• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসম পৰ্যটনৰ প্ৰচাৰ চলাই ১২০ দিনত অতিক্ৰমিব ৯,০০০ কিলোমিটাৰ

ByNaba Barta

Mar 4, 2025
Spread the love

মস্কোৰ পৰা গুৱাহাটীলৈ এখন ভৰিৰে চাইকেল চলোৱাৰ বাবে সাজু হৈছে ৰাকেশ পেৰাচাইক্লিষ্ট

নৱবার্তা গুৱাহাটী,:
‘মই লুইতৰ পৰা মিছিচিপি হৈ ভল্গাৰ ৰূপ চালোঁ…।’ ড০ ভূপেন হাজৰিকাৰ প্ৰখ্যাত ‘মই এটি যাযাবৰ’ শীৰ্ষক গীতটিকে এইবাৰ বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছে এজন অসম সন্তান ৰাকেশ বণিক ওৰফে ৰাকেশ পেৰাচাইক্লিষ্ট। অৱশ্যে ৰাকেশে মস্কোৰ পৰাহে গুৱাহাটীলৈ বুলি এক দুঃসাহসিক চাইকেল অভিযানত অংশ ল’ব। Volga to Brahmaputra Cyclothon,25 শীৰ্ষক এই অভিযানত ৰাকেশে প্ৰায় ৯,০০০ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰিব। অসম পৰ্যটন, ভাৰতীয় পৰ্যটনৰ লগতে ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰচাৰৰ বাবে দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছে লোৱা এই চাইকেল অভিযানৰ বিষয়ে মঙলবাৰে এখন সংবাদমেলত সদৰী কৰে ৰাকেশে।

মস্কোৰ ভাৰতীয় দূতাবাসত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত এই অভিযানৰ ফ্লেগ অফ অনুষ্ঠান আয়োজিত হ’ব। ১২০ দিনজোৰা চাইকেল যাত্ৰাৰ কালত ৰাকেশে ৰাছিয়াৰ উপৰিও কাজাখস্তান, কিৰ্গিজস্তান, চীন, তিব্বত, নেপাল হৈ ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীত এই অভিযানৰ সামৰণি মাৰিব। অসীম ধৈৰ্য, পৰিশ্ৰম, দুঃসাহসিক মনোবৃত্তিৰ পৰিচয় দি ৰাকেশ সাজু হৈছে এই অভিযানৰ বাবে। উল্লেখ্য যে ২০১২ চনতে এক পথ দুৰ্ঘটনাত আহত হোৱাৰ পিছত ৰাকেশৰ সো–ভৰিখন আঁঠুৰ ওপৰত কাটি পেলাবলগীয়া হৈছিল। কিন্তু তাৰপিছতো হতাশ নহৈ ৰাকেশে এখন প্ৰষ্টেটিক লেগ লগাই স্বাভাৱিক মানুহৰ দৰে জীৱন যাত্ৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাই আহিছে। অদম্য মনোবলৰ অধিকাৰী ৰাকেশে ইয়াৰ পূৰ্বে বেংককৰ পৰা গুৱাহাটীলৈ, মানালিৰ পৰা ১৭,৫৮২ ফুট উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ খাৰদুংলা পাছলৈ, দিল্লীৰ পৰা গুৱাহাটীলৈ বুলি চাইকেলেৰে কেইবাটাও দুঃসাহসিক অভিযান সফলতাৰে সম্পন্ন কৰিছে। পেৰাচাইক্লিষ্ট ৰাকেশে ইয়াৰ লগতে আন কেইবাটাও দুঃসাহসিক চাইকেল অভিযানতো অংশ লৈছে। নিৰ্বাচন আয়োগৰ অসমৰ বাবে ষ্টেট আইকন হিচাপে নিৰ্বাচিত ৰাকেশে সংবাদমেলত এই অভিযানকালত সন্মুখীন হ’ব পৰা বিভিন্ন প্ৰত্যাহ্বান সন্দৰ্ভতো সদৰী কৰে। উল্লেখ্য যে, প্ৰায় ১৫ লাখ টকাৰ বাজেটেৰে এই অভিযানৰ বাবে সাজু হোৱা ৰাকেশে আৰ্থিক সংকটত ভুগিছে আৰু এই ক্ষেত্ৰত সহায়ৰ বাবে চৰকাৰ তথা দল–সংগঠনক সংবাদমেলত গোহাৰি জনাইছে।

অসম পৰ্যটনৰ প্ৰচাৰৰ বাবে যোৱা ৰাকেশৰ সংবাদমেলত অসম চৰকাৰৰ পৰ্যটন সচিব পদ্মপানি বৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগৰ উপ সঞ্চালক প্ৰধান অনিল এৰ’য়ে এই চাইকেল অভিযানত চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰে। পৰ্বত আৰোহী তথা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, আন্তঃৰাষ্ট্ৰীয় চেনেল ছুইমাৰ এলভিছ আলী হাজৰিকা, আন্তৰ্জাতিক বাইকাৰ মীনাক্ষি দাস, হোটেল নন্দনৰ সঞ্চালক শাশ্বত পাৰ্থ শৰ্মাই সংবাদমেলত অংশ লৈ ৰাকেশ বণিকৰ অভিযানৰ সাফল্য কামনা কৰাৰ লগতে ৰাকেশক আৰ্থিক পৃষ্ঠপোষকতা আগবঢ়াবলৈ চৰকাৰ তথা বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *