• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবতসদৌ কলিতা ছাত্ৰ সন্থাৰ উদ্যোগতমণিৰাম দেৱানৰ পুণ্যতিথি পালন

ByNaba Barta

Feb 26, 2025
Spread the love

অধ্যাপক উপেন ৰাভা হাকাচামক
শ্বহীদ মণিৰাম দেৱান’ বঁটা প্ৰদান

শ্বহীদ মণিৰাম দেৱানৰ বৰ্তমান সময়ত প্রাংসগিকতা আছে-ড০ উপেন ৰাভা হাকাচাম

নৱবার্তা গুৱাহাটী: সদৌ কলিতা ছাত্ৰ সন্থাই বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথম বর্ষৰ বাবে আধুনিক অসমৰ অৰ্থনীতিৰ জনক মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত “শ্বহীদ মণিৰাম দেৱান’ বঁটা প্ৰদান কৰে। ২০২৫ বৰ্ষত অসমৰ ভাষা সাহিত্য বিশেষকৈ জনগোষ্ঠীয় ভাষা সাহিত্যৰ নীৰব সাধক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা প্ৰাক্তন মুৰব্বী ড০ উপেন ৰাভা হাকাছামক এই বঁটা প্ৰদান কৰা হয়। ‘শ্বহীদ মণিৰাম দেৱান” বঁটাত এটা স্মাৰক, চেলেং চাদৰ, ফুলাম গামোচা, প্ৰশস্তিপত্ৰৰ লগতে ৫০ হাজাৰ টকা দিয়া হয়।
সদৌ কলিতা ছাত্ৰ সন্থাৰ সভাপতি নৱজিত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি অধ্যাপক ড০ উপেন ৰাভা হাকাচামে ভাষণত কয়-শ্বহীদ মণিৰাম দেৱানৰ
আজোনাতি দ্বীপেন্দ্ৰ নাৰায়ণ দুৱৰাক লগ পাই গৌৰৱবোধ কৰিছোঁ। আজিৰ দিনটোত শ্বহীদ মণিৰাম দেৱানৰ প্ৰতি শ্ৰদ্ধা জনাই বন্ধৰ দিন থাকিব লাগিছিল । শ্বহীদ মণিৰাম দেৱানৰ বৰ্তমান সময়ত প্রাংসগিকতা আছে। তেওঁ অসমৰ অৰ্থনীতিৰ বাটকটীয়া আছিল। আজি এটা ঐতিহ্যমণ্ডিত দিন। গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এটা বৃহৎ মূৰ্তি থাকিব লাগিছিল তাত আজি চাকি জ্বলাব লাগিছিল। তেওঁৰ নামত এখন জীৱনী হিন্দী, ইংৰাজীত অনুবাদ হ’ব লাগিছিল। আমি মানুহ বোৰ সুযোগ সন্ধানী। গণতান্ত্ৰিক দেশত সুবিধা সকলোৱে সমানে পাব লাগে। তেওঁ কলিতা আছিল, উজনি অসমতো কলিতা লোক আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰতিক সময়ত শ্বহীদ মণিৰাম দেৱানৰ গুৰুত্ব বুজি তেওঁক বহল দৃষ্টিকোণৰ পৰা উলিয়াই আনিব লাগিছিল। মোৰ এই বঁটা দিয়া বাবে উদ্যোক্তাসকলক ধন্যবাদ জনালোঁ।’
মণিৰাম দেৱানৰ পুণ্যতিথি
উপলক্ষে প্ৰথম বার্ষিক শ্বহীদ মণিৰাম দেৱান স্মাৰক বক্তৃতা- ‘আধুনিক অসমৰ ভেটি গণনেতা মণিৰাম দেৱান”
বিষয়ত প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক
তথা সদৌ কলিতা ছাত্র সন্থাৰ মুখ্য উপদেষ্টা, প্রাক্তন সভাপতি ড০ জ্ঞানেন্দ্র বর্মনে। তেওঁ ভাষণত কয়-মণিৰাম দেৱান ঐতিহাসিক চৰিত্ৰ। মণিৰাম দেৱান স্ব-অৰ্থনীতি গঢ়াৰ বাট কটীয়া আছিল । তেওঁ চাহ খেতিৰ জনক।
মণিৰাম দেৱানে কানিয়েঅসমক কোঙা কৰা সময়ত তাৰ বিৰুদ্ধে মাত মাতিছিল ব্ৰিটিছ ঔপনিবেশনৰ বিৰুদ্ধে তেওঁ সবল ভূমিকা লৈছিল। অসমখন
ঋণত পোত যোৱা সময়ত গৰজি উঠিছিল মণিৰাম দেৱান। খিলঞ্জীয়াৰ হৈ মাত মাতিছিল। অসমীয়া, ভাষা-সাহিত্য সংস্কৃতিলৈ তেওঁৰ অবদনা আছিল। অন্যান্য ব্যৱস্থাৰে মণিৰাম দেৱানক ফাঁচি দিয়া হ’ল। তেওঁক ফাঁচিৰ হুকুম দিয়াৰ পাছতো পুত্ৰক অহিংসাৰ বার্তা দি গৈছিল। বৃহত্তৰ সমাজখনৰ বাবে কলিতা ছাত্র সন্থাই মাত মাতি গৈছে। অসমৰ ইতিহাস কেবল এটা জনগোষ্ঠীৰ ইতিহাস হ’ব নোৱাৰে, ইয়াত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে। আমি আত্ম সন্মানেৰে জীয়াই থাকিব বিচাৰিলোঁ। আমাৰ ভূমি, ৰাজনৈতিক অধিকাৰ লাগিব। কোচ, কলিতা এক হওঁক।
আধুনিক অসমৰ অন্যতম ভেটি গঢ়োতা ৰাজাবাহাদুৰ মণিৰাম দেৱান নিজৰ প্ৰাপ্য সম্মানৰ পৰা দৃষ্টিকটুভাবে বঞ্চিত হৈ আহিছে। কি ৰজাঘৰীয়া, কি প্ৰজাঘৰীয়া উভয়ে দেৱানৰ ৰাজ্যখনৰ প্ৰতি থকা অসামান্য অৱদানক জানি বুজি পাহৰণিৰ গর্ভলৈ ঠেলি দিয়াৰ চেষ্টাত ব্ৰতী হৈছে। এইখিনিতে মনত পেলাই দিয়া ভাল যে আজিকোপতি অসমত প্রচলিত হৈ থকা ৰাজহ আৰু ভূমি বন্দোবস্তি ব্যৱস্থা অসমৰ প্ৰথমজনা ৰাজহ চিৰস্তাদাৰ এইজনা মণিৰাম দেৱানৰেই সৃষ্টি। অসমৰ অৰ্থনীতিৰ মূল ভেটি স্বৰূপ চাহখেতিৰো হোতা এইজনা মণিৰাম দেৱান যিজনাই বৃটিছ চাহাব সকলক অসমত চাহ গছৰ সন্ধান দিয়াই নহয় নিজাকৈ যোৰহাটৰ চিনামৰা চাহবাগান প্ৰতিষ্ঠা কৰি বৃটিছক অসমীয়াৰ স্বাভিমান আৰু কৰ্ম দক্ষতা দেখুৱাইছিল।’ সন্থাৰ কাৰ্যকৰী সভাপতি ড০ দীপাংকৰ কলিতাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মণিৰাম দেৱানৰ আজোনাতি
দ্বীপেন্দ্ৰ নাৰায়ণ দুৱৰাই। তাৰপাছত মাল্যাৰ্পণ কৰে
সদৌ কলিতা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক উপদেষ্টা ডাঃ ৰমেন কুমাৰ কাকতিয়ে আৰু স্মৃতি তৰ্পন কৰে সদৌ কলিতা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বিষ্ণু পাটগিৰিয়ে।
বিশিষ্ট অতিথি হিচাপে কলিতা জনগোষ্ঠী সন্মিলনৰ
সভাপতি ড০ সোণেশ্বৰ কলিতা উপস্থিত থাকে। অনুষ্ঠানত
নিকিতা ডেকাই বৰগীত পৰিৱেশন কৰে। এই অনুষ্ঠানত
এন ডি ২৪ ৰ সাংবাদিক বিমল ভূষণ মহন্ত,নিয়মীয়া বাৰ্তাৰ দিগন্ত দাস, আমাৰ অসম
অনুপমা ডেকা, এন কে টি ভিৰ
বনজিত কলিতা, পূৰ্বাঞ্চল প্ৰহৰীৰ বিবেক বৰা আৰু
অসমীয়া প্ৰতিদিনৰ
ধনীৰাম কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত সদৌ কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপু কুমাৰ কলিতাৰ লগতে সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *