• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অসমৰ চাহ উদ্যোগ আৰু চৰকাৰী সহযোগিতাৰ প্ৰশংসা বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাৰ

ByNaba Barta

Mar 7, 2025
Spread the love

নৱবাৰ্তা গুৱাহাটী : ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কালি এটা পোষ্ট শ্বেয়াৰ কৰি অসমৰ চাহ উদ্যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে বেদান্তাৰ অধ্যক্ষ অনিল আগৰৱালাই। ‘এডভান্টেজ অসম’ৰ মঞ্চত প্ৰদান কৰা তেওঁৰ নিজৰ ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰি আগৰৱালাই কয় যে প্ৰকৃতিয়ে অসমক অপৰিসীম সম্পদেৰে সজ্জিত কৰিছে, ইয়াৰ অন্তহীন সম্ভাৱনা কেৱল মাটিৰ ওপৰতেই নহয়, মাটিৰ তলতো লুকাই আছে। উল্লেখযোগ্য যে তেওঁ এই পোষ্টটো অসমীয়াত শ্বেয়াৰ কৰি ৰাজ্যবাসীৰ সৈতে তেওঁৰ সম্পৰ্ক গভীৰ কৰি তোলাৰ লগতে অসমীয়া ঐতিহ্যৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা প্ৰকাশ কৰে।
অসমৰ ২০০ বছৰীয়া চাহ পৰম্পৰাৰ বিষয়ে উল্লেখ কৰি বৃহৎ চাহ বাগিচাৰ সমান্তৰালকৈ সৰু সৰু চাহ বাগিচাসমূহে কিদৰে দ্ৰুতগতিত সম্প্ৰসাৰণৰ জৰিয়তে উদ্যোগটোৰ বাবে এক নতুন যুগৰ সূচনা কৰিছে সেই সন্দৰ্ভতো আগৰৱালা ডাঙৰীয়াই আলোকপাত কৰে ।
বেদান্তা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে অসমৰ বিপুল অৰ্থনৈতিক অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে ৰাজ্যখনে ভাৰতৰ মুঠ চাহৰ ৫০ শতাংশতকৈ অধিক উৎপাদন কৰে আৰু প্ৰতি বছৰে ৬৫০ মিলিয়ন কিলোগ্ৰামতকৈও অধিক চাহ যোগান ধৰি আহিছে। এই উদ্যোগটোৱে প্ৰায় ৩০ লাখ লোকক জীৱিকা প্ৰদান কৰি অহাৰ সমান্তৰালভাৱে দেশৰ মুঠ ঘৰুৱা উত্পাদন (জি ডি পি)ত ৩ শতাংশ অৰিহণা যোগাই আহিছে। তেওঁ বিশেষভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ অপৰিহাৰ্য ভূমিকাৰ কথা উল্লেখ কৰে, যিসকলে প্ৰতি বছৰে ৪০০ মিলিয়ন কিলোগ্ৰামতকৈ অধিক সেউজীয়া পাত উৎপাদন কৰি অসমৰ চাহ অৰ্থনীতি আৰু অধিক শক্তিশালী কৰি তুলিছে।
চৰকাৰৰ প্ৰগতিশীল আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহক স্বীকৃতি দি আগৰৱালাদেৱে নিশ্চয়তামুক্ত ঋণ আৰু আধুনিক কৃষি প্ৰযুক্তিৰ প্ৰসাৰ আদি পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কয় যে এই পদক্ষেপসমূহে যুৱ উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ লগতে অসমৰ চাহ উদ্যোগলৈ ইতিবাচক পৰিৱৰ্তন আনিছে। তেওঁ লগতে কয় যে, সাৰুৱা মাটি, চহকী ঐতিহ্য, আৰু শক্তিশালী চৰকাৰী সমৰ্থনৰ জৰিয়তে অসমে নিজৰ বিশ্ববিখ্যাত চাহ উদ্যোগক অধিক উচ্চতালৈ লৈ যাবলৈ সাজু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *