• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীৰ প্ৰথমটো বিশেষ শ্ব’ৰুম মুকলিসমগ্ৰ দেশতে জুৱেলাৰী ব্ৰেণ্ডটোৰ শ্ব’ৰুমৰ সংখ্যা ৪৮টালৈ বৃদ্ধি

ByNaba Barta

Oct 18, 2024
Spread the love

নৱবার্তা গুৱাহাটী: এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটী মহানগৰীত প্ৰথমটো বিশেষ শ্ব’ৰুম মুকলি কৰিলে সুপৰিচিত জুৱেলাৰী ব্ৰেণ্ড কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে। আজি গুৱাহাটীৰ আঠগাঁৱৰ এছ চি ৰোডত কিছনাই তেওঁলোকৰ বিশেষ শ্ব’ৰুমটো মুকলি কৰাৰ লগে লগে সমগ্ৰ দেশৰ ভিতৰতে জুৱেলাৰী ব্ৰেণ্ডটোৰ শ্ব’ৰুমৰ সংখ্যা ৪৮টালৈ বৃদ্ধি পায়। উল্লেখ্য যে, এই শ্ব’ৰুমটোৰ উদ্বোধনী অনুষ্ঠানত হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ঘনশ্যাম ঢোলাকীয়া আৰু কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীৰ সঞ্চালক পৰাগ শ্বাহৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গুৱাহাটীত প্ৰথমটো বিশেষ শ্ব’ৰুম মুকলিৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলৰ বাবে হীৰাৰ গহনা নিৰ্মাণৰ মূল্যত ১০০ শতাংশ পৰ্যন্ত আৰু সোণৰ গহনা নিৰ্মাণৰ মূল্যত ২০ শতাংশ পৰ্যন্ত ৰেহাই আগবঢ়াইছে কিছনাই। সমান্তৰালভাৱে গ্ৰাহকসকলক আকৰ্ষিত কৰিবলৈ কিছনাই #অবকিবাৰআপকেলিয়েশ্বপ এণ্ড উইনকাৰ অভিযানৰ জৰিয়তে গ্ৰাহকসকলক ১০০ খনতকৈ অধিক বিলাসী বাহন জিকাৰ সুযোগ প্ৰদান কৰিছে। শ্ব’ৰুমটোৰ এই বিশেষ অভিযানত অংশগ্ৰহণ কৰিবলৈ গ্ৰাহকসকলে ২০ হাজাৰ বা তাতকৈ অধিক মূল্যৰ হীৰা, প্লেটিনাম বা ছলিটেয়াৰ গহনা অথবা ৫০ হাজাৰ বা তাতকৈ অধিক মূল্যৰ সোণৰ গহনা ক্ৰয় কৰিব লাগিব।শ্ব’ৰুমটোৰ উদ্বোধনী অনুষ্ঠান উপস্থিত থাকি হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ঘনশ্যাম ঢোলাকীয়াই কয়, “দীপাৱলী হৈছে এক নতুনৰ আৰম্ভণি আৰু মধুৰ মুহূৰ্ত উদযাপনৰ সময়। এই উৎসৱৰ অনুভূতি সামৰি ৰখা এক গহনা সংকলন গুৱাহাটীবাসীক উপহাৰ দি আমি গৌৰৱ অনুভৱ কৰিছো। আমাৰ ‘হৰ ঘৰ কিছনা’শীৰ্ষক দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণভাৱে এই সম্প্ৰসাৰণ আগবঢ়াই নিয়া হৈছে, যাৰ জৰিয়তে আমি ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত উত্তৰণ ঘটা জুৱেলাৰী ব্ৰেণ্ড হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। জীৱনত এবাৰ হীৰাৰ গহনা পৰিধান কৰিব বিচৰা প্ৰতিগৰাকী মহিলাৰ এই সপোন আমি বাস্তৱায়িত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীৰ সঞ্চালক পৰাগ শ্বাহে কয়, “দীপাৱলীৰ এই উৎসৱমুখৰ সময়ত উন্মোচন কৰা আমাৰ নতুন শ্ব’ৰুমলৈ গুৱাহাটীবাসীক আদৰণি জনাই আমি অতিশয় উৎসাহিত হৈছো। এয়া উৎসৱৰ বতৰ, আৰু আমাৰ প্ৰতিটো সংগ্ৰহেই এই উৎসৱক বিশেষ কৰি তোলাৰ বাবে প্ৰস্তুত কৰা হৈছে। বিশেষ দীপাৱলীৰ অফাৰৰ পৰা আৰম্ভ কৰি বিলাসী বজাৰ অভিজ্ঞতালৈকে কিছনাই এই উৎসৱৰ বতৰক অধিক আনন্দময় কৰি তোলাৰ বাবে আগবাঢ়িছে।”

কিছনাৰ ফ্ৰেঞ্চাইজি অংশীদাৰ দিলীপ প্ৰসাদে কয়, “কিছনাৰ সৈতে অংশীদাৰিত্ব কৰি আৰু গুৱাহাটীবাসীৰ মাজত এই অনন্য ব্ৰেণ্ডটোৰ পৰিচয় কৰাই দি আমি অত্যন্ত উৎসাহ অনুভৱ কৰিছো। এক অনন্য বজাৰ অভিজ্ঞতা প্ৰদান কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা এই নতুন শ্ব’ৰুমটোত ব্যক্তিগতকৃত সেৱাৰ লগতে বৈচিত্ৰময় গহনা নিৰ্বাচনো অন্তৰ্ভুক্ত কৰা হৈছে। উৎসৱৰ এই আনন্দমুখৰ বতৰত আমি গ্ৰাহকসকলক আমাৰ নতুন সংকলনসমূহ অন্বেষণ কৰিবলৈ আৰু আমাৰ বিশেষ দীপাৱলী অফাৰৰ সুবিধা ল’বলৈ আমন্ত্ৰণ জনাইছো।”

প্ৰণিধানযোগ্য যে, সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে কিছনাই তেওঁলোকৰ নতুন শ্ব’ৰুমটোৰ উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে এক বৃক্ষৰোপণ অভিযানৰো আয়োজন কৰে। তদুপৰি, জুৱেলাৰী ব্ৰেণ্ডটোৱে অভাৱগ্ৰস্তসকলৰ মাজত খাদ্য বিতৰণৰো এক পদক্ষেপ হাতত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *