নৱবার্তা –গুৱাহাটী : গুৱাহাটীৰ আমবাৰী ট্ৰেফিক ৰ’টাৰীৰ উত্তৰ দিশে নৱনিৰ্মীত পথচোৱা অসমৰ এগৰাকী সৰবৰহী ব্যক্তি তথা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ অন্যতম প্ৰতিস্থাপক সদস্য আৰু প্ৰাক্তন সভাপতি প্ৰয়াত দীপক কুমাৰ বৰঠাকুৰৰ নামত উৎসৰ্গিত কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই৷ নিউ আৰ্ট প্লেয়াৰ্ছৰ নৱনিৰ্মীত ভৱনৰ সন্মুখত ২০ ডিচেম্বৰ, ২০২৪ তাৰিখৰ দিনৰ ১০ বজাত আয়োজিত পথ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে সংঘৰ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্যই৷ সংঘৰ সভাপতি অজয় কুমাৰ দত্তই উপস্থিত ব্যক্তিসকলক আদৰণি জনায়৷ প্ৰয়াত বৰঠাকুৰৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত পুস্পাৰ্ঘৰে উপস্থিত বিশিষ্ট অতিথি সকলৰ লগতে সংঘৰ সদস্য সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানৰ মুখ্য অতিথি মেয়ৰ মৃগেন শৰণীয়া আৰু সন্মানীয় অতিথি ৱাৰ্ড কাউন্সিল ৰত্না সিংক সংঘৰ তৰফৰ পৰা সভাপতি গৰাকীয়ে গামোচা আৰু ফুলৰ থোপাৰে সন্মানিত কৰে৷
আনুষ্ঠানিকতাৰে কৰা পথ উন্মোচনীৰ ভাষন প্ৰসংগত মেয়ৰ শৰণীয়াই প্ৰয়াত বৰঠাকুৰৰ দৰে সংস্কৃতিবান অসমৰ এগৰাকী স্বনামধন্য ব্যক্তিৰ নামত গুৱাহাটী পৌৰ নিগমে এই পথচোৱা নামাকৰণ কৰিবলৈ সুযোগ দিয়াৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ লগতে এই ক্ষেত্ৰত নিউ আৰ্ট প্লেয়াৰ্ছে আগভাগ লোৱাৰ বাবে সদস্য সকলক প্ৰসংশা কৰে৷ অনুষ্ঠানৰ সন্মানীয় অতিথি ৱাৰ্ড কাউন্সিলৰ ৰত্না সিংৰ চমু ভাষনত প্ৰয়াত বৰঠাকুৰৰ দৰে ব্যক্তিক এই সন্মান দিয়াৰ বাবে সকলোৰে শলাগ লয়৷ পথ উন্মোচনী অনুষ্ঠানৰ শেষত সংঘৰহৈ কল্যাণ কুমাৰ দাসে শলাগৰ শৰাই আগবঢ়ায়৷