে – আস্থা গোস্বামী আৰু নিষ্ঠা বৰ্মন। অনুষ্ঠানত উপস্থিত থাকি লণ্ডনত থকা ভাৰতৰ উপ-উচ্চায়ুক্ত সুজিত ঘোষে চমু ভাষণত লণ্ডনৰ নৃত্য অনুৰাগী আৰু অসমীয়াৰ লগতে তাত থকা ভাৰতীয় লোক সকলক এই সত্ৰীয়া নৃত্যই স্বাভাবিকতে আকৰ্ষিত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে আৰু মৃদুস্মিতা দাস বৰাসহ তিনিজনীয়া শিল্পীৰ দলটোক সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰে ভাৰতক গৌৰাম্বিত কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ পূৰ্বে উপস্থিত দৰ্শক সকলক অসমীয়াৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পঞ্চদশ শতিকাতে গঢ়ি তোলা ভক্তি আন্দোলন , বৈষ্ণব ধৰ্ম প্ৰচাৰ, আৰু অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ গুৰুজনাৰ অবদানৰ বিষয়ে প্ৰদৰ্শন কৰা হয়। একেদৰে নৃত্য শিল্পী মৃদুস্মিতা দাস বৰাই চমু ভাষণত ভাৰতীয় শাস্ত্ৰীয় নৃত্যত সত্ৰীয়া নৃত্যৰ স্থান, সত্ৰীয়া নৃত্যৰ স্বকীয়তা, গুৰুত্ব আদিৰ ওপৰত আলোকপাত কৰি পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে তেওঁৰ অমৰ সৃষ্টিৰে সত্ৰীয়া নৃত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল বুলি ব্যক্ত কৰে। ইফালে তিনিও গৰাকী শিল্পীৰ নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰা দৰ্শক সকলৰ বিপুল হাত চাপৰি আৰু উচ্চ প্ৰশংসাৰ মাজেৰে মনোজ্ঞ অনুষ্ঠানটোৰ সফল সামৰণি পৰে। উল্লেখ্য যে সত্ৰীয়া নৃত্যৰ সন্ধিয়াটো উপভোগ কৰিবলৈ লণ্ডনত থকা প্ৰবাসী অসমীয়া সকলৰ উপৰিও ভাৰতীয় উচ্ছায়ুক্তৰ আমন্ত্ৰণ ক্ৰমে বহু প্ৰবাসী ভাৰতীয় লোক উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *