• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে গুৱাহাটীত মুকলি কৰিলে বিপণী

ByNaba Barta

Dec 9, 2024
Spread the love

নৱবার্তা গুৱাহাটী: ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে আজি গুৱাহাটীত মুকলি কৰে প্ৰতিষ্ঠানটোৰ বিপণীখন। ইণ্ডিয়া চিল্ক হাউচৰ প্ৰতিষ্ঠাপক শ্রীমতী প্ৰতিভা দোধুৰীৰ লগতে চেতনা লেডিজ ক্লাবৰ সভানেত্রী শ্ৰীমতী আশা আগৰৱাল,জি ভি গোয়েঙ্কা ট’ডলাৰ হাউচৰ প্ৰতিষ্ঠাপক সঞ্চালক,বিশিষ্ট সমাজকৰ্মী শ্রীমতী স্বেতা সোমানী উপস্থিতিত ফিটা কাটি বিপণীখনৰ শুভ উদ্বোধন কৰা হয়।
বঙ্গদেশৰ শাৰী বিশেষজ্ঞসবৰ হৃদয় জয় কৰাৰ পাছত ইণ্ডিয়া চিল্ক হাউচ এজেন্সীয়ে ব্ৰেণ্ডটোৱে গুৱাহাটীলৈ প্ৰতিষ্ঠানটোৰ সম্প্ৰসাৰণ বৃদ্ধি কৰিছে আৰু অতিসম্প্রতি সমগ্র ভাৰতবৰ্ষ তথা গুৱাহাটীটো বঙ্গৰ শাৰীবোৰৰ আকৰ্ষণ,বিবিধ সৌন্দর্য্য কঢ়িয়াবলৈ সাজু হৈছে।
অসমলৈ আমাৰ প্ৰবেশৰ বিষয়টো উল্লেখ্য, কিয়নো এয়া হৈছে বিকাশৰ নিৰন্তৰ যাত্রাত সমগ্র ভাৰতবৰ্ষত শাৰীৰ সৌন্দর্য্য প্ৰৱৰ্তনত আমাৰ সমৰ্পন সূচাইছে। অসমত আমি এক সাংস্কৃতিক সমন্বয় সাধন কৰিবৰ লক্ষ্য ৰাখিছো,যি সমন্বয়ে বঙ্গত আমাৰ শিপা আৰু বিস্তাৰিত ভাৰতীয় পৰম্পৰাৰ প্ৰতি সৰ্বসন্মত হোৱাৰ ওপৰিও স্হানীয় লোকাচাৰৰ সৈতেও সংপৃক্ত হৈ থাকে।
ৰাজৰ্শী দে,চিনিঅ’ৰ বিজিনেচ ডেভেলপমেন্ট মেনেজাৰ,ভাৰত, আজিৰে পৰা অসমৰ গ্রাহকৰ বাবে এটা সপ্তাহৰ কাৰণে ১০% ৰেহাই ঘোষণা কৰিছে। তেওঁ কয় যে, কোম্পানীটোৱে ২০২৫ চনৰ ভিতৰত সমগ্র ভাৰতবৰ্ষতে ১০০ খন বিপণী মুকলি কৰাৰ প্ৰস্তাৱ দিছে।
ইণ্ডিয়া চিল্ক হাউচ এজেন্সীটো ১৯৭১ চনত কোলকাতাত স্থাপিত হৈছিল আৰু তেতিয়াৰে পৰাই শাৰী প্ৰস্তুতকৰ্তা হিচাপে এটা অগ্ৰণী নামহৈ পৰিছিল। বঙ্গৰ বালুচাৰীৰ পৰা দক্ষিণৰ কাঞ্জিভৰম আৰু উত্তৰৰ ৰাজকীয় বেনাৰচীলৈকে প্ৰতিটো শাৰীৰ বেণ্ড হৈছে মানদণ্ড আৰু

কাৰুশিল্পৰ প্ৰতি ব্রেণ্ডটোৰ অতুল্য প্ৰমাণ। ব্ৰেণ্ডৰ সংগ্রহবোৰত সমগ্র ভাৰতবৰ্ষৰ পৰা উৎকৃষ্ট শাৰীৰ প্দ ৰ্শিত হৈছে, যিয়ে ভাৰতীয় সাংস্কৃতিক বৈচিত্র্য আৰু ঐক্যতা উদযাপিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *