• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবত বিষ্ণুৰাভাৰ সংগ্ৰামী জীৱনৰ ইতিহাস সামৰি “ইয়ে আজাদী ঝুথা হ্যায়” উন্মোচন

ByNaba Barta

Jun 23, 2024
Spread the love

নৱবার্তা গুৱাহাটী: বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী জীৱন সত্ত্বাক সমাৰি অনিল কুমাৰ কলিতাৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থ “ইয়ে আজাদী ঝুথা হ্যায়”(সাম্যবাদী বিপ্লৱৰ পটভূমি) আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা বিষ্ণুৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাই। নিজৰ উন্মোচনী ভাষণত ৰাভাই কয় যে – বিষ্ণু ৰাভাৰ‌ জীৱনৰ অনেক দিশ এতিয়াও উন্মোচিত নোহোৱাকৈয়ে আছে। বিশেষকৈ বিষ্ণুৰাভাৰ ছাত্ৰাৱস্থাৰ বিষয়ে আজিও‌ মানুহে ভালদৰে নাজানে। বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতাত পঢ়ি থকা অৱস্থাত ছাত্ৰ সমাজক দিয়া নেতৃত্বৰ কথা আজিও ভালদৰে বিচাৰ্য নোহোৱাটো দুখ লগা কথা । আনহাতে আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিষ্ণু প্ৰসাদ ৰাভাৰ সংগ্ৰামী সত্ত্বাৰ ওপৰত মননশীল মন্তব্য আগবঢ়াই সকলোকে মোহাছন্ন কৰি তোলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুখ্য প্ৰৱক্তা পৰমানন্দ ডেকাই। একেটা অনুষ্ঠানতে উপস্থিত থাকি বিষ্ণু প্ৰসাদ ৰাভাৰ সংগ্ৰামী সত্ত্বাৰ ওপৰত মন্তব্য কৰি লাচিত সেনাৰ সচিব ৰন্টু পানীফুকনে কয় যে বিষ্ণু ৰাভা অসমীয়া জাতিৰ গৌৰৱ। অসমীয়া জাতিয়ে যুগে যুগে বিষ্ণুৰাভাৰ সংগ্ৰামী সত্ত্বাক শ্ৰদ্ধা জনায় যাব। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট ব্যক্তি, ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ জ্যেষ্ঠ প্ৰৱন্ধক বিপুল কলিতাই বিষ্ণু প্ৰসাদ ৰাভাই কি পৰিস্থিতিত নিজকে বিপ্লৱী কৰি তুলিব লগা হৈছিল আৰু এই সংগ্ৰাম কৰিবলৈ‌ যাওঁতে সন্মুখীন হোৱা অনেক সমস্যাৰ ওপৰতো মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে আজি উন্মোচন হোৱা গ্ৰন্থখনত সন্নিৱিষ্ট লেখনি সমূহত বিষ্ণু প্ৰসাদ ৰাভাৰ সংগ্ৰামী জীৱন‌ত সান্নিধ্য লাভ কৰা পৰিয়ালৰ লোকৰ লেখনিৰে সমৃদ্ধ কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি ভাষা প্ৰকাশনৰ অধ্যক্ষ তথা লেখক মুকুট শৰ্মাই কয় যে অসমীয়া মানুহে বিষ্ণু প্ৰসাদ ৰাভাক কেৱল‌ মাথো কলাগুৰু হিচাপে অভিহিত কৰি অহাৰ বিপৰীতে এইখন গ্ৰন্থৰ জৰিয়তে অসমীয়া মানুহে বিষ্ণু প্ৰসাদ ৰাভাৰ সংগ্ৰামী সত্ত্বাক নতুন ধৰণে অধ্যয়ণ কৰা বা চিন্তা কৰাৰ বাট বিচাৰি পাব । কবি পল্লবিকা মহন্তই আঁতধৰা আজিৰ অনুষ্ঠানত উপস্থিত থাকে বিষ্ণু প্ৰসাদ ৰাভাৰ সংগ্ৰামী সত্ত্বাৰ সান্নিধ্য লাভ কৰা কেইবাটাও পৰিয়ালৰ লোকৰ লগতে পঞ্চাশৰো অধিক সাহিত্য অনুৰাগী লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *