• Mon. Nov 10th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবতনুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰুগ্ৰন্থ উন্মোচন

ByNaba Barta

Oct 12, 2025
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত
দেওবাৰে নুতন সাহিত্য কুঞ্জৰ প্ৰথম অধিবেশন আৰু গ্ৰন্থ
উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অধিবেশনৰ আৰম্ভণিতে
প্ৰয়াত ব্ৰজমোহন সেনী, প্ৰয়াত প্ৰকাশ চন্দ্ৰ বৰাণৱাল বাটছাল, প্ৰয়াত সন্তোষ মোডী স্মিতা, প্ৰয়াত কিষাণলাল আগৰৱাল আৰু অসমৰ হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। অধিবেশনত হিচাপে
মুখ্য অতিথি ড° দেৱেন্দ্ৰ চন্দ্ৰ দাস সুদামা, বিশেষ অতিথি হিচাপে নীৰু ছেঠী, কাৰ্যসূচীৰ অধ্যক্ষ, কুঞ্জৰ পদ্য গুৰু অমৰনাথ আগৰৱাল অমৰ্ত্য, নুতন সাহিত্য কুঞ্জ সংগঠনৰ সভাপতি ড° আৱাধেশ কুমাৰ আৱধ আৰু কুঞ্জৰ উপ সভাপতি ড° মমতা বেনাৰ্জী মাঞ্জাৰী উপস্থিত থাকে।
কুঞ্জৰ সভাপতি ড° অৱাধেশ কুমাৰ আৱধৰ গ্ৰন্থ ‘পঞ্চমুখী বালাজী ভগৱান’, ডলী শ্বাহৰ “আপনি কালাম কে কহাৰ” গ্ৰন্থ, অভনীত কৌৰ দীপালীৰ “মই দীপালী, দীপ নহয়” গ্ৰন্থ, জ্যোতি আগৰৱালাৰ “দোহৰনৱ” গ্ৰন্থৰ লগতে অমৰ্নাথ আগৰৱালাৰ গ্ৰন্থ “অমৰ্ত্য” আদিত্য সাংস্কৃতিক বিশেষ সংখ্যা এই অধিবেশনত উপস্থিত বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে। অনুষ্ঠানটো আঁত ধৰে মালবিকা ৰায়মেধি মেধাই।
অনুষ্ঠানৰ দ্বিতীয় অধিবেশনত কবিতা অধিবেশন অনুষ্ঠিত হয়। ধ্ৰুৱক্ষী তালুকদাৰে সৰস্বতী বন্দনা আবৃত্তি কৰে। ড° গীতা চহৰীয়া, হেমলতা গোলছা, ডলী শ্বাহ, ড° স্মৃতি দাস, ড° মণিলা কুমাৰী মানসী, জেচমিন হুছেইন, সুৰিন্দৰ সিং, জ্যোতি আগৰৱাল, পিংকি বাজাজ পাৰুল, ডাঃ কিৰণ বীৰলা সোমানি, বিমলা শৰ্মা বোধা, সৌমিত্ৰ, কুমুদ শৰ্মা, ড° মমতা বেনাৰ্জী মাঞ্জাৰী, ড° অৱাধেশ কুমাৰ আৱদ্ধ, অমৰনাথ অমৰ্ত্য, মালবিকা ৰায় মেধি মেধা, ৰাম পাৰিক, বিমল কায়াল, আৰু অভনীত কৌৰ দীপালীয়ে কবিতা আবৃত্তি কৰে। অভনীত কৌৰ দীপালি আৰু ৰাম পাৰিকে যৌথভাৱে ধন্যবাদ জ্ঞাপন কৰে। কবিতা অধিৱেশনৰ আঁত ধৰে কুমুদ শৰ্মাই। ছয় ঘণ্টীয়া অধিৱেশনৰ সফল আৰু স্মৰণীয় সামৰণি পৰে জাতীয় সংগীত গাই।
সভাত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। লগতে এখন গ্ৰন্থ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। এই অধিবেশনত
অসমৰ লগতে অসমৰ বাহিৰৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিককে ধৰি অসংখ্য গণ্যমান্য ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *