• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসম সাহিত্য সভাৰ সাংবাদিক সন্মিলন-সম্বৰ্ধনা, বটা প্ৰদান অনুষ্ঠান

ByNaba Barta

Feb 4, 2025
Spread the love

‘প্ৰতিদিন গোষ্ঠী’ৰ ১৪ গৰাকীসহ ৰাজ্যৰ বহুকেইগৰাকী সাংবাদিকক নিষ্ঠাবান সাংবাদিকতা বটা প্ৰদান

হাইদৰ হুছেইনলৈ ‘ লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটা’ , জিতেন্দ্ৰ কুমাৰ চৌধুৰীক প্ৰদান ‘কীৰ্তিনাথ হাজৰিকা সাংবাদিকতা বঁটা’

এহেজাৰ বন্দুকতকৈ এখন বাতৰি কাকত অধিক শক্তিশালী: ডঃ বসন্ত কুমাৰ গোস্বামী

নৱবাৰ্তা ফেব্ৰুৱাৰী ঃ অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ গ্ৰন্থ মেলাস্থলীত আজি অনুষ্ঠিত হয় সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা-বঁটা প্ৰদান অনুষ্ঠান। বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনলৈ সাহিত্য সভাই আগবঢ়াই ‘লক্ষ্মীনাথ ফুকন সাংবাদিক বঁটা’ আৰু জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীক সভাই প্ৰদান কৰে ‘কীৰ্তিনাথ হাজৰিকা সাংবাদিক বঁটা’। এই বঁটাত আছে গামোচা, মানপত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা। অৱশ্যে বিশেষ অসুবিধা বশত: বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। ইফালে একেতা অনুষ্ঠানত ‘প্ৰতিদিন গোষ্ঠীৰ ১৪ গৰাকীসহ ৰাজ্যৰ ৰাজ্যৰ বহুকেই গৰাকী সাংবাদিকক সাহিত্য সভাই প্ৰদান কৰে ‘নিষ্ঠাবান সাংবাদিকতা বটা’। এই বঁটা লাভ কৰা ‘প্রতিদিন গোষ্ঠী’ৰ সাংবাদিককেইগৰাকী হৈছে ক্রমে― ‘অসমীয়া প্রতিদিন’ৰ জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয়, ডিব্ৰুগড় কার্যালয়ৰ জ্যেষ্ঠ
সাংবাদিক প্রবীৰ চক্রবর্তী, গুৱাহাটী কাৰ্যালয়ৰ জ্যেষ্ঠ উপ-সম্পাদক অঞ্জন কুমাৰ শৰ্মা, চিৰাঙৰ প্রতিনিধি জয়ন্ত দেবনাথ, দৰঙৰ হোমেন কাকতি, বাক্সাৰ মনোহৰ ৰাজবংশী, কামৰূপ জিলাৰ ডিমুৰ তৰণীচৰণ কলিতা, বজালীৰ নৱকান্ত কলিতা,ভবাণিপুৰৰ প্ৰশান্ত কুমাৰ দাস, পাঠশালাৰ অখিল কাকতি, ‘প্রতিদিন টাইম’ৰ গুৱাহাটী কাৰ্যালয়ৰ গৌতম শর্মা, ‘প্রতিদিন টাইম’ৰ মৰিগাঁৱৰ মানবেন্দ্র দেবনাথ, ‘প্ৰতিদিন টাইম’ৰ কামৰূপৰ ব্যুৰ প্ৰকাশ ডেকা আৰু ওদালগুৰিৰ ‘প্রতিদিন টাইম’ৰ সাংবাদিক মোছাদ্দিক হুছেইন।
তদুপৰি এই বঁটা লাভ কৰা আন সাংবাদিক সকল হৈছে― তিনিচুকীয়াৰ ৰবীন মৰাণ, গুৱাহাটীৰ বশিষ্ঠ দেৱ ফুকন, গুৱাহাটীৰ ৰুবুল গগৈ, অজিত চহৰীয়া, মানস জ্যোতি বৰা, নগাওঁৰ মিন্টু দাস, গুৱাহাটীৰ নিপ কুমাৰ বৰুৱা, মুনিন্দ্ৰ ডেকা, নিলোৎপল ৰায় চৌধুৰী, দ্বীপেন বৰুৱা, সোনাধৰ ডেকা, কিশোৰজ্যোতি শৰ্মা, পংকজ কলিতা, ভাস্কাৰজ্যোতি বৰা, অনুপমা ডেকা, হাইলাকান্দিৰ অনিন্দ কুমাৰ নাথ, শ্ৰীভূমিৰ অৰূপ দে, লক্ষীমপুৰৰ জীৱন গোস্বামী, কামৰূপ মহানগৰৰ অজিত দাস, নলবাৰীৰ হেমন্ত কুমাৰ শিল, কামিনি কান্ত মিশ্ৰ, ধুবুৰীৰ ইৰফান খন্দকাৰ, হাতশিঙিমাৰীৰ মকিবুৰ ৰহমান মণ্ডল, বঙাইগাঁওৰ দিম্পি মণি শৰ্মা, তামূলপুৰৰ বাবু ৰাম বড়ো, কাছাৰৰ মকচুদুল চৌধুৰী, ধেমাজিৰ নয়নমনি মহন্ত, নগাঁৱৰ প্ৰাঞ্জল বৰদলৈ, গোৱালপাৰাৰ জহিদুল ইছলাম, কামৰূপৰ ৰণ্টু বৈশ্য, দিগন্ত বৰদলৈ,প্ৰণৱ কুমাৰ গোস্বামী, ৰঞ্জিত দাস, ৰানা ডেকা, যোৰহাটৰ নিৰঞ্জন মহন্ত, ডিব্ৰুগড়ৰ ৰাতুল বুঢ়াগোহাঁই, নৰেশ্বৰ ৰাজবংশী, শোণিতপুৰৰ পুলক ডেকা, বৰপেটাৰ চক্ৰেশ্বৰ ডেকা, গুৱাহাটীৰ মুন গোস্বামী, মনোৰঞ্জন কলিতা, নলবাৰীৰ পৰেশ চন্দ্ৰ শৰ্মা,গুৱাহাটীৰ ৱেব কুমাৰ বৰা,সৰ্থেবাৰীৰ নকুল তালুকদাৰ,পাঠশালাৰ কল্যান কলিতা,ৰহাৰ বুলন চন্দ্ৰ নাথ,শিৱসাগৰৰ মনোজ কুমাৰ গগৈ, গুৱাহাটীৰ প্ৰদীপ বৰ্মন,পাঠশালাৰ কৈলাশ চৌধুৰী,ভবাণিপুৰৰ জিন্টুল তালুকদাৰ আৰু নলবাৰীৰ শ্বাহ আলম। নিষ্ঠাবান সাংবাদিকতা বঁটাত আছে এই বঁটাত আছে গামোচা, মানপত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা। অনুষ্ঠানত উপস্থিত থকা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস , লেখক; সাংবাদিক নৰেশ কলিতা, বেদব্ৰত মিশ্ৰ আদিয়ে বটাসমূহ অনুষ্ঠানিকভাবে প্ৰদান কৰে। অৱেশ্য বিশেষ অসুবিধাৰ বাবে ইয়াৰে কেইবাগৰাকীও সাংবাদিকে আজিৰ অনুষ্ঠানত উপস্থিত থাকি বঁটা গ্ৰহণ কৰিব নোৱাৰিলে। সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই আঁত ধৰা এই অনুষ্ঠান উদ্ধোধন কৰে ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই। ৰাজনৈতিক নেতাতকৈ ভাষাক নেতৃত্ব দিয়া মানুহ বহুত কম বুলি ভাষণত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উল্লেখ কৰে। ইফালে অনুষ্ঠানত সভাপতিত্ব কৰি সাহিত্য সভাৰ নব নিৰ্বাচিত সভাপতি, বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয়―’ সাংবাদিকসকলক সভাই যুগে যুগে সন্মান জনাই আহিছে। এহেজাৰ বন্দুকতকৈ এখন বাতৰি কাকত অধিক শক্তিশালী। এখন বাতৰি কাকত কেৱল ৰাইজৰ ওচৰত দায়বদ্ধ। সমাজৰ আৱৰ্জনা ধুই নিকা কৰাৰ দায়িত্ব সাংবাদিকৰ ওপৰত ন্যস্ত।’ইফালে আদৰণি সমিতিৰ সভাপতি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে কয়―’মোৰ জীৱনৰ প্ৰথম পৰিচয় সাংবাদিক। সাংবাদিকতা কৰাৰ বহু অভিজ্ঞতা মোৰ আছে। আমাৰ প্ৰতিগৰাকী সাংবাদিকে নিষ্ঠাবান।’ অনুষ্ঠানত সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ সভাপতি অজিত প্রসাদ শৰ্মা, অসম বাৰ্তাজীৱি সংঘৰ সভাপতি মধুসূদন মেধিকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *