• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত মেগা এণ্টাৰটেইনমেণ্টৰ জনপ্ৰিয় প্ৰতিযোগিতাৰ অডিচনৰ আয়োজন

ByNaba Barta

Dec 2, 2024
Spread the love

উত্তৰ-পূব ভাৰতৰ পৰৱৰ্তী আইকন উন্মোচন কৰিবলৈ পুনৰ উভতি আহিছে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট।

নৱবার্তা গুৱাহাটী: : উত্তৰ-পূব ভাৰতৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আগশাৰীৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে দেওবাৰে গুৱাহাটীৰ হোটেল ডায়েস্কো অলে এল’ত অনুষ্ঠিত কৰে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ অডিচন।

উল্লেখ্য যে, ফেশ্বন উদ্যোগী অভিজিৎ সিংহৰ সৃষ্টিশীল দৃষ্টিভংগীৰে আৰম্ভ কৰা এই সমাদৃত প্ৰতিযোগিতাসমূহ মেগা এণ্টাৰটেইনমেণ্টৰ দ্বাৰা আয়োজিত আৰু মেগা এক্টিভেচনৰ দ্বাৰা প্ৰচাৰিত কৰা হৈছে। ইতিমধ্যে ইটানগৰ, আইজল, গেংটক, আগৰতলা, ডিমাপুৰ আৰু শ্বিলঙত অডিচনৰ সফল সমাপ্তিৰ পিছত মেগা এণ্টাৰটেইনমেণ্টৰ দলটোৱে ১ ডিচেম্বৰত গুৱাহাটী আৰু ইম্ফলত পৰৱৰ্তী পৰ্যায়ৰ অডিচনৰ আয়োজন কৰে।

অডিচনৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিৎ সিংহই কয়, “যোৱা দুটা দশকত আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিভাৰ ক্ৰমাগত বৃদ্ধি সঁচাকৈয়ে অবিশ্বাস্য। আজিৰ প্ৰতিযোগীসকলৰ মানদণ্ড, প্ৰস্তুতি আৰু উচ্চাকাংক্ষাই এক নতুন যুগৰ আত্মবিশ্বাস আৰু সামৰ্থ্যক প্ৰতিফলিত কৰে, যি উত্তৰ- পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ প্ৰতিভাৰ প্ৰচাৰ আৰু প্ৰদৰ্শনৰ বাবে আমাৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে বিকশিত হৈছে। এই মঞ্চ নিৰ্মাণৰ বাবে আমাৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে প্ৰতিযোগীসকলে আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।”

অভিজিৎ সিংহাই লগতে কয়, “উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় সৌন্দৰ্য্য প্ৰতিযোগিতা হিচাপে আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হোৱা অনেক প্ৰতিভা আৱিষ্কাৰ কৰি আৰু তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰি গৌৰৱান্বিত অনুভৱ কৰোঁ। ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট আৰু ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ জৰিয়তে আমি যুৱ কৃতিত্বকাৰীসকলক অনন্য সুযোগেৰে সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, আৰু তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাৰ পথ প্ৰশস্ত কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিছো।”

মন কৰিবলগীয়া যে, মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ টাইটেল স্পনছৰ হিচাপে চেট ৱেটে পুনৰবাৰ সহযোগ আগবঢ়োৱাৰ বিপৰীতে এইবাৰ মেগা মিছ নৰ্থ ইষ্টৰ টাইটেল স্পনছৰ হিচাপে সহযোগিতা কৰিছে লিভনে। তেওঁলোকৰ লগতে এই প্ৰতিযোগিতাত প্ৰসাধন সামগ্ৰীৰ অংশীদাৰ হিচাপে নেয়াৰ আৰু আতিথ্য সেৱাৰ অংশীদাৰ হিচাপে হোটেল ডায়েস্কো অলে এল’য়ে সহযোগ আগবঢ়াইছে।

বিগত বছৰসমূহত মেগা মিছ নৰ্থ ইষ্টে অসমৰ পৰা অনেক অসাধাৰণ প্ৰতিভাক প্ৰজ্বলিত কৰি আহিছে। সুকন্যা ৰাজগুৰু, জুহি গগৈ, স্মৃতি শৰ্মা, জ্যোতিস্মিতা বৰুৱা, নেহা বৰুৱা আৰু বৰ্তমানৰ মেগা মিছ নৰ্থ ইষ্ট দীপ্তি বসুমতাৰীৰ লগতে অনেক প্ৰতিভাৰ জন্ম দিছে মেগা মিছ নৰ্থ ইষ্টে। একেদৰে মেগা মিষ্টাৰ নৰ্থ ইষ্টতো নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে পীয়ুষ শৰ্মা, সিদ্ধাৰ্থ বড়ো, বাবুল বড়ো, হীৰক জ্যোতি কলিতা, বিশাল ব্ৰহ্ম, ভাৰ্গৱ গগৈ আৰু বৰ্তমানৰ মেগা মিষ্টাৰ নৰ্থ ইষ্ট কৃষ্ণ দাসৰ দৰে যুৱ প্ৰতিভা। এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰৰ গুৱাহাটী অডিচনে অঞ্চলটোক গৌৰৱাম্বিত কৰা আৰু অধিক অনন্য প্ৰতিভা আৱিষ্কাৰ আৰু প্ৰদৰ্শনৰ লক্ষ্যৰে আগবাঢ়িছে।

এই প্ৰতিযোগিতাসমূহে বিজয়ীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় সুযোগৰ এক নতুন দিগন্ত মুকলি কৰাৰ সমান্তৰালভাৱে তেওঁলোকক গোলকীয় মঞ্চত উপস্থাপন কৰাৰ লগতে তেওঁলোকৰ বাবে বহু প্ৰতিষ্ঠিত মঞ্চৰ দুৱাৰ মুকলি কৰি দিয়ে। পূৰ্বৰ বিজয়ীসকলে উত্তৰ-পূব ভাৰতৰ অপৰিসীম প্ৰতিভাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰি আৰু আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত নিজৰ বাবে এক সুকীয়া স্থান গঢ়ি তুলি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানসমূহৰ জৰিয়তে লাভ কৰা অভিজ্ঞতা, যোগাযোগ আৰু নেটৱৰ্কে তেওঁলোকক এক শক্তিশালী কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰে, যিয়ে তেওঁলোকৰ বাবে সীমাৰ পৰিধি ভাঙি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সফলতাৰ শিখৰত উপনীত হোৱাৰ পথ মুকলি কৰে।

প্ৰণিধানযোগ্য যে, আঠখন ৰাজ্যৰ অডিচন ট্যুৰৰ সামৰণিৰ পিছত গুৱাহাটীত চূড়ান্ত প্ৰতিযোগীসকলে এসপ্তাহৰ পেছাদাৰী প্ৰশিক্ষণ আৰু গ্ৰুমিং কৰিব। তাৰ পিছত ২০২৫ চনৰ ৩০ আৰু ৩১ জানুৱাৰীত আই টি এ সাংস্কৃতিক কেন্দ্ৰত এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *