• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত ষ্টুডিঅ’ ৭ শ্ব’ৰূম মুকলি

ByNaba Barta

Aug 26, 2024
Oplus_131072
Spread the love

নৱবাৰ্তা গুৱাহাটী,: গুৱাহাটীৰ ভৰলুমুখৰ কে আৰ বি ৰোডত দেওবাৰে পুৰুষৰ সাজ-পোছাক আৰু অন্যান্য সামগ্ৰীৰ এটা অত্যাধুনিক শ্ব’ ৰূম মুকলি কৰা হয়। শ্ব’ ৰূমটো মুকলি কৰে শ্যামসুন্দৰ পোদ্দাৰ আৰু তেওঁৰ নাতিয়েক য়শী পোদ্দাৰে। বিকাশ পোদ্দাৰ আৰু অংকিতা পোদ্দাৰৰ প্ৰচেষ্টাত গড় লৈ উঠা এই শ্ব’ ৰূমটোত পুৰুষৰ বিভিন্ন ব্ৰেণ্ডেত সাজ-পোছাক, ব্ৰেণ্ডেত ঘড়ী, বেল্ট, ৱালেট, সুগন্ধি পোৱা যায়। পুৰুষৰ টি-চাৰ্ট ৭৯৯ টকাৰ পৰা উপলব্ধ। শ্ব’ ৰূমটো সোমবাৰৰ পৰা দেওবাৰ লৈ পুৱা ১০.৩০ বজাৰ পৰা নিশা ৮ বজালৈ মুকলি থাকিব। উল্লেখ‍্য, গুৱাহাটীৰ ভৰলুমুখৰ কে আৰ বি ৰোডত এইটোৱেই বেণ্ডেত কোম্পানীৰ প্ৰথমটো শ্ব’ ৰূম।

Leave a Reply

Your email address will not be published. Required fields are marked *