• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বি বৰুৱা মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটৰ “মাই ভাৰত” পৰ্টেলৰ বাৰ্ষিকী উপলক্ষে তিনিদিনীয়া সমাজ সেৱা অনুষ্ঠান

ByNaba Barta

Oct 30, 2024
Spread the love

নৱবার্তা গুৱাহাটী :অক্টোবৰত বি বৰুৱা মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটৰ “মাই ভাৰত” পৰ্টেলৰ বাৰ্ষিকী উপলক্ষে তিনিদিনীয়া সমাজ সেৱা অনুষ্ঠিত হয়।

২৮ এই কাৰ্যসূচীৰ আৰম্ভণি হিচাপে ডা. ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত (BBCI) এন. এছ. এছ.ৰ স্বেচ্ছাসেৱকসকলে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক আৱশ্যকীয় সহায় আগবঢ়াই নৈতিক সমৰ্থন আৰু সঁহাৰি জনায়।

২৯ অক্টোবৰত এন. এছ. এছ. গোটে যানবাহন ব্যৱস্থাপনাৰ দ্বাৰা সামাজিক সেৱা অব্যাহত ৰাখে, য’ত স্বেচ্ছাসেৱকসকলে লতাশিল আৰু উজনবজাৰত স্থানীয় যান-বাহন কৰ্তৃপক্ষক সহায় কৰি যান-যটৰ সময়ছোৱাত ইয়াৰ বাবে স্থানীয় ৰাইজৰ প্ৰশংসা লাভ কৰে।

৩০ অক্টোবৰত এই কাৰ্যসূচীৰ সামৰণি অনুস্হান হিচাপে উলুবাৰী বজাৰ, পল্টনবজাৰ, ৰেহাবাৰী, আৰু ছলাপাৰা ৰোডত এক বৃহৎ পৰিসৰৰ চাফাই অভিযানৰ কায্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কুইন ওজা এই অনুষ্ঠানত উপস্থিত থাকে আৰু নিজেও এই পৰিস্কাৰ অভিযানত অংশগ্ৰহণ কৰি নতুন প্ৰজন্মৰ ইচ্ছাশক্তি আৰু পৰিশ্ৰমৰ স্বীকৃতি আগবঢ়াই।

বি. বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: সতেন্দ্ৰ নাথ বর্মনে এন. এছ. এছ. গোটৰ সমাজসেৱাৰ প্ৰতি থকা দায়িত্বশীল মনোভাৱৰ প্ৰশংসা কৰে আৰু পৰিৱেশ সুস্থিৰ কৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদানৰ স্বীকৃতি প্ৰদান কৰে। এই অনুষ্ঠানৰ পৰিকল্পক এন এছ এছৰ গোটৰ কায্যকৰী বিষয়া ড: সত্যব্ৰত বৰুৱাই সকলো কামৰ তদাৰক কৰে । ড: বৰুৱাই এন. এছ. এছ. গোটৰ সকলো কায্যসূচী সফল সমাপ্তিৰ বাবে স্বেচ্ছাসেৱকসকলক অভিনন্দন জনায় আৰু যুৱ সম্প্ৰদায়ৰ সক্রিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *