• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বৰাগাৱত গ্ৰীভচ থ্ৰীহুইলাৰ কোম্পানীৰ বাহন মুকলি

ByNaba Barta

Jan 12, 2025
Oplus_131072
Spread the love

নাববার্তা গুৱাহাটী:
গুৱাহাটীৰ বৰাগাও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত শুকুৰবাৰে গ্ৰীভচ থ্ৰীহুইলাৰ কোম্পানীয়ে স্হানীয় ডিলাৰ “কনিকা অটোমোবাইল গ্ৰুপৰ“ সহযোগত এখন অত্যাধুনিক তিনিচকীয়া বৈদ্যুতিক বাহন Greaves Eltra City অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিক্ৰীৰ বাবে মুকলি কৰে ৷ এই বাহন মুকলি অনুস্হানত উপস্থিত থাকি কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় পৰিচালক আমিৰ ইকবালে কোম্পানীৰ হৈ গ্ৰাহকক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷ বাহনখনৰ বিষয়ে বাখ্যা আগবঢ়াই স্হানীয় ডিলাৰ কনিকা অটোমোবাইল গ্ৰুপৰ পৰিচালক কবিন্দ্ৰ ওজাই কয় যে বৈদ্যুতিক বাহনৰ এইটো শাখাত আতাইতকৈ বেছি এবাৰ চাৰ্জত ২২৫ কিলোমিটাৰ দাবী কৰে ৷ তাৰোপৰি ৫বছৰৰ ৱাৰেণ্টিৰ সৈতে বেটাৰীৰ বয়স ১০ বছৰ পৰ্যন্ত্য পাব পাৰে বুলি বাখ্যা কৰে ৷ ভাষণ প্ৰসংগত তেওঁলোকৰ দলগাও, লংকা, ধুবুৰী, আৰু গোৱালপাৰাত থকা শাখা সমুহৰ যৰিয়তে সমুহ গ্ৰাহকক উন্নত সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ ফাইনেন্স কোম্পানী যেনে শ্ৰীৰাম ফাইনেন্স লিমিটেড, মহিন্দ্ৰ ফাইনেন্স, আই ডি এফ চি ফাইনেন্স, মাফিন ফাইনেন্স আদি ফাইনেন্স কোম্পানীৰ বিষয়ববীয়া উপস্থিত থাকি গ্ৰাহকক সম্পূৰ্ণ বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *