• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়পিআইবিৰ উদ্যোগত ৬দিনীয়া মিডিয়া ভ্ৰমণৰ কাৰ্যসূচীৰে তামিলনাডুলৈ যাত্ৰা কৰিব অসমৰ ১৩ গৰাকী সাংবাদিকৰ দলে

ByNaba Barta

Sep 8, 2024
Oplus_131072
Spread the love

প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, গুৱাহাটীৰ উদ্যোগত অসমৰ আগশাৰীৰ সংবাদমাধ্যমৰ ১৩ গৰাকী সাংবাদিকৰ প্ৰতিনিধি দল এটাই ছদিনীয়া সংবাদমাধ্যম সম্পৰ্কীয় ভ্ৰমণৰ কাৰ্যসূচীৰে তামিলনাডুলৈ যাত্ৰা কৰিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে সমগ্ৰ তামিলনাডুৰ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আৰু উল্লেখনীয় স্থানসমূহৰ বিষয়ে সংবাদ মাধ্যমক এক ব্যাপক ধাৰণা তথা জ্ঞান প্ৰদান কৰা। ছপা, ইলেক্ট্ৰনিক, ডিজিটেলৰ লগতে ছ’চিয়েল মিডিয়াক প্ৰতিনিধিত্ব কৰা সাংবাদিকৰ দলটোৱে ৯ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ তামিলনাডুত থাকিব।

এই ভ্ৰমণে সামৰি লোৱা ছদিনৰ ভিতৰত সংবাদমাধ্যমৰ প্ৰতিনিধিৰ দলটোৱে চেন্নাই বন্দৰত আই এন এছ বিট্ৰাত ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ কাম-কাজ সন্দৰ্ভত বিস্তৃত জ্ঞান লাভ কৰিব পাৰিব। সাংবাদিকৰ দলটোৱে চেন্নাই মেট্ৰ’ৰ কাম-কাজো পৰ্যবেক্ষণ কৰিব, শ্ৰীহৰিকোটাস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) আৰু পেৰাম্বুৰত থকা সংহত দবা নিৰ্মাণ কাৰখানা ( আইচিএফ)ত উন্নত ৰেল প্ৰযুক্তিৰ বৈশিষ্ট্যযুক্ত বন্দে ভাৰত ৰে’লৰ যাৱতীয় সংলগ্নকৰণ প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিব। সাংবাদিকৰ দলটোৱে কল্পকাম্মত থকা মাদ্ৰাজ পাৰমাণৱিক শক্তি কেন্দ্ৰও পৰিদৰ্শন কৰিব। ইয়াৰ উপৰি প্ৰতিনিধি দলটোৱে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মহাবলীপুৰম তথা কাঞ্চীপুৰমৰ ৰেচম বোৱা-কটা কেন্দ্ৰসমূহো পৰিদৰ্শন কৰি বিচিত্ৰ অভিজ্ঞতাৰ সাক্ষী হ’ব পাৰিব। এই ভ্ৰমণৰ সময়ত সংবাদমাধ্যমৰ দলটোৱে তামিলনাডুৰ মা ৰাজ্যপালকো সাক্ষাৎ কৰিব ।
পি আই বি, গুৱাহাটীৰ মিডিয়া তথা যোগাযোগ বিষয়া স্মিতা শইকীয়াৰ নেতৃত্বত তামিলনাডুলৈ যাত্ৰা কৰিবলগীয়া সংবাদমাধ্যমৰ প্ৰতিনিধি দলটোত আছে দ্য আছাম ট্ৰিবিউন, আমাৰ অসম, দৈনিক গণ অধিকাৰ, শিলচৰৰ পৰা প্ৰকাশিত যুগশংখ, ডিফুস্থিত হিলছ টাইমছ, দৈনিক পূৰ্বোদয়, ডি ডি অসম, নৰ্থ ইষ্ট লাইভ, নিউজ ১৮ অসম, প্ৰতিদিন টাইমছ, জিপ্লাছ, টাইম ৮ আদি সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সাংবাদিক।

এই মিডিয়া ভ্ৰমণৰ লক্ষ্য হৈছে অসমৰ সংবাদমাধ্যমৰ পেছাদাৰী তথা তামিলনাডুৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত উন্নত বুজাবুজি আৰু জ্ঞানৰ আদান-প্ৰদান সম্ভৱ কৰি তোলা তথা চৰকাৰৰ দেশব্যাপী উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে দৃষ্টিভংগী প্ৰসাৰিত কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *