• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

এমএমটিচি-পিএএমপি-এ ‘উঃ-পূবৰ দুৱাৰমুখ’ত মুকলি কৰিলে প্ৰথমটো এক্সক্লুছিভ ষ্ট’ৰ, গুৱাহাটীবাসীয়ে লাভ কৰিব ২৪ কেৰেট, ৯৯.৯৯%+ বিশুদ্ধ সোণ আৰু ৰূপৰ মুদ্ৰা/বাৰ

ByNaba Barta

Oct 8, 2024
Spread the love

গুৱাহাটীত ষ্ট’ৰ মুকলিয়ে ভাৰতত প্ৰস্তুত সৰ্বোত্তম চুইছ শিল্পৰ সহায়ত দেশজোৰা পদাংক সুদৃঢ় কৰাৰ লগতে সামগ্ৰিক গ্ৰাহক যাত্ৰাক উন্নীত কৰাৰ এমএমটিচি-পিএএমপিৰ অভিযানত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে
সোণ (২৪ কেৰেট) আৰু ৰূপৰ এমএমটিচি-পিএএমপি প্ৰডাক্টসমূহে দেশৰ ভিতৰতে সৰ্বোত্তম ৯৯.৯৯%+ বিশুদ্ধতাৰ মানদণ্ড প্ৰদান কৰিছে
গুৱাহাটীবাসীয়ে এতিয়া বিনামূলীয়াকৈ নিজৰ পুৰণি সোণৰ সঠিকভাৱে মূল্যায়ন কৰি এমএমটিচি-পিএএমপিৰ স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰ বিক্ৰীৰ সুযোগ গ্ৰহণ কৰিব পাৰিব, যাৰ ফলত গহণাৰ প্ৰকৃত মূল্য উল্লেখ কৰাত নিশ্চয়তা পোৱা যাব

নৱবার্তা গুৱাহাটী, :: ভাৰতৰ একমাত্ৰ এলবিএমএ স্বীকৃতিপ্ৰাপ্ত সোণ-ৰূপৰ পৰিশোধক এমএমটিচি-পিএএমপি-এ উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত নিজৰ পদাংক সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। অনাদি কালৰে পৰা গুৱাহাটীবাসীৰ সোণ আৰু ৰূপৰ সামগ্ৰীৰ প্ৰতি সাংস্কৃতিক আত্মীয়তা আছে। এই ঐতিহ্যৰ ওপৰত ভিত্তি কৰিয়েই প্ৰতিষ্ঠানটোৱে নিজৰ ‘ব্ৰেণ্ড এক্সপিৰিয়েন্স ষ্ট’ৰ’ মুকলি কৰিছে, য’ত অতুলনীয় আস্থা, বিশুদ্ধতা আৰু প্ৰামাণ্যতাৰ প্ৰতিশ্ৰুতি পুনৰ গ্ৰাহকৰ মাজলৈ লৈ অহা হৈছে।
এই ষ্ট’ৰ মুকলিৰ লগে লগে গুৱাহাটীৰ লোকসকলৰ বাবে ৯৯.৯৯%+ বিশুদ্ধ সোণ (২৪ কেৰেট) আৰু ৰূপৰ সামগ্ৰীৰ বিস্তৃত পৰিসৰ আগবঢ়াই গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে সাজু হৈছে। এমএমটিচি-পিএএমপিৰ গুৱাহাটীলৈ আগমনৰ লগে লগে সৰ্বোচ্চ মানদণ্ডৰ সোণ আৰু ৰূপৰ সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ বৰ্ধিত চাহিদা পূৰণ কৰিব আৰু সৰ্বশ্ৰেষ্ঠ চুইছ কাৰুশিল্পৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব।

লগতে গুৱাহাটীবাসীয়ে এতিয়া নিজৰ নিজৰ পুৰণি সোণসমূহ সঠিকভাৱে মূল্যায়ন কৰি এমএমটিচি-পিএএমপিৰ স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰ বিক্ৰী কৰাৰ সুযোগ লাভ কৰিছে, যাৰ ফলত প্ৰকৃত মূল্য উল্লেখ কৰাত সৰ্বোচ্চ সঠিকতাৰ নিশ্চয়তা লাভ কৰে। এই মূল্যায়ন এমএমটিচি-পিএএমপিৰ অত্যাধুনিক প্ৰযুক্তি আৰু চফ্টৱেৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, যিয়ে পৰম্পৰাগত টাচ্চষ্টোন পদ্ধতিত হোৱা মূল্যৰ ক্ষতি অবিহনে ইয়াত মূল্যায়ন পদ্ধতিত সৰ্বোচ্চ সঠিকতা নিশ্চিত কৰা হয়।

গুৱাহাটী ষ্ট’ৰৰ ঠিকনা: এমএমটিচি-পিএএমপি এক্সক্লুছিভ ব্ৰেণ্ড ষ্ট’ৰ, অৱতাৰ নিৱাস, গ্ৰাউণ্ড ফ্ল’ৰ, জি.এছ ৰোড ,পল্টন বজাৰ ,মণিপুৰীবস্তিৰ ওচৰত, এল পি স্কুল, গুৱাহাটী , অসম-৭৮১০০৭

এই পদক্ষেপৰ কথা বিনিময় কৰি উত্সাহেৰে এমএমটিচি-পিএএমপিৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিকাশ সিঙে কয় যে, “উত্তৰ-পূব ভাৰতৰ সজীৱ সংস্কৃতি আৰু বৈচিত্ৰ্যময় মনোভাৱৰ অংশ হ’বলৈ পাই আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মূল্যৱান ধাতুৰ প্ৰতি এক সাংস্কৃতিক টান আছে। কেৱল এয়া ধন-সম্পদৰ প্ৰতীক হিচাপে নহয়, লগতে পৰম্পৰা, উদযাপন আৰু পাৰিবাৰিক বন্ধনৰ মূৰ্ত ৰূপ হিচাপেও গণ্য কৰা হয়। গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো ষ্ট’ৰ মুকলি কৰাটো ভাৰতৰ প্ৰতিটো প্ৰান্তলৈ বিশ্ব মানদণ্ডৰ বহুমূলীয়া ধাতুৰ সামগ্ৰী উপলব্ধ কৰাটো আমাৰ দায়বদ্ধতাৰ প্ৰমাণ। আমি কেৱল এটা ষ্ট’ৰতকৈও সীমাৱদ্ধ নাথাকি ইয়াক সম্প্ৰসাৰণৰ লক্ষ্য ৰাখিছো। আমি অঞ্চলটোৰ বৃদ্ধিৰ কাহিনীৰ এক বিশ্বাসযোগ্য অংশীদাৰ হ’ব বিচাৰো, পৰিয়ালসমূহক নিজৰ নিজৰ উত্তৰাধিকাৰ গঢ়ি তোলা আৰু সংৰক্ষণ কৰাত সহায় কৰিব বিচাৰো। আমাৰ গুৱাহাটীৰ ব্ৰেণ্ড এক্সপিৰিয়েন্স ষ্ট’ৰে আমাৰ এলবিএমএ স্বীকৃতিপ্ৰাপ্ত স্বৰ্ণ আৰু ৰূপৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰি বিশুদ্ধতা পৰীক্ষণ কেন্দ্ৰ হিচাপে কাম কৰিব, যাতে অঞ্চলটোৰ গ্ৰাহকসকলে গুণগত মান আৰু প্ৰামাণ্যতাৰ সৰ্বোত্তম মানদণ্ডৰ সুবিধা লাভ কৰাটো নিশ্চিত হয়।”

২০০৮ চনত স্থাপিত এমএমটিচি-পিএএমপি-এ মূল্যৱান ধাতুৰ বাবে ভাৰতৰ একমাত্ৰ সম্পূৰ্ণ একত্ৰিত পৰিৱেশ তন্ত্ৰ প্ৰস্তুত কৰিছে, য’ত আছে – ডিজিটেল সোণ আৰু ৰূপ, বুলিয়ন (সোণ আৰু ৰূপ), মিণ্টেড মুদ্ৰা (সোণ আৰু ৰূপ), বাইবেক আৰু পুৰণি সোণৰ পুনৰ্ব্যৱহাৰ। এমএমটিচি-পিএএমপি-এ ইতিমধ্যে ডিজিটেল সোণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰদূত আৰু সমগ্ৰ ভাৰতত এক শক্তিশালী গ্ৰাহক ভিত্তি আছে। এমএমটিচি-পিএএমপি-এ ইয়াৰ দেশব্যাপী উপস্থিতি শক্তিশালী কৰিবলৈ আৰু গ্ৰাহকৰ সৈতে এক নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। ব্ৰেণ্ডটোৱে মূল্যৱান ধাতুৰ বজাৰত নিজৰ উপস্থিতি শক্তিশালী কৰিব বিচাৰে। শেহতীয়াকৈ, এমএমটিচি-পিএএমপি-এ দিল্লী, গাজিয়াবাদ, নয়ডা, লুধিয়ানা আৰু পুনেত নতুন কেন্দ্ৰ মুকলি কৰিছে, নতুন সেৱা কেন্দ্ৰকেইটাক বিশ্বস্ত আৰু বিশুদ্ধ মূল্যৱান ধাতুৰ সামগ্ৰী বিচৰা গ্ৰাহকসকলে আদৰণি জনাইছে।

প্ৰতিটো এমএমটিচি-পিএএমপি সামগ্ৰীয়েই এটা অনন্য নম্বৰ কঢ়িয়াই লৈ ফুৰে আৰু প্ৰডাক্টৰ প্ৰামাণ্যতা নিশ্চিত কৰিবলৈ এচেয়াৰ প্ৰমাণিত চাৰ্টিকাৰ্ডত পেকেজ প্ৰদান কৰা হয়। এমএমটিচি-পিএএমপিৰ সামগ্ৰীসমূহে ইতিবাচক ওজন সহনশীলতা প্ৰদান কৰে, যিয়ে নিশ্চিত কৰে যে আপুনি কিনা প্ৰতিটো মুদ্ৰা বা বাৰৰ ওজন তালিকাভুক্ত ওজনতকৈ অধিক, সেয়েহে গ্ৰাহকে নিজৰ বিনিয়োগৰ বাবে সৰ্বোচ্চ মূল্য পোৱাটো নিশ্চিত কৰে। গুৱাহাটীত এমএমটিচি-পিএএমপিৰ দ্বাৰা নতুনকৈ মুকলি কৰা পিভিচি গ্ৰাহকসকলৰ সোণ-ৰূপৰ প্ৰয়োজনীয়তাৰ বাবে বিশ্বাসযোগ্য ব্ৰেণ্ডৰ সন্ধানৰ বাবে ৱান ষ্টপ গন্তব্যস্থান।

Leave a Reply

Your email address will not be published. Required fields are marked *