• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ বিনামূলীয়া চিকিৎসা শিবিৰ # ২৫০ জনৰ যকৃতৰ ফাইব্ৰ’স্কেন-হৃদযন্ত্ৰৰ পৰীক্ষা# দৰৱ বিতৰণ#

ByNaba Barta

Jun 17, 2024
Spread the love

নৱবার্তা গুৱাাহাটী : মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে ৷ চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰে “দ্য হাৰ্ট”ৰ সভাপতি তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদক আৰু গেষ্ট্ৰ’ল’জিষ্ট ডাঃ সুমন তালুকদাৰে ৷ এই শিবিৰত আঢ়ৈশ বিভিন্ন বয়সৰ লোকৰ যকৃতৰ ফাইব্ৰ’স্কেন , লিপিট প্ৰ’ফাইল কৰাৰ উপৰি উচ্চ ৰক্তচাপ, মধুমেহ আৰু ই চি জিৰে হৃদপিণ্ড পৰীক্ষা কৰা হয় ৷ সমান্তৰালকৈ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাসকলৰ মাজত বিনামূলীয়াকৈ দৰৱো বিতৰণ কৰা হয় ৷ এই বিনামূলীয়া চিকিৎসা শিবিৰলৈ ৰাইজৰ সঁহাৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদকে ভৱিষ্যতেও চিকিৎসা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সদৰী কৰি সকলো পক্ষৰে সহ যোগিতা কামনা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *