• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আজি বিশ্ব হৃদ দিৱস

ByNaba Barta

Sep 28, 2024
Spread the love

গুৱাহাটী-ধুবুৰীত সজাগতা সমদলৰ প্ৰস্তুতি “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ

নৱবার্তা গুৱাহাটী,:বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বিশ্ব হৃদ দিৱস উদ্‌যাপন কৰিব ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”য়ে ৷ সংস্থাটোৱে প্ৰতিষ্ঠা কালৰে পৰা ২৯ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব হৃদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ গুৱাহাটী মহানগৰীৰ লগতে অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তৱৰ্তী অঞ্চলতো এই কাৰ্যসূচী প্ৰতি বছৰে পালন কৰি আহিছে সংস্থাটোৱে ৷ এইবেলিও কাইলৈ পুৱা ৫-৩০ বজাত মহানগৰীৰ দিছপুৰ হাস্পতালৰ পৰা হাতীগাঁৱস্থিত “দ্য হাৰ্ট”ৰ শাখা কাৰ্যালয়লৈ সজাগতামূলক সমদল উলিওৱাৰ লগতে ধুবুৰীতো একেই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ এই কথা সদৰী কৰি “দ্য হাৰ্ট”ৰ সভাপতি তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদকে কয় যে এইবেলি বিশ্ব হৃদ দিৱসৰ আহ্বান হৈছে “use heart for action”, অৰ্থাৎ হৃদযন্ত্ৰৰ বিষয়ে সকলোৱে বুজিব লাগে আৰু ইয়াক সুস্থ শৰীৰৰ বাবে কাৰ্যক্ষম কৰিব লাগে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ মাজত পূৰ্ণ সজাগতা সৃষ্টিৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰা হৈছে ৷ ইতিমধ্যে কালি বিশ্বনাথ চাৰিআলিত এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰি সজাগতামূলক প্ৰচাৰ চলোৱা হয় ৷ এই শিবিৰত ৩৫০ গৰাকীৰো অধিক বিভিন্ন বয়সৰ লোকৰ যকৃতৰ ফাইব্ৰ’স্কেন , লিপিড প্ৰ’ফাইল কৰাৰ উপৰি উচ্চ ৰক্তচাপ, মধুমেহ আৰু ই চি জিৰে হৃদপিণ্ড পৰীক্ষা কৰা হয় ৷ ফাইব্ৰ’স্কেন ১২০ গৰাকীৰ, ইচিজি ৩৬০ গৰাকীৰ আৰু ১০০ গৰাকীৰ লিপিড প্ৰ’ফাইল পৰীক্ষা কৰা হয় ৷ দন্ত্য চিকিৎসা আগবঢ়োৱা হয় ৮৫ গৰাকীলৈ ৷ প্ৰচাৰ সম্পাদক নৱজ্যোতি পাঠকে প্ৰেৰণ কৰা এক বিবৃতি যোগে কাইলৈ মহানগৰীত উলিয়াবলগীয়া সজাগতা সমদলত স্বাস্থ্য সচেতন ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সংস্থাটোৱে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *