• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ডঃ সত্যব্ৰত বৰুৱাক লালকিল্লাৰ স্বাধীনতা দিৱস অনুস্হানৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

ByNaba Barta

Aug 10, 2024
Spread the love

নৱবার্তা গুৱাহাট ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ যোগেদি নি:স্বাৰ্থ সেৱা আগবঢ়োৱাৰ উল্লেখযোগ্য স্বীকৃতি হিচাপে বি. বৰুৱা কলেজৰ এন এছ এছৰ কাৰ্যসূচী বিষয়া ডঃ সত্যব্ৰত বৰুৱাক নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মৰ্যাদাপূৰ্ণ অনুস্হানত অংশগ্ৰহণৰ বাবে বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে। ডঃ বৰুৱাৰ এই সন্মান ব্যতিক্ৰমী নেতৃত্ব আৰু বিশেষভাৱে যুৱ সৱলীকৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ এক প্ৰতিফলন।

ডঃ বৰুৱাই ইতিমধ্যে ২০২১ চনত দিল্লীৰ কৰ্তব্য পথত অনুস্হিত গণৰাজ্য দিৱসৰ পেৰেডত উত্তৰ-পূৱৰ দলটোৰ নেতৃত্ব বহন কৰি সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখোৱাবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ যোগেদি আগবঢ়োৱা সমাজ সেৱা আৰু জনমূখী আচঁনিৰ বহুল প্ৰচাৰৰ বাবেই ২০২০-২০২১ বৰ্ষত ডঃ বৰুৱাক এন এছ এছ ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিছিল।

স্বাধীনতা দিৱসৰ অনুস্হানত অংশগ্ৰহণ কৰাৰ প্ৰাকমূৰ্হূত্বত ডঃ বৰুৱাই কয় “এই প্ৰাপ্তি কেৱল মোৰ প্ৰাপ্তি নহয় এই প্ৰাপ্তি মহাবিদ্যালয়ৰ সমূহ এন এছ এছ কৰ্মীৰ। তেঁওলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিঃস্বার্থ সেৱাৰ বাবেহে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বি বৰুৱা কলেজৰ নাম উজ্জ্বলিবলৈ সক্ষম হৈছে।” লগতে এই কৃতিত্বৰ বাবে বৰুৱাক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সত্যেন্দ্ৰ নাথ বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছৰ সম্বন্বয়ক ডঃ ৰজ্ঞন কুমাৰ কাকতিৰ লগতে এন এছ এছৰ উত্তৰ-পূৱ সংমণ্ডলৰ নিৰ্দেশক জেংজিলঙে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *