• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আঞ্চলিক পৰ্যায়ত নিয়োগ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ : ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত নিয়োগ কৰিবলৈ সাজু হৈছে ২০০ৰো অধিক নতুন কৰ্মচাৰী

ByNaba Barta

Jul 4, 2024
Spread the love

● ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নিয়োগ অভিযানত ২০০ৰো অধিক প্ৰাৰ্থীক নিযুক্তি দিব এনইএছএফবিয়ে
● বেংকটোৱে গুৱাহাটী, লখিমপুৰ, নলবাৰী, তেজপুৰ, যোৰহাট, ডিফু, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ, শ্বিলং, শিলিগুড়ি, আগৰতলা আৰু আইজল আদিৰ বিভিন্ন শাখাত বিভিন্ন খালী পদত নিযুক্তি দিব

নৱবার্তা গুৱাহাটী : নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে উত্তৰ-পূবৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিস্তৃত পদক্ষেপৰ প্ৰথম পৰ্যায়ত বেংকটোৱে ২০০ৰো অধিক নতুন কৰ্মচাৰীক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে। এনইএছএফবিয়ে গুৱাহাটী, লখিমপুৰ, নলবাৰী, তেজপুৰ, যোৰহাট, ডিফু, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ,শ্বিলং, শিলিগুড়ি, আগৰতলা আৰু আইজল আদি শাখাত বিভিন্ন কামৰ বাবে নিযুক্তি দিব। ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত নিয়োগ সৃষ্টি আৰু দক্ষতা বিকাশৰ প্ৰতি বেংকৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে।
এই নিয়োগ অভিযানৰ প্ৰথম পৰ্যায়ৰ বাবে বেংকটোৱে প্ৰধানভাৱে নিজৰ শাখাবোৰত দুটা গুৰুত্বপূৰ্ণ পদত নিয়োগ কৰিব: জনসম্পৰ্ক বিষয়া – সম্পদ আৰু জনসম্পৰ্ক বিষয়া – দায়বদ্ধতা। বেংক খণ্ডত স্নাতক ডিগ্ৰী আৰু ০-৩ বছৰৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকলক আবেদন কৰিবলৈ উৎসাহিত কৰা হয়।
এই প্ৰয়াস এনইএছএফবিৰ বৃহত্তৰ উদ্দেশ্য উত্তৰ-পূৰ্বাঞ্চলত আৰ্থিক অন্তৰ্ভুক্তি, কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ প্ৰসাৰৰ অন্য়তম অংশ। বেংগালুৰুস্থিত ফিনটেক ইউনিকৰ্ন, শ্লাইচৰ সৈতে সহযোগিতাৰে কাম আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে অনাগত দিনবোৰত বেংকটোৱে নিজৰ কৰ্মশক্তি আৰু অধিক বৃদ্ধি কৰাৰ মনস্থ কৰিছে। নিয়োগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনইএছএফবিয়ে স্থানীয় যুৱক-যুৱতীসকলক বিত্তীয় খণ্ডত সফল হোৱাৰ বাবে সুযোগ প্ৰদান কৰাৰ আশা কৰিছে, যিয়ে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নতিত বিশেষভাৱে অৰিহণা যোগাব।
এই পদক্ষেপৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি এনইএছএফবিৰ এম ডি তথা চিইঅ’ সতীশ কুমাৰ কালৰাই কয় যে, “আমি আমাৰ স্থানীয় প্ৰতিভাসমূহক সঠিকভাৱে গুৰুত্ব প্ৰদান কৰি আহিছোঁ আৰু এইসকল লোকক বৃহৎ আৰু অধিক সুযোগেৰে সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপৰ জৰিয়তে আমি উত্তৰ-পূবৰ লোকসকলৰ সম্ভাৱনাক লালন-পালন কৰাৰ আকাংক্ষা কৰিছো, শ্লাইচৰ সৈতে অব্যাহত থকা সহযোগিতাৰ আঁৰত আমাৰ প্ৰধান লক্ষ্য হৈছে বেংক সামগ্ৰীৰ জৰিয়তে হওক বা নিয়োগৰ সুযোগৰ জৰিয়তে হওক উত্তৰ-পূবৰ অৰ্থনৈতিক উন্নয়নৰ চেম্পিয়ন হোৱা । ৫ বছৰীয়া এক বিস্তৃত উন্নয়ন পৰিকল্পনাৰ লগতে আমি অঞ্চলটোত শুভাৰম্ভণিৰ পৰিকল্পনা কৰা বিভিন্ন পৰ্যায়ৰ ভিতৰত এয়াও এক অন্যতম অংশ, যি পদক্ষেপৰ বিষয়ে অচিৰে উত্তৰ-পূবৰ জনসাধাৰণৰ সৈতে ভাগ-বতৰা কৰিম।”
এই নিয়োগ অভিযানে স্থানীয় প্ৰতিভাৰ অন্বেষণ আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যাতে সকলোৱে নিজৰ সম্প্ৰদায়ত উল্লেখযোগ্য নিয়োগৰ সুযোগ লাভ কৰাটো নিশ্চিত কৰিব পৰা যায়।
আবেদন প্ৰক্ৰিয়া:
ইচ্ছুক প্ৰাৰ্থীসকলক https://nesfb.com/applyত আবেদন কৰিবলৈ উৎসাহিত কৰা হৈছে। এই আবেদন প্ৰক্ৰিয়া পোনপটীয়া আৰু বেংকটোৱে সকলো আবেদনকাৰীক সমান সুযোগ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু বিশেষভাৱে মহিলাসকলক সুযোগ প্ৰদান কৰিবলৈ আবেদনৰ বাবে অধিক উৎসাহিত কৰা হয়। সকলো পঞ্জীয়ন শেষ হ’লে স্ক্ৰীনিং টেষ্টৰ পিছত দ্বিতীয় ৰাউণ্ডৰ বাবে চৰ্টলিষ্ট কৰা হ’ব। প্ৰাৰ্থী বাচনি কৰাৰ লগে লগে চূড়ান্ত ৰাউণ্ডৰ সাক্ষাৎকাৰৰ মুখামুখি হ’ব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *