• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত বিশিষ্ট অৰ্থপেডিক  ডাঃ অনন্ত যোশীৰ সংবাদ মেল

ByNaba Barta

Mar 1, 2025
Spread the love

অসম তথা উত্তৰপুৰ্বাঞ্চল এতিয়া স্পোৰ্টছ হাবত পৰিণত হৈছে

উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল ভাগ‍্যবান

খেলুৱৈ সকলক নিখুটভাৱে প্ৰশিক্ষণ দিব লাগে যাতে আঘাতৰ পৰা মুক্ত হৈ থাকিব পাৰে

‘ নৱবার্তা গুৱাহাটী: ‘অসম তথা উত্তৰপুৰ্বাঞ্চল এতিয়া স্পোৰ্টছ হাবত পৰিণত হৈছে। পূৰ্বে কিছু আন্ত:গাঁথনিৰ অভাৱৰ বাবে ক্ৰীড়াৰ ক্ষেত্ৰত মুম্বাই, দিল্লী আদিলৈ গৈ প্ৰশিক্ষণ ল’বলগীয়া হৈছিল। এতিয়া অসম তথা ৰাজধানী গুৱাহাটী মহানগৰীত বহুত উন্নত মানৰ ফিট্

নেছ কেন্দ্ৰ গঢ় লৈ উঠিছে যিয়ে ইয়াৰ খেলুৱৈসকলে বহু পৰিমাণে লাভাম্বিত হ’বলৈ সক্ষম হৈছে-এইদৰে কয় মুম্বাইৰ বিশিষ্ট অৰ্থৰোগ বিশেষজ্ঞ ডাঃ অনন্ত যোশীয়ে। চিকিৎসা ক্ষেত্ৰত

৩০ বছৰৰো অধিক অভিজ্ঞতা সম্পন্ন,  অৰ্থ্ৰস্কপি আৰু স্প’ৰ্টছ মেডিচিনত বিশেষজ্ঞ  তথা গুৱাহাটীৰ  ক’ৰাছ প্ৰতীক্ষা অর্থপেডিক হাস্পতালৰ অন্যতম সঞ্চালক ডাঃ অনন্ত যোশীয়ে শুকুৰবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত ফিটনেছ চায়েঞ্চত ক’ৰাছ প্ৰতীক্ষা অর্থপেডিক হাস্পতালৰ আৰু ফিটনেছ চায়েঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়- উত্তৰ পূৰ্বাঞ্চল প্ৰকৃতিৰ ৰম‍্যভূমি। উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল ভাগ‍্যবান।

 কিয়নো তেওঁলোকে

প্ৰাকৃতিকভাৱে শুদ্ধ বায়ু গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। খেলুৱৈ সকলক নিখুটভাৱে প্ৰশিক্ষণ দিব লাগে যাতে আঘাতৰ পৰা মুক্ত হৈ থাকিব পাৰে। ইয়াৰ বাবে যথেষ্ট সজাগতাৰ প্ৰয়োজন। কপিল দেৱ, ৰবি শাস্ত্ৰী, শচীন টেণ্ডুলকাৰ 

স্বাস্থ্যৰ প্ৰতি যথেষ্ট যত্ন লৈছিল। কিছুমান খেলুৱৈ  বংশগতভাবে সু-স্বাস্থ্যৰ অধিকাৰী হৈ আহে। 

 জটিল ক্ৰীড়া আঘাতৰ লগতে গোৰোহা, কান্ধ আৰু আঁঠুৰ সমস্যাৰ বিশেষজ্ঞ ডাঃ অনন্ত যোশীয়ে লগতে কয় যে- খেলুৱৈ  সকলো যথেষ্ঠ চাপত থাকে, বহু সময়ত তেওঁলোকে জিৰণিও নাপায়। তেওঁলোকৰ মাজত

মেদবহুলতা বাঢ়ি গলেও যথেষ্ট সমস্যাৰ সৃষ্টি হয়। তেঁওলোকক উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে সজাগ কৰাৰ প্ৰয়োজন।

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ চিকিৎসক হিচাপে সুপৰিচিত আৰু ক্ৰীড়া আঘাতৰ ক্ষেত্ৰত বি চি চি আইৰ পৰামৰ্শদাতা ডাঃ যোশীয়ে কয় যে যেতিয়া শচীন তেণ্ডুলকাৰ যিকোনো  অস্ত্ৰোপচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল তেওঁ কেতিয়াও শংকা কৰা  নাছিল।’ তেওঁ লগতে

 ক্ৰীড়া আৰু শাৰীৰিক ব্যায়ামৰ ফলত হোৱা আঘাতৰ লগতে গাঁঠি, আৰু হাড়ৰ সৈতে জড়িত সমস্যাৰ বিষয়ে অৱগত কৰাৰ লগতে সামগ্ৰিকভাৱে জনসাধাৰণক এই বিষয়ে সজাগ কৰাৰ  প্ৰয়াস কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *