নৱবাৰ্তা গুৱাহাটী :কেন্দ্ৰীয় সমবায় বেংকত সংঘটিত হৈছে কোটি কোটি টকাৰ বিত্তীয় কেলেংকাৰি। বহিৰাগত বনিয়া তথা ইউনিয়ন ক’-অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক ৰাজেন্দ্র দাসে কেইজনমানৰ সৈতে মিলি বেংকৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দেওবাৰে গুৱাহাটীৰ ৰূপনগৰস্থিত মুক্তিযুঁজাৰু ভবনৰ প্রেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদ মেলত ইউনিয়ন কা-অপাৰেটিভ বেংক শ্বেয়াৰ হ’ন্ডার্ছ এছ’চিয়েচনৰ বিষয়ববীয়াসকলে এইকথা সদৰী কৰে। সংবাদ মেলত এছ’চিয়েচনৰ কার্যকৰী সভাপতি দীনেশ চন্দ্র দাস, সভাপতি গোবিন বৰা আৰু সাদাৰণ সম্পাদক ছাহাবুল হকে এই অভিযোগ উত্থাপন কৰি কয় যে দুর্নীতিৰ নায়ক ৰাজেন্দ্র দাসে বেংকৰ শ্বেয়াৰ হ’স্তান্তৰ লগতে জমা বিনিয়োগকাৰীৰ ধন আত্মসাৎ কৰিছে। আনহাতে তেওঁ এই কর্মত অনন্ত গোস্বামী, লক্ষ্যজ্যোতি মহন্ত, অভিলাষ শর্মাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে সহযোগ কৰিছে। ঘটনা সন্দর্ভত শ্বেয়াৰ হ’ল্ডার্ড এছ’চিয়েচনৰ তৰফৰ-পৰা পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে বিষাটো মুখ্যমন্ত্রী ড° হিমন্ত হিমন্ত বিশ্ব শর্মা আৰু মন্ত্রী যোগেন মহনক শীঘ্রেই অৱগত কৰিব বুলি সংবাদ মেলত সদৰী কৰে। সংবাদ মেলত সদৰী কৰা অনুসৰি ইউনিয়ন ক’-অপাৰেটিভ বেংকত ৰাজ্যৰ ১৪ হাজাৰতকৈ অধিক লোকৰ শ্বেয়াৰ আৰু লাখ লাখ একাউন্ট হ’ল্ডাৰৰ ধন জমা আছে। ৰাজেন্দ্র দাসে তেওঁৰ সাংগো পাংগৰ সৈতে মিলি বেংকৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ লগতে নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে। তদুপৰি বহিৰাগত বনিয়া ৰাজেন্দ্র দাসে বেংকৰ মুখ্য কার্যালয়ৰ ছেয়াৰমেন অনন্ত গোস্বামী আৰু লক্ষ্যজ্যোতি মহস্তক নিজৰ হাতৰ মুঠিত ৰাখি মধ্য আৰু নামনি অসমৰ প্ৰায়বোৰ শাখা বন্ধ কৰি দিয়াৰ লগতে কেৱল ডিফু, হাফলং, লামডিং, শিমলুগুৰি আৰু গেলাঘাটত থকা শাখা সমূহ সক্রিয় কৰি ৰাখিছে। সেয়েহে এইক্ষেত্রত অসম চৰকাৰক উচিত তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ।’