নৱবার্তা গুৱাহাটী: তৃতীয় বাৰ্ষিক কল্পনা দাস সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা শনিবাৰে গুৱাহাটীৰ খাৰঘুলিৰ উন্নয়ন সমিতিৰ সভাগৃহত অনুষ্ঠিত হয়। এইবাৰ প্ৰতিযোগিতাত ছয় টা দলে অংশগ্ৰহণ কৰে। এইবছৰ শ্ৰেষ্ঠ নাট্যদলৰ খিতাপ লাভ কৰে কলিয়াবৰৰ ‘শিল্পচ’ৰা’ নাট্যদলে। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ খিতাপ লাভ কৰে ক্ৰমে দেৰগাঁৱাৰ ‘দাধৰীয়া’ আৰু কটনিয়ান নাট্য সমাজ গুৱাহাটীয়ে। আনহাতে গুৰুত্বপূৰ্ণ শিতানত শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰীৰ বঁটা লাভ কৰে ক্ৰমে কৌশিক কিশোৰ হাজৰিকা আৰু আকাংস্মিতা মহন্তই। লগতে এই শিতানত দ্বিতীয় শ্রেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হয় অভিনেতা কিশোৰ পাঠক আৰু অভিনেত্ৰী অনিন্দিতা দাসে। আনহাতে শ্ৰেষ্ঠ নাট পৰিচালকৰ বঁটা গ্ৰহণ কৰে জয়ন্ত জিন ফুকনে আৰু শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা গ্ৰহণ কৰে ভূপেন্দ্ৰ নাথ হাজৰিকাই। সেইদৰে বিচাৰকৰ সু বিচাৰেৰে উদ্ গনিমূলক বঁটা লাভ কৰে বুলেন্দ্ৰ বৰ্মনে।
তৃতীয় বাৰ্ষিক কল্পনা দাস সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
