ভৰলু উৰণ সেতু নিৰ্মাণৰ বিতৰ্কৰ অৱসান
কোনো ক্ষয়-ক্ষতি নহয় তৰুণৰাম ফুকন উদ্যানৰ
তৰুণ ৰাম ফুকন উদ্যান ৰক্ষাৰ বাবে সলনি কৰা হ”ল উৰণ সেতুৰ নস্ক্সা
মুখ্যমন্ত্ৰীৰ সৈতে স্থানীয় ৰাইজৰ বৈঠকত সলনি হ’ল
উৰণ সেতু নিৰ্মাণৰ নস্ক্সা
নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ ভৰলুমুখত
উৰণসেতুখন নিৰ্মাণকলৈ কিছুদিন পূৰ্বে কিছু বিতৰ্কৰ সৃষ্টি হৈছিল। ভৰলুমুখত
উৰণসেতু নিৰ্মাণৰ বাবে ৭৬ জোপা বহু পুৰণি বৃক্ষ কটা আৰু তাৰ কাষতে থকা তৰুণ ৰাম ফুকন উদ্যান ধ্বংস হোৱাৰ আশংকা কৰিছিল ৰাইজে। অৱশেষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে স্থানীয় নাগৰিকৰ সৈতে হোৱা বৈঠকত দেশভক্ত
তৰুণ ৰাম ফুকন উদ্যান ৰক্ষাৰ বাবে সলনি কৰা হ”ল উৰণ সেতুৰ নস্ক্সা। এই বিষয় সন্দৰ্ভত বুধবাৰে ভৰলু মুখৰ দুৰ্গা মন্দিৰ প্ৰাংগনত স্থানীয় ৰাইজৰ উদ্যোগত এখন সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেল সম্বোধন কৰি স্থানীয় বাসিন্দা, সমাজকর্মী ৰাজীৱ কুমাৰ বৰাই কয়-মুখ্যমন্ত্ৰীৰ সৈতে স্থানীয় ৰাইজৰ বৈঠকত সলনি হ’ল
উৰণ সেতু নিৰ্মাণৰ নস্ক্সা।
পশ্চিম গুৱাহাটীবাসী ৰাইজক ভৰলুমুখত উৰণসেতু লাগে এই পৰিপেক্ষিতত আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছিলো
মুখ্যমন্ত্ৰীয়ে আমাক ইতিবাচক সঁহাৰি জনায়।
মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক সিদ্ধান্তৰ পিছতেই সলনি কৰা হৈছে উৰণসেতুৰ নক্সা।
মুখ্যমন্ত্ৰীৰ প্ৰদক্ষেপক আমি পশ্চিম গুৱাহাটীবাসী ৰাইজে আদৰণি জনাইছোঁ।
আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিশেষ অভিনন্দন জনাইছোঁ।ভৰলু উৰণ সেতু নিৰ্মাণৰ বিতৰ্কৰ এতিয়াৰ পৰা অৱসান ঘটিল। কোনো ক্ষয়-ক্ষতি নহয় তৰুণৰাম ফুকন উদ্যানৰ। দেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়ালয়েও মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰণ কৰিছে।’ উল্লেখ্য
বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ভৰলুমুখৰ উৰণ সেতু নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অৱসান ঘটাৰ বাবে পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজে মুখ্যমন্ত্ৰীক বিশেষ অভিনন্দন জ্ঞাপন কৰিছে। পশ্চিম গুৱাহাটী ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰে, বিশিষ্ট সমাজকর্মী তথা ব্যৱসায়ী ৰাজীৱ কুমাৰ বৰা,
ড০ জিতেন ফুকন, হিৰেম্বেশ্বৰ কটকী, হিল দেৱী, ৰাছেল হুছেইন, নাজনীন ৰচুল, মছদ্দৰ হুছেইন, দিগন্ত বৰা আদিয়ে। উল্লেখ্য , ভৰলুমুখ উৰণ সেতু ৰাইজৰ দাবী আৰু যান-জঁট হ্ৰাসৰ বাবে লোৱা হৈছিল যদিও গছ কটা আৰু হঠাতে ঠিকাদাৰী প্ৰতিষ্ঠানে এম জি ৰোডৰ বিপৰীতে তৰুণৰাম ফুকন পথত পাইলিং কৰাৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰে। সেয়ে স্থানীয় মাছখোৱা, ভৰলুমুখ, কুমাৰপাৰা আদিৰ সচেতন ৰাইজে তৰুণৰাম ফুকন পথ নিৰ্মাণ কৰিবলৈ লোৱাত আপত্তি দৰ্শায়। ইয়াৰ পাছতে পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজৰ হৈ ব্যৱসায়ী তথা বিশিষ্ট নাগৰিক ৰাজীৱ বৰাসহ একাধিক লোকে মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনা কালতে সচেতন নাগৰিকে যুক্তিসংগত ব্যাখ্যা আগবঢ়োৱাৰ লগতে পশ্চিম গুৱাহাটীৰ একমাত্ৰ উদ্যান তৰুণৰাম ফুকন উদ্যানৰ যাতে কোনো ক্ষয়-ক্ষতি নহয় আৰু সৌন্দৰ্যৰো কোনো হানি-বিঘিনি নঘটে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়। পশ্চিম গুৱাহাটীৰ ৰাইজৰ যুক্তিসংগত কথাত পতিয়ন গৈ মুখ্যমন্ত্ৰীয়ে দেশভক্তৰ নামত উছৰ্গিত উদ্যানখনৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ পুনৰ মহাত্মা গান্ধী পথেৰে নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট দায়িত্ববাহীক নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া ভৰলুমুখৰ উৰণ সেতু শ্বুইছ গেটৰ পৰা আৰম্ভ কৰি ভৰলুমুখ পইণ্টৰ পৰা পশ্চিম ফালে মালিগাঁও অভিমুখে আৰু উত্তৰ দিশে মহাত্মা গান্ধী পথতে নিৰ্মাণ হ’ব। অসমৰ প্ৰগতিশীল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীক ৰাইজে অভিনন্দন জনায়।
উল্লেখ্য যে পশ্চিম গুৱাহাটীৰ ৰাইজ আৰু পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই উৰণ সেতু নিৰ্মাণৰ কাম অনুমোদিত হৈছিল। অনুমোদন মহাত্মা গান্ধী পথতে আছিল যদিও এক অজ্ঞাত কাৰণত ঠিকাদাৰী প্ৰতিষ্ঠানে দেশভক্তৰ নামত উছৰ্গিত পথত নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। অৱশ্যে এই বিতৰ্কৰ সামৰণি পৰাত তৰুণৰাম ফুকনৰ পৰিয়ালেও মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰণ কৰিছে। মনকৰিবলগীয়া যে ন্যূনতম ক্ষয়-ক্ষতি আৰু গছ সংৰক্ষণৰ বাস্তৱ দৃষ্টিভংগীৰে চৰকাৰে উৰণ সেতু নিৰ্মাণ কৰিব।ইফালে একাংশ ৰাইজে দাবী জনাই যে উৰণসেতু লাগে কিন্তু ঘৰ ভাঙিবলৈ আৰু গছ কাটিবলৈ দিয়া নহ’য়।