• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গৃহ নির্মাণ, বাস উপযুক্ত প্রমাণপত্র, নিয়মীয়াকৰণৰ আবেদন নিষ্পত্তি অভিযানৰ পদক্ষেপ গ্রহণ”

ByNaba Barta

Feb 1, 2025
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী:
গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেণ শৰণীয়াই আজি গৃহ নিৰ্মাণৰ অনুমতি, বাস উপযুক্ত প্রমাণপত্র (Occupancy Certificate), নিয়মীয়াকৰণৰ আবেদন নিষ্পত্তিৰ বাবে এক বিশেষ অভিযান উদ্বোধন কৰে।
গৃহ নিৰ্মাণৰ অনুমতি, বাস উপযুক্ত প্রমাণপত্ৰ, নিয়মীয়াকৰণৰ অনুমোদন লাভ কৰাত পলম হোৱাৰ দৰে সমস্যাসমূহৰ সমাধানৰ বাবে গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰা এই অভিযান অহা ৩১ মার্চ লৈকে চলিব। এই প্ৰক্ৰিয়াসমূহে চহৰখনৰ উন্নয়ন প্রকল্পসমূহ নিয়াৰিকৈ সম্পূৰ্ণ হোৱাটো সুনিশ্চিত কৰিব আৰু বাসিন্দাসকলে উন্নত আন্তঃগাঁথনি আৰু সেৱাসমূহ উপভোগ কৰিবলৈ সক্ষম হ’ব।এই অভিযানে সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে প্রয়োজন হোৱা সময় হ্রাস কৰাৰ উপৰি স্বচ্ছ আৰু নিকা সেৱা ব্যৱস্থা সুনিশ্চিত কৰিব। তথা, উন্নয়ন প্রকল্পসমূহে নিয়ম আৰু নির্দেশনা মানি চলাৰ লগতে বিনিয়োগকাৰীক আকৰ্ষণ কৰি গুৱাহাটীৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নো ইয়াৰ মাধ্যমেৰে সুনিশ্চিত হ’ব।
গুৱাহাটীক ভাৰতৰ অন্যতম শীৰ্ষ চহৰ হিচাপে গঢ়ি তুলিবলৈ গুৱাহাটী পৌৰ নিগম প্রতিশ্রুতিবদ্ধ আৰু এইক্ষেত্ৰত সকলোৰে সহযোগিতাও আমাৰ একান্ত কাম্য বুলিও শনিবাৰে গুৱাহাটী পৌৰ নিগমত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *