নৱবার্তা গুৱাহাটী:গুৱাহাটীৰ লক্ষীধৰ বৰাক্ষেত্ৰত ট্ৰাইবেল কো-অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেন্ট ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেড (ট্ৰাইফেড)ৰ উদ্যোগত বুধবাৰৰ পৰা আৰম্ভ হৈছে ‘আদিবজাৰ’ মেলা। সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে এই মেলাৰ শুভাৰম্ভ কৰে। তেওঁ ভাষণত কয়-২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্ধন
বন্ধন বিকাশ কেন্দ্ৰ আৰম্ভ কৰিছিল। এনেকুৱা এখন বজাৰ পোৱাটো ভাগ্যৰ কথা।
উত্তৰ-পূৰ্বাঞ্চলত ।এনেকুৱা ৰং বিৰঙী কাপোৰ পোৱা যায়। জনজাতি লোকে দক্ষতাৰ বলত কাপোৰ বোৱাৰ লগতে খেতি বাতিৰ সৈতে জড়িত। অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সমগ্ৰ দেশৰ সৈতে সংযোগ কৰাৰ প্রয়াস অব্যাহত আছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চল প্রতিজন মন্ত্ৰীকে বাৰম্বাৰ ভ্ৰমণ কৰিবলৈ কয়। উত্তৰ-পূৰ্বাঞ্চলক এতিয়া অৱজ্ঞা কৰা নহয়। চৰকাৰে জনজাতিৰ উন্নয়নত অধিক গুৰুত্ব দিছে। স্বকীয়তা ৰখা উচিত। অসমৰ মৌ,,শ্বিলঙৰ হালধি নাম জনাজাত। সমগ্ৰ ৰাজ্যতে আদি মনোৎসৱ হ’ব। আজিকালি মানুহে ,হস্তজাত সামগ্ৰী ঘৰত সজাই ৰাখি ভালপায়।এই মেলাৰ সফলতা কামনা কৰিলোঁ। এই মেলা উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যলৈ যাতে লৈ যোৱা হয় তাৰে কাম কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক পাঁচখন শ্ৰেষ্ঠত্বৰ ৰাজ্যত তালিকাত আনিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে।’ উদ্বোধনী সভাত সন্মানীয় অতিথি ট্ৰাইফেডৰ
ব’ৰ্ড অৱ ডাইৰেক্টৰৰ সদস্য অভিজিত দেৱে কয়-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই মেলাত জনজাতীয় শিপিনী,ৱোৱানীসকলৰ হস্ত নিৰ্মিত সামগ্ৰী সমূহে এখন বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই মেলাৰ সফলতা কামনা কৰিলোঁ।’ সভাত বিশেষ অতিথি
আই আই ই গুৱাহাটীৰ সঞ্চালক ড০ ললিত শর্মাই কয়-আমি ট্ৰাইফেডৰ সৈতে বিগত ছয় সাত বছৰ ধৰি জড়িত হৈ আছোঁ। বন্ধন কেন্দ্ৰবোৰ আমি আগবঢ়াই লৈ যাম। আমি এটা সময়ত বন্ধন কেন্দ্ৰৰ পৰা উন্নত মানৰ সামগ্ৰী উলিয়াই আনিব পাৰিম।’ সভাত সন্মানীয় অতিথি টি আৰ আই, অসমৰ গৱেষণা বিষয়া ড০ অসীম বৰা, এন বি এইছ এম নগা লেণ্ডৰ টিম মেম্বাৰ
বাৰ্মা বৰ্ডাৰ পৰা অহা ফেম খেম, ট্ৰাইফেডৰ সহ সঞ্চালক প্ৰশান্ত গোস্বামীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ২৮ফেব্ৰুৱাৰীলৈ চলিব লগীয়া এই মেলাত ২৫খন বিপণীয়ে অংশগ্ৰহণ কৰিছে য’ত জনগোষ্ঠীয় ডিজাইনৰ সাজ পাৰ , বিভিন্ন হস্তনিৰ্মিত সামগ্ৰী উপলব্ধ হৈছে।
এই অনুষ্ঠানত যুৱ উদ্যোগী লক্ষেশ্বৰ নাথ, সমাজকর্মী জিতু হাজৰিকা আদিক সম্বৰ্ধনা জনোৱা হয়।
ট্ৰাইফেডৰ বিষয়া অভিজিত দত্তই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত ট্ৰাইফেডৰ বিষয়া
আচিফ ইকৱাল হুছেইনে শলাগৰ শৰাই আগবঢ়ায়।
লক্ষীধৰ বৰা ক্ষেত্ৰত ‘আদি বজাৰ’
