• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

চিএছআৰ পদক্ষেপ উম্মীদ ১০০০ৰ অধীনত গুৱাহাটীৰ ছাত্ৰীক চাইকেল আৰু শিক্ষণ সামগ্ৰী বিতৰণ আৰবিএল বেংকৰ

ByNaba Barta

Mar 4, 2024
Spread the love

চিএছআৰ পদক্ষেপ উম্মীদ ১০০০ৰ অধীনত কন্যা শিশুৰ শিক্ষাৰ প্ৰচাৰ-সবলীকৰণ সবলীকৰণ অব্যাহত
ভাৰতৰ বহু চহৰত ২০০০ৰো অধিক চাইকেল আৰু স্কুল-কিট প্ৰদান কৰা হ’ব

নৱবার্তা গুৱাহাটী : দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান আৰবিএল বেংকে চিএছআৰ পদক্ষেপ -উম্মীদ ১০০০ৰ অধীনত কন্যা শিশুসকলৰ শিক্ষাগ্ৰহণৰ বাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰখাৰ কথা গৌৰৱেৰে ঘোষণা কৰিছে। গুৱাহাটীৰ আৰ্থিকভাৱে পিছপৰা দৰিদ্ৰ পৰিয়ালৰ কন্যা শিশুৰ বাবে ৩০০ খন চাইকেল আগবঢ়াইছে বেংকটোৱে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব তথা এৰিয়াছ ছচায়িটীৰ কৃষি উত্পাদন বিভাগৰ আয়ুক্ত আৰু অধ্যক্ষ আইএএছ অৰুণা ৰাজ’ৰিয়া, অসম চৰকাৰৰ এৰিয়াছ ছচায়িটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আইএএছ বীৰেন্দ্ৰ মিট্টাল, অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, মীন বিভাগৰ সঞ্চালক এচিএছ গৌৰীশংকৰ দাস, অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শইকীয়া, ইউনিচেফৰ উঃ-পূৰ্বাঞ্চলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মী নাৰায়ণ নন্দ আৰু ইউনিচেফ আৰু আৰবিএল বেংকৰ জ্যেষ্ঠ প্ৰতিনিধিসকল উপস্থিত থাকে। খানাপাৰাৰ ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ চৌহদত চাইকেল গ্ৰহণ কৰিবলৈ উপস্থিত হোৱাৰ সময়ত যথেষ্ট উৎসাহী হৈ পৰিছিল ছাত্ৰীসকলে। অসম চৰকাৰৰ কৃষি বিভাগৰ আৰিয়াছ ছ’চায়িটীৰ সহযোগত বেংকটোৱে পোনপটীয়াকৈ ছাত্ৰীসকলক চিনাক্ত কৰি চাইকেল প্ৰদান কৰিছে।

শিশুৱে আধাতে স্কুল এৰা বা বিদ্যালয়লৈ নোযোৱাৰ এটা প্ৰধান কাৰণ হৈছে ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব। সেয়েহে চাইকেল প্ৰদানৰ দৰে এনে ইতিবাচক পদক্ষেপে শিক্ষাগ্ৰহণত সুযোগ বৃদ্ধি কৰাৰ বাবে পৰিবহন বা যাতায়াতৰ অতি প্ৰয়োজনীয় উপায় প্ৰদান কৰি ছাত্ৰীসকলক সহায় কৰিব। এতিয়াৰে পৰা চাইকেলেৰে ছাত্ৰীসকলক বিদ্যালয়লৈ যোৱাত সহায় কৰিব আৰু আমি সকলোৱে জানো যে শক্তি-দক্ষ আৰু পাৰিপাৰ্শ্বিকভাৱে বহনক্ষম বাহন হৈছে চাইকেল। বেংকটোৱে গুৱাহাটী, পাটিয়ালা, জয়পুৰ আৰু নাগপুৰকে ধৰি সমগ্ৰ দেশত ২,০০০তকৈও অধিক চাইকেল আৰু স্কুল-কিট(শিক্ষণসামগ্ৰী) বিতৰণ কৰিছে।

এই বিষয়ে আৰবিএল বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰ সুব্ৰমনিয়া কুমাৰে কয় যে, “আৰবিএল বেংকৰ ‘কমিউনিটি এজ দা কজ বা সমাজৰ বাবে সোপান’ৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি আমি আমাৰ অনন্য চিএছআৰ কাৰ্যসূচীৰ জৰিয়তে দূৰণিবটীয়া আৰু পিছপৰা অঞ্চলৰ মানুহক সহায়-সমৰ্থন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। উম্মীদ ১০০০ৰ অধীনত প্ৰতিনিয়ত সমৰ্থন প্ৰদান কৰি আমি ছাত্ৰীসকলৰ জীৱনত এক অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আৰু অধিক ন্যায়সংগত সমাজৰ বাবে অৰিহণা যোগাবলৈ চেষ্টা কৰি আহিছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *