• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা

ByNaba Barta

Mar 6, 2024
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ পল্টন বজাৰত বুধবাৰে জাহাজৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়া সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হয়।কৰ্মশালাত উপস্থিত থকা সমল ব্যক্তি সকলে সম্ভাৱ্য ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ উন্নতিৰ সুযোগৰ বিষয়ে নিজৰ অন্তৰ্দৃষ্টি দিয়ে আৰু সাগৰীয় উদ্যোগত পেছাদাৰী বৃদ্ধিৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ায়। টি চি এম টি মেৰিন ছাৰ্ভিচেছ এল এল পি,কলকাতাৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাত ভাৰতীয় জাহাজ নিগমৰ প্ৰাক্তন অধ্যক্ষ সব্যাসচি হাজৰাই কয় যে “ভাৰত আৰু বহিঃৰাজ্যত আতিথ্য আৰু ক্ৰুজ উদ্যোগৰ বিশাল সুযোগ আৰু উচ্চ উপাৰ্জনৰ সম্ভাৱনা আছে”।বহিঃৰাজ্য আৰু ভাৰতৰ হস্পিটেলিটি এণ্ড ক্ৰুজ ইণ্ডাষ্ট্ৰীৰ বিশাল সুযোগ আৰু উচ্চ উপাৰ্জনৰ সম্ভাৱনাৰ বিষয়ে সম্ভাৱ্য প্ৰাৰ্থীসকলক সচেতন কৰাৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হয়। আলোচনা চক্ৰত প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আৰু বিদেশৰ ক্ৰুজ জাহাজ, ইয়াত আৰু হোটেলত কাম কৰাৰ পৰিসৰৰ বিষয়েও অন্তৰ্দৃষ্টি দিয়া হয়। টিচিএমটিয়ে তেওঁলোকৰ কেম্পাছত ক্ৰুজ জাহাজৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে।কৰ্মশালাত উদ্যোগৰ বহু বিশিষ্ট ব্যক্তিত্ব আৰু শিক্ষাবিদ, ভাৰতীয় জাহাজ নিগমৰ প্ৰাক্তন অধ্যক্ষ সব্যসাচী হাজৰা, আমেৰিকাৰ ক্ৰুজ কেৰিয়াৰ চেণ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া লিয়াম ষ্টেপলেটন, মেৰিনৰ কাইকুব নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া মুকুন্দ মাধৱ আদিয়ে অংশগ্ৰহণ কৰে। টিচিএমটি মেৰিনৰ সঞ্চালক মুন মুন সাহাৰ উপস্থিতিত কলকাতাৰ নটিকেল ইনষ্টিটিউটৰ বিষয়া সহ সদস্য , চেলিব্ৰিটি মিক্স’লজিষ্ট এণ্ড বাৰ কনচালটেণ্ট, কলকাতাৰ
ইৰফান আহমেদ উপস্থিত থাকে। কৰ্মশালাত শতাধিক শিক্ষৰ্থীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকক জাহাজৰ চাকৰিৰ জৰিয়তে কেনেদৰে সংস্থাপনৰ বাট মুকলি কৰি অধিক উপাৰ্জন কৰিব পৰা যায় সেই সম্পৰ্কে নানা পৰামৰ্শ আগবঢ়োৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *