• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বিশিষ্ট কবি সমালোচক ৰবীন্দ্ৰ বৰাৰ মৃত্যু

ByNaba Barta

Aug 11, 2024
Spread the love

নৱবার্তা গুৱাহাটী : অসমৰ এগৰাকী বিশিষ্ট কবি, সমালোচক তথা গল্পকাৰ ৰবীন্দ্ৰ বৰাৰ আকস্মিক মৃত্যু৷ হৃদৰোগত আক্ৰান্ত হৈ ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে৷ ১৯৩৯ চনত মাকুমত জন্মগ্ৰহণ কৰা ৰবীন্দ্ৰ বৰাই ৰামধেনু যুগতে কবি হিচাপে আত্মপ্ৰকাশ কৰি অসমীয়া সাহিত্য জগতলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে৷ ১৪ খন কাব্যসংকলন, ৪ খন গল্পসংকলন, এখন উপন্যাসকে ধৰি বহু মূল্যৱান গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গ’ল ৰবীন্দ্ৰ বৰাই৷ তেখেতৰ উল্লেখযোগ্য কাব্যগ্ৰন্থৰ ভিতৰত আছে ’দীৰ্ঘদিনৰ প্ৰস্তুতিৰে’,’ নিৰ্বাসিত সময়’, ’শইচৰ মানুহ’,’ উত্তৰ প্ৰজন্ম’, ’ৰাতি ভাঙি আহে’, ’ক’ৰবাত ৰ’দৰ গান’, ’ৰ’দৰ চৰাই’ আদি৷ ’মই পৰ্যটক’ নামেৰে নতুন কাব্যগ্ৰন্থ এখন প্ৰকাশৰ পথত অাছিল৷ ৰবীন্দ্ৰ বৰাৰ প্ৰকাশিত গল্প সংকলন কেইখন হ’ল ’আলিদোমোজাত’, ’পূৰ্বাপৰ’, ’অকলশৰীয়া ভয়’ আৰু ’আকাশ য’ত হেৰালে’৷ ১৯৯৬ চনত প্ৰকাশ পায় বৰাৰ একমাত্ৰ উপন্যাস ’দ্ৰৌপদী’৷ অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল ৰবীন্দ্ৰ বৰাই সম্পাদনা কৰা অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ ’সাম্প্ৰতিক তৰুণৰ কবিতা’৷ অসম কবি সমাজৰ প্ৰাক্তন সভাপতি বৰাই ১৯৮৮ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল৷ ২০১২ চনত লাভ কৰিছিল অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা৷ এগৰাকী সমালোচক হিচাপে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ৰবীন্দ্ৰ বৰাই নতুন প্ৰজন্মক মাৰ্গদৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠাৰ বাট দেখুৱাই দিয়াত অহোপুৰুষাৰ্থ কৰিছিল৷ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ বৰাই পত্নী অঞ্জুলা ভূঞা বৰাৰ লগতে দুই কন্যা ভাস্বতী বৰা ৰাজগুৰু, গীতাৰ্থী বৰা, জোৱাই বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু কাৰ্টুনিষ্ট উৎপল বৰাৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ গৈছে৷ বৰাৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে অসমৰ সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *