• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ

ByNaba Barta

Nov 10, 2024
Spread the love

নৱবাৰ্তা গুৱাহাটী,: গুৱাহাটীৰ জালুকবাৰীৰ সদিলাপুৰস্থিত
প্ৰগতি নিউৰো ৰিহাৱৰ ১৮ বছৰ সম্পূৰ্ণ হোৱা বাবে দেওবাৰে
প্ৰগতি ৱেলনেছৰ দে পালন কৰা হয়। এই উপলক্ষে এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।এই সম্পৰ্কে প্ৰগতি নিউৰো ৰেহাৱৰ মুখ্য চিকিৎসক ডাঃ পলাশ
পাঠকে কয়-ৱেলনেচ মানে হৈছে স্বাস্থ্যৰ সুস্থতা , আমি কেনেকৈ স্বাস্থ্যৱান আৰু সুখী হৈ থাকিব পাৰোঁ। এই বিশেষ দিনটোত আমাৰ প্ৰগতি নিউৰো ৰেহাৱৰ চিকিৎসক ডাঃ প্ৰাঞ্জল কাকতি, ডাঃ ৰুবিনা য়াশমিন, ডাঃ আকিবুজ জামান শইকীয়া আহমেদ, নুৰজাহান আখতাৰ, মামণি বেগম,
সীতাৰা বেগম, য়াছমিন,চুলতানা,আবুল্লা আহমেদ,আশাদুল ইছলাম, মনোৱাৰ হুছেইন, মিজানুৰ ৰহমান, ইমানুল হুক, অসমী শৰ্মা,ইশ্ৰাফুল আলম, চাকিলা আহমেদ আদি উপস্থিত থাকে। এই শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক অধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেরা আগবঢ়োৱা হয়। উল্লেখঁ, প্ৰগতি নেউৰ’ ৰিহাব এটা বিষ নিৰাময় কেন্দ্ৰ ইয়াত সকলোধৰণৰ বিষ যেনে গাঁঠিৰ বিষ, ছাৰ্ভাইকেল স্পণ্ডাইলাইটিছ, লাম্বাৰ স্পণ্ডাইলাইটিছ, আঁঠুৰ বিষ, বাতবিষ, পক্ষাঘাত, পাৰ্কিনছন, মস্তিষ্কৰ পক্ষাঘাত ইত্যাদি বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *