• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত নতুন ৩এছ ডিলাৰ মিট্টাল আইচাৰৰ মুকলিৰে উত্তৰ-পূবত উপস্থিতি সম্প্ৰসাৰণ আইচাৰ ট্ৰাকছ এণ্ড বাছেছৰ

ByNaba Barta

Dec 19, 2024
Oplus_131072
Spread the love

  • গুৱাহাটী আৰু কাষৰীয়া অঞ্চলসমূহৰ গ্ৰাহকক সেৱা আগবঢ়োৱাৰ বাবে আইচাৰৰ দায়বদ্ধতাক শক্তিশালী কৰিলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মিট্টাল আইচাৰে
  • নৱবার্তা গুৱাহাটী : ভি ই কমাৰ্চিয়েল ভেহিকেলছ লিমিটেড (ভিইচিভি)ৰ ব্যৱসায়িক শাখা আইচাৰ ট্ৰাকছ এণ্ড বাছেছে অসমৰ গুৱাহাটীত নতুন ৩এছ ডিলাৰশ্বিপ মিট্টাল আইচাৰ উদ্বোধন কৰি নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত অৱস্থিত এই অত্যাধুনিক সুবিধাই গুৱাহাটী আৰু সমগ্ৰ উত্তৰ-পূবৰ গ্ৰাহকৰ বাণিজ্যিক বাহনৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিবলৈ সাজু হৈছে।
    উদ্বোধনী অনুষ্ঠানত ভিইচিভিৰ পৰিচালন সঞ্চালক আৰু মূখ্য কাৰ্যবাহী বিষয়া বিনোদ আগৰৱালে কয়, “আমি গুৱাহাটীত ৩এছ ডিলাৰশ্বিপ মিট্টাল আইচাৰ উদ্বোধন কৰি আনন্দিত হৈছো, যিয়ে আইচাৰৰ ট্ৰাক আৰু বাছৰ গ্ৰাহকক উন্নতমানৰ বিক্ৰী আৰু সেৱাৰ সুবিধা আগবঢ়োৱাৰ আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত অপৰিসীম সম্ভাৱনা আছে আৰু এই সুবিধাই গ্ৰাহকৰ সন্তুষ্টি আৰু ব্ৰেণ্ডৰ উপস্থিতি বৃদ্ধিৰ ক্ষেত্ৰত মূল কেন্দ্ৰ হিচাপে কাম কৰিব।”
    অত্যাধুনিক মিট্টাল আইচাৰ (এছবিএম গ্ৰুপৰ অধীনস্থ) ২৮,৫০০ বৰ্গফুটত বিস্তৃত, ইয়াত একাধিক সেৱা আৰু বিশাল আকাৰৰ গাড়ী প্ৰদৰ্শনৰ স্থান আছে। গড়চুকৰ মূল স্থানত অৱস্থিত এই ডীলাৰে আইচাৰৰ জনপ্ৰিয় ৩এছ (বিক্ৰী, সেৱা আৰু যন্ত্ৰাংশ) সুবিধা লাভত গ্ৰাহকসকলক নিশ্চয়তা প্ৰদান কৰে। ভাৰতৰ লজিষ্টিক আৰু পৰিবহণ খণ্ডত এই নতুন ডিলাৰশ্বিপে আইচাৰৰ ব্যৱসায়িক স্থিতি শক্তিশালী কৰিছে। উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীয়ে ই-কমাৰ্চ, পাৰ্চেল আৰু কুৰিয়াৰ সেৱা, চিমেণ্ট, এলপিজি পৰিবহণ আৰু নিৰ্মাণ খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক আতিথ্য প্ৰদান কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ লগে লগে বাণিজ্যিক বাহন খণ্ডত গুৱাহাটীৰ গুৰুত্ব দ্ৰুতগতিত বৃদ্ধি পাইছে।
    ভিইচিভিৰ ব্যৱসায়িক শাখা আইচাৰ ট্ৰাকছ এণ্ড বাছেছে ৪.৯-৫৫ টন জিভিডব্লিউ ট্ৰাক আৰু ১২-৭২ আসনৰ বাছৰ পৰা আৰম্ভ কৰি বিভিন্ন বাহন নিৰ্মাণ কৰে। এই সকলো সামগ্ৰী আইচাৰৰ উদ্ভাৱনীমূলক BS VI প্ৰযুক্তি- EUTECH6ৰ আধাৰত নিৰ্মিত, যিয়ে আটাইতকৈ নিৰ্ভৰযোগ্য ইঞ্জিন প্ৰযুক্তি আৰু শ্ৰেষ্ঠ ইন্ধন কাৰ্যক্ষমতা প্ৰদান কৰে। আইচাৰে উন্নত টেলিমেটিক্স প্ৰযুক্তি- মাই আইচাৰ আৰু উদ্যোগৰ প্ৰথমখন ৫.৫ টি জিভিডব্লিউ বৈদ্যুতিক ট্ৰাক, আইচাৰ প্ৰ’ ২০৫৫ ইভিৰ সৈতে ১০০% সংযুক্ত বাহনৰ পৰিসৰ প্ৰৱৰ্তন কৰাৰ গৌৰৱ অৰ্জন কৰিছে। উদ্যোগৰ প্ৰথমটো আইচাৰ আপটাইম চেণ্টাৰৰ দ্বাৰা সামগ্ৰীসমূহ নিৰ্মাণ কৰা হৈছে আৰু ই-কমাৰ্চত লজিষ্টিক দক্ষতা বৃদ্ধি, নিৰ্মাণ আৰু খননৰ লগতে বাছত যাত্ৰীৰ সুৰক্ষাৰ দৰে সুবিধাসমূহ আগবঢ়োৱা হৈছে।
    দূৰদৰ্শী সঞ্চালক বিনীত মিট্টাল আৰু লোকেশ মিট্টালৰ নেতৃত্বত এছ বি এম গ্ৰুপে বিভিন্ন উদ্যোগত সফলতাৰ লাভ কৰি নিজকে প্ৰতিষ্ঠা কৰিছে। আগশাৰীৰ প্ৰতিষ্ঠানটোৱে অটোম’বাইল, নিৰ্মাণ, ৰিয়েল ইষ্টেট আৰু বাণিজ্যিক বাহনৰ ডীলাৰৰ যোগেদি ধাৰাবাহিকভাৱে ব্যৱসায়ত গুণগত মান, বিশ্বাস আৰু উদ্ভাৱনক বজাই ৰাখিবলৈ সক্ষম হৈছে। বৈচিত্ৰময় পৰ্টফলিঅ’ আৰু নতুন চিন্তাধাৰাৰ নেতৃত্বৰ সৈতে এছ বি এম গ্ৰুপে আগত বৰ্ষসমূহত অবিৰত সফলতা আৰু বিকাশ লাভ কৰিবলৈ সাজু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *