• Fri. Jul 11th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসমৰ মহীয়সী বীৰংগনা মূলা গাভৰুৰ জীৱনাদর্শ, সাহসীকতা আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি ৫ দিনীয়া “মূলা গাভৰু” শীর্ষক এক “কন্যা সমৰ কলা প্রশিক্ষণ কর্মশালা”

ByNaba Barta

Jun 30, 2025
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদ মেন সম্বোধন কৰি প্ৰাক্তন বিধায়িকা তথা কাম্য সামাজিক বিকাশ সংস্থাৰ সভানেত্রী আঙুৰলতা ডেকাই ৪ জুলাই ৰ পৰা ৮ জুলাই লৈ “কাম্য “নামৰ এক সামাজিক বিকাশ সংস্হা ৰ উদ্যোগত আৰু সদৌ অসম কাৰাটে সন্হাৰ সহযোগত অসমৰ মহীয়সী বীৰংগনা মূলা গাভৰুৰ জীৱনাদর্শ, সাহসীকতা আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি ৫ দিনীয়া “মূলা গাভৰু” শীর্ষক এক “কন্যা সমৰ কলা প্রশিক্ষণ কর্মশালা”ৰ গুৱাহাটীৰ শিল্পগ্ৰামত
আযোজনৰ উদ্দেশ্য ব্যক্ত কৰে। সাংবাদিকসকলক উদ্দেশ্য কৰি তেওঁ কয় যে “আমি প্ৰতিগৰাকী অসমীয়া যুৱতীক শক্তিশালী, নির্ভীক আৰু সাহসী ৰূপত চাব বিচাৰোঁ।নাৰী সৱলীকৰণ নাৰীৰ এক অধিকাৰ হিচাপে গঢ়ি তুলিব বিচাৰো। প্ৰতি গৰাকী যুৱতী সাৱধানতাৰে নহয় সাহসেৰে আৰু যোগ্যতাৰে খোজ কঢ়াতো বিচাৰো।আমি আমাৰ যুৱতী সকলক আত্মৰক্ষা কৰিবলৈ শিকাব লাগিব।
মনত অদম্য সাহস থকা প্রতিগৰাকী দ্বোরালীয়ে এখন সমাজক বৃণান্তৰৰ দিশত আগবঢ়াত সহায় কৰিব।আত্মবিশ্বাস হৈছে এগৰাকী নাৰীৰ বাবে আটাইতকৈ উৎকৃষ্ট আৰু শক্তিশালী করচ। মানসিক তথ্য শাৰীৰিকভাৱে সবল হলে একোগৰাকী নাৰীৰ আত্মবিশ্বাস বৃদ্ধি হ’ব।
এয়া মাথোঁ এক প্রশিক্ষণ নহয়, প্ৰতিগৰাকী যুৱতীক সাহসী কৰি তোলাৰ এক বিপ্লৱ।
এই প্রশিক্ষণ কর্মশালাত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা প্ৰায় ডেৰ শ গৰাকী প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰিব। বৰ্তমান সমাজ খনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰত্যেক গৰাকী নাৰীয়ে শাৰীৰিক আৰু মানসিকভাবে শক্তিশালী হোৱাটো অত্যন্ত আৱশ্যক। সেই উদ্দেশ্যকে আগত ৰাখি পাঁচদিনীয়াকৈ এই প্রশিক্ষণ কার্যসূচী আযোজন কৰা হৈছে। প্ৰশিক্ষণৰ সময়চোৱাত অংশগ্ৰহণকাৰী সকলক মৌলিক আত্মৰক্ষাৰ কৌশল, পৰিস্থিতিগত অভিযোজন ক্ষমতা, মানসিক বিতিস্থাপকতা প্রদান কৰিবলৈ যত্ন কৰাৰ লগতে সময় সাপেক্ষে কিদৰে নিজকে প্ৰতিৰক্ষা কৰিব পাৰিব এই সন্দৰ্ভত শিক্ষা দিয়া হব।’ সংবাদ মেলত সন্থাৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *