নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে লেখক অশোক কুমাৰ নাথৰ ৰস ৰচনা ‘ভূতৰ ফেচ’বুক একাউন্ট’উন্মোচন কৰা হয়। বিশিষ্ট চিন্তাবিদ, লেখক ময়ুৰ বৰাই গ্ৰন্থখন উন্মোচন কৰি কয়-কলাৰ জৰিয়তে ৰসৰ সন্ধান দিব পাৰি।ভাৰতীয় মানুহৰ জীৱনৰ পৰা ৰস ৰচনা ক্ৰমাৎ হেৰাই হৈছে। নিজৰ পছন্দৰ কামনিৰন্তৰভবে কৰি যোৱাৰ দৃষ্টান্ত দাঙি ধৰিছে লেখক অশোক কুমাৰ নাথ। ৰস ৰচনাৰ মাজেৰে হলেও শিল্পী সত্তা আমি উভতাই আনিব লাগিব। ৰস ৰচনাৰ জৰিয়তে সমাজলৈ সুন্দৰ বার্তা দিব পাৰি। লেখকে ছয়খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰিছে। এতিয়ালৈ তেওঁ আধা ডজন ৰস ৰচনা কৰিছে। আমাৰ মাজত আত্মসমালোচনাৰ প্ৰয়োজন আহি পৰিছে। আমাক ৰস দিবলৈ সক্ষম হৈছে লেখকে। পাঠকে গ্ৰন্থখন ক্ৰয় কৰি।পঢ়িলে প্ৰকৃততে গ্ৰন্থখন উন্মোচন হ’ব। লেখকে এনেদৰে ন ন সৃষ্টি কৰি যাব বুলি আশা কৰিলোঁ।’
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি
বিশিষ্ট চিকিৎসক, কন্ঠশিল্পী ডাঃ অঞ্জন জ্যোতি চৌধুৰীয়ে ৰসাল বক্তব্য আগবঢ়োৱাৰ লগতে দুটা গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। সভাত বিশিষ্ট অতিথি হিচাপে
বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথ, বিশিষ্ট কার্টুনিষ্ট নিতুপৰ্ণ, ৰাজবংশী, পাঞ্চজন্য প্ৰকাশকনৰ প্ৰকাশক ধীৰাজ কুমাৰ লহকৰ উপস্থিত থাকে। সুকন্যা কাশ্যপ মহন্তই সভাৰ আৰম্ভণিতে এটা বৰগীত পৰিবেশন কৰে।
ভাস্কৰজ্যোতি আচৰ্যই আঁত ধৰা সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য, ‘ভূতৰ ফে’চবুক একাউন্ট’ হৈছে লেখক অশোক কুমাৰ নাথৰ ষষ্ঠখন ৰস ৰচনা।
গুৱাহাটী প্রেছ ক্লাবত’ভূতৰ ফে’চবুক একাউন্ট’ উন্মোচন
