• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটীত অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰূপালী জয়ন্তী পালন

ByNaba Barta

Sep 15, 2024
Spread the love

নৱবার্তা গুৱাহাটী :অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে দেওবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত বিয়লি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আৰাম্ভণিতেই বৰগীত পৰিবেশন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ৱমেন ফ’ৰামৰ কোষাধ্যক্ষা ড.শিখা বেজবৰুৱা গোস্বামীয়ে।সোনালী দে আৰু ড০ মধুস্মৃতা ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানটিত ক্ৰমে বন্তি প্ৰজ্বলক আৰু উদ্বোধক হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ স্বাস্থ্য বিজ্ঞান বিভাগৰ উপাধ্যক্ষ ড. ধ্ৰুৱজ্যোতি বৰা আৰু মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি,কবি সাহিত্যিক আনিছ উজ জামান।সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক ডা:অৰূপ কুমাৰ বৰ্মন,মুখ্য চিকিৎসা বিষয়া তথা অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্য,সুগায়িকা মনিষা হাজৰিকা,হাৰ্ট কেয়াৰ ছ’চাইটিৰ ৰাজ্যিক উপ-সভাপতি ইক্ৰামুল মজিদ আৰু গুৱাহাটী জিলা সমিতিৰ সভাপতি মুকুল নাৰায়ণ বৰ্মন গুৱাহাটী এপল’ হাস্পতালৰ চিঅ’অ’ মনোজ কুমাৰ ৰয় আদিয়ে।মঞ্চত উপবিষ্ট সকলোকে ছ’চাইটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।আৰু লগতে স্বাস্থ্যসেৱা আৰু উদ্যোগিক ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট সন্মানীয় বহুকেইজন আমন্ত্ৰিত ব্যক্তিক
সম্বৰ্ধনা জনোৱা হয় । তাৰ পিছতেই আদৰণি ভাষণ আগবঢ়াই ছ’চাইটিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি মুকুল নাৰায়ণ বৰ্মনে।ৰাজ্যিক উপ- সভাপতি ইক্ৰামুল মজিদে হাৰ্ট কেয়াৰ চচাইটিৰ চমু বিৱৰণ ডাঙি ধৰে। চি আই আৰ এছ কাৰ্ডৰ চমু আলোকপাত কৰে ৰাজ্যিক সভাপতি ডা: নিৰ্মল কান্তি ভট্টাচাৰ্য আৰু উন্মোচন কৰে বিশিষ্ট কবি আনিচ উজ জামানে।ডা: নিৰ্মল কান্তি ভট্টাচাৰ্যৰ ভাষণৰ পিছতে ৰূপালী জয়ন্ত্ৰীৰ প্ৰতীক উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট চিকিৎসক, সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় ৱমেন ফ’ৰামৰ সম্পাদিকা নিলাক্ষী গোস্বামী বৰুৱাই।
চাহ বিৰতিৰ পিছত আলোচনাচক্ৰ অনুষ্ঠিত হয়।অংশগ্ৰহণ কৰে ডা:ৰাকেশ পাৰিয়াল,ঋতুপৰ্ণা বৰুৱা,নেনা নাথ,বনজিৎ চৌধুৰী,নিলাক্ষ ভট্টাচাৰ্য আদিয়ে।সকলোকে হাৰ্ট কেয়াৰ ছ’চাইটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।সন্ধিয়া পূৰ্বালি শৰ্মা বৰদলৈয়ে আঁত ধৰা সাংস্কৃতিক কাৰ্য়সূচীৰ মূল আকৰ্ষণ আছিল ৱমেন ফ’ৰামৰ মহিলা সকলৰ দ্বাৰা পৰিবেশিত সমদল জ্যোতি সংগীত “তোৰে মোৰে আলোকৰে যাত্ৰা”!নিবেদিতা দে’ৰ শাস্ত্ৰীয় নৃত্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ বাঁহীবাদক দেৱকিশোৰ গোস্বামীৰ শাস্ত্ৰীয় সুৰৰ অনুষ্ঠান,নম্ৰতা তিৱাৰী পৰিবেশন কৰা “নমো নাৰায়ণা” শীৰ্ষক ভাৰত নাট্যম,,অজয় মালাকাৰৰ পৰিচালনাৰে স্বৰস্বতী নাট্যদলৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান,শিখা বেজবৰুৱা গোস্বামীৰ ৰচনা আৰু পৰিচালনাৰে “হাৰ্ট এটেক”শীৰ্ষক সজাগতামূলক চুটি নাট, ড:মৈত্ৰেয়ী বৰুৱা আৰু ৰাকেশ পাৰিয়েল,পাৰ্বতী ভট্টাচাৰ্য,কৰিস্মিতা ডেকা,তানাজ কৰিম,বিজুজ জাহান চালেহা বেগম,ডি.জে.বৰুৱা আদিৰ একক সংগীতানুষ্ঠান ।ড.চন্দ্ৰ শেখৰ শৰ্মাৰ মুখবাদ্য আৰু বিবেকানন্দ ইংৰাজী স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা সমবেত সংগীত আদি অন্যান্য আকৰ্ষণীয় বৰ্ণিল কাৰ্যসূচীৰে ৰঙীণ কৰি তোলা অনুষ্ঠানটি অসম সংগীত পৰিবেশনেৰে সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *