• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত চাৰিদিনীয়াকৈ ‘এৰিডা’ৰ বিয়েল ইষ্টেট এক্সপ’

ByNaba Barta

Mar 4, 2025
Spread the love

নৱবার্তা গুৱাহাটী, : ফ্রেট কিনাৰ কথা চিন্তা কৰি কিবা বিমোৰত পৰিছে নেকি। তেন্তে চিন্তা নকৰিব। নিজৰ পচন্দ অনুসৰি সকলো দিশ চালি-জাবি চাই ফ্রেট ক্ৰয় কৰাৰ সুবিধা কৰি দিছে আসাম ৰিয়েল ইষ্টেট এন্ড ইনফ্রাস্টাকচার ডেভল’পার্চ এছচিয়েছন চমুকৈ ‘এবিডা’ই। শুৱাহাটীত ‘এৰিডা’ই বিয়েল ইষ্টেট নিয়ামক কর্তৃপক্ষৰ (বিয়েল ইস্টেট ৰেগুলেটরী অথৰিটি, বেবা) সহযোগত ৭ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে ‘এবিডা বিয়েল ইষ্টেট এক্সপ’ৰ (AREIDA Real Estate Expo) আয়োজন কৰিছে। শুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্রেড চেপ্টাৰত এই এক্সপ’ৰ আয়োজন কৰা হৈছে। মঙলবাৰে শুবাহাটী গ্রেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে ‘এবিডা’ৰ সভাপতি পি কে শর্মাই। এই এক্সপ’ৰ যোগেদি এটা স্থানতে ফ্রেট, এপার্টমেন্ট আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্রী বিস্তৃত ৰূপে প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। লগতে নির্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ’ব পাৰিব। এই এক্সপ’ৰ যোগেদি গৃহ ক্রেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি-জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্রহণ কৰিব পাৰিব। তদুপৰি বেংক আৰু বিত্তীয় প্রতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুৰক্ষিত দিশ সম্পর্কে অবগত হ’ব পাৰিব। আনহাতে এক্সপ’ত বেংক তথা বিল্ডাৰসকলে আগবঢ়োৱা বিশেষ ‘এক্সপ ৰেহাই’ৰ সুবিধা লাভ কৰিব পাৰিব। এক্সপ’ৰ যোগেদি ক্রেতা-বিক্রেতাই পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ এখন মঞ্চ লাভ কৰিব। তদুপৰি এই মেলাৰ বিপনীসমূহৰ যোগেদি সম্পত্তি ক্ৰয় কৰিব বিচৰাসকলে ৰিয়েল ইস্টেট খণ্ডৰ আইনী দিশ তথা অধিকাৰ সম্পৰ্কে জানিব পাৰিব। এই মেলা ক্রেতা-বিক্রেতাৰ মাজৰ এক সুন্দৰ মঞ্চ হ’ব। সংবাদমেল যোগে এৰিডাৰ সভাপতি পিকে শর্মাই সকলোকে এক্সপ’লৈ আহিবলৈ আৰু আগবঢ়োৱা বিশেষ সুবিধাসমূহৰ লাভ গ্রহণ কৰিবলৈ অনুৰোধ জনায়। সংবাদমেলত এৰিডাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *