• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ স্বৰাজ ক’ডে মুকলি কৰিলে নতুন ট্ৰেক্টৰ যশ মেচিন

ByNaba Barta

Jun 21, 2024
Spread the love

নৱবার্তা গুৱাহাটী : মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ স্বৰাজ কোডে কৃষকৰ সুবিধাৰ্থে মুকলি কৰিলে ক্ষুদ্ৰ আকাৰৰ স্বৰাজ কোড ট্ৰেক্টৰ যশ মেচিন প্ৰিন্স ইলেক্ট্ৰনিকছ এণ্ড মেচিনেৰীৰ পৰিচালন সঞ্চালক শুভাজিৎ সিনহাই সাংবাদিকৰ আগত কয় যে এই ট্ৰেক্টৰৰ আকাৰ অতি সৰু হোৱাৰ বাবে ইয়াৰ খৰচো কম। আৰু ইয়াক পৰিবহণ কৰিবলৈ বিশেষ কষ্টৰ প্ৰয়োজন নহয়। পথাৰত ই প্ৰতি ঘণ্টাত ২ লিটাৰ পেট্ৰ’লত চলিব পাৰে। ইয়াত ভৰপূৰ টেংকিত ১০ লিটাৰ পেট্ৰল ভৰাই দিব পাৰি। ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ২৫ কিলোমিটাৰ। এই ট্ৰেক্টৰখন প্ৰয়োজন অনুসৰি ওপৰলৈ বা নমাই দিব পাৰি। আলু খেতিৰ বাবে আলু খেতিৰ মাজতো ইয়াক পোহা আৰু স্থানান্তৰ কৰিব পাৰি। চাৰি-পাঁচ বিঘা মাটি থকা মালিকৰ বাবে এই ট্ৰেক্টৰ যথেষ্ট সুবিধাজনক। তিনি লাখ মূল্যৰ এই ট্ৰেক্টৰখন কৃষকসকলে বহুত ভাল পাইছে। প্ৰিন্স ইলেক্ট্ৰনিক এণ্ড মেচিনেৰী এষ্টাব্লিছমেণ্টত উন্মোচনৰ সময়ত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ স্বৰাজ বিভাগ সংহিতাৰ পৰিচালক অমিত সিনহা আৰু প্ৰদৰ্শক অনিবেশ শৰ্মাও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *