• Sun. Jan 25th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অধ্যাপক সুভাষ খান্নাৰ নেতৃত্বত স্বাগত চুপাৰ স্পেচেলিটি হাস্পতালত পূব ভাৰতৰ প্ৰথমটো ৰিম’ট ৰ’বটিক শল্য চিকিৎসা সম্পন্ন

ByNaba Barta

Sep 10, 2025
Spread the love

নৱবার্তা গুৱাহাটী ঃ গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালে পূব আৰু উত্তৰ-পূব ভাৰতত সফলতাৰে দুটা ৰিম’ট ৰবটিক পিত্তথলী আঁতৰোৱাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে৷ মেড-ইন-ইণ্ডিয়া এছ এছ আই মন্ত্ৰ ৰবটিক চিষ্টেম ব্যৱহাৰ কৰি গুৱাহাটীৰ দুজন ৰোগীৰ অস্ত্ৰোপচাৰ ইতিমধ্যে সফলতাৰে সম্পন্ন কৰা হৈছে৷ লিড চাৰ্জন অধ্যাপক সুভাষ খান্নাই গুৰগাঁৱৰ পৰা ৰবটটো নিয়ন্ত্ৰণ কৰি প্ৰায় ১৯৫০ কিলোমিটাৰ দূৰৰ পৰা এই অস্ত্ৰোপচাৰটো কৰে৷ অস্ত্ৰোপচাৰ সম্পন্ন হোৱা দুয়োজন ৰোগী সুস্থ হৈ উঠিছে আৰু ২৪ ঘণ্টাৰ ভিতৰত দুয়ো হাস্পতালৰ পৰা ঘৰলৈ যাব পাৰিব৷

এক নিষ্ঠাবান চিকিৎসা আৰু কাৰিকৰী দলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত এই অস্ত্ৰোপচাৰ সফলভাৱে কৰা হয়৷ গুৰগাঁৱৰ পৰা শ্ৰী অভিবেশৰ লগতে গুৱাহাটীৰ স্বাগত হাস্পতালৰ পৰা শ্ৰী বিনয় হাজৰিকাই এই জটিল আই টি মেৰুদণ্ডৰ সমন্বয় কৰিছিল৷ সমগ্ৰ প্ৰক্ৰিয়াটোত এয়াৰটেলৰ সহায়ত উচ্ছ গতিৰ সংযোগ ব্যৱস্থাপনাত, প্ৰয়োজনীয় মানদণ্ডতকৈ অধিক বেগত মাত্ৰ ৪০ মিলিছেকেণ্ডৰ আকৰ্ষণীয় লেটেঞ্চি লাভ কৰা হৈছিল৷

সমগ্ৰ অস্ত্ৰোপচাৰটোত স্বাগত হাস্পতালৰ চিকিৎসক ডাঃ অৰিন্দম বৰুৱা, ডাঃ প্ৰণৱ দাস আৰু ডাঃ সুপ্ৰিয় চৌধুৰীয়ে সহায় আগবঢ়োৱাৰ লগতে ডাঃ কনিণিকা দাসে এনাস্থেচিয়াৰ নেতৃত্ব দিছিল৷ তেনেদৰে ৰবটিক স্ক্ৰাব নাৰ্ছ বিদ্যা দেৱী, আলৱানীশা, ৰীনা, লিপিকা আৰু বায়’টেকনিচিয়ান জিণ্টুৱে সমগ্ৰ অস্ত্ৰোপচাৰৰ বিভিন্ন কাৰিকৰী ক্ষেত্ৰত সহায় আগবঢ়ায়৷ বিশেষকৈ উত্তৰ-পূবত ধাৰাবাহিকভাৱে অগ্ৰণী অস্ত্ৰোপচাৰৰ উদ্ভাৱনৰ প্ৰৱৰ্তন অব্যাহত ৰখা স্বাগত হাস্পতালৰ সঞ্চালক অধ্যাপক ডাঃ স্বাগতা খান্নাই সমগ্ৰ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া দিল্লীৰ গুৰগাঁৱৰ পৰা নিয়ন্ত্ৰণ কৰিছিল৷

এই অস্ত্ৰোপচাৰৰ সাফল্যৰ সন্দৰ্ভত অধ্যাপক সুভাষ খান্নাই কয় যে, একেবাৰে নতুন আৰু উদ্ভাৱনীমূলক কামত ৰোগীক পতিয়ন নিয়াব পৰাটো বৰ সহজ নহয়৷ দুয়োজন ৰোগীয়ে মোৰ ওপৰত যি বিশ্বাস ৰাখিছিল তাৰ বাবে মই কৃতজ্ঞ৷ তেওঁলোকৰ ওচৰত মই শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও তেওঁলোকে মোক বিশ্বাস কৰি আনন্দৰে অস্ত্ৰোপচাৰ কৰিবলৈ সন্মত হৈছিল৷ এই সুবিধাৰ জৰিয়তে এতিয়া টেলি কানেক্টিভিটিৰ জৰিয়তে ৰোগীজন পৃথিৱীৰ যিকোনো ঠাইতে থাকিলেও উত্তম চিকিৎসা লাভ কৰাত সহায় কৰিব৷

আনহাতে ৰবটিক অস্ত্ৰোপচাৰ সন্দৰ্ভত তেওঁ কয় যে, দূৰৱৰ্তী ৰবটিক অস্ত্ৰোপচাৰ বিশ্বৰ বাবে সম্পূৰ্ণ নতুন নহয়৷ এনে পদ্ধতি ‘লিণ্ডবাৰ্গ অপাৰেচন’–প্ৰথম ২০০১ চনত ফ্ৰান্সৰ ষ্ট্ৰাছবাৰ্গত নিউয়ৰ্কৰ এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞই এজন ৰোগীৰ পিত্তথলী আঁতৰোৱাৰ সময়ত কৰিছিল৷ কিন্তু অধিক খৰচ আৰু সংযোগৰ প্ৰত্যাহ৩ানৰ বাবে এই চিকিৎসাৰ অগ্ৰগতি লেহেমীয়া হৈ আছে৷ কিন্তু ৰবটিক্স, সুৰক্ষিত নেটৱৰ্ক, দ্ৰুতবেগী তথ্য সংবহনৰ অগ্ৰগতি আৰু বিশ্বজুৰি আগ্ৰহৰ পৰিপেক্ষিতত এনে চিকিৎসাৰ পুনৰ উত্থান ঘটিছে৷ লক্ষণীয়ভাৱে সমগ্ৰ ভাৰতৰ বহু আগশাৰীৰ কৰ্পৰেট চিকিৎসালয়ত এতিয়াও এনে পদ্ধতি ব্যৱহাৰ কৰা নাই৷ গতিকে সেই দিশৰ পৰা স্বাগত ছুপাৰ স্পেচিলিটি হাস্পতালৰ এই কৃতিত্ব বিশেষভাৱে উল্লেখনীয় হৈছে৷

উল্লেখযোগ্য যে, এই ৰিম’ট ৰ’বটিক শল্য চিকিৎসাই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ সুদূৰপ্ৰসাৰী প্ৰভাৱ কঢ়িয়াই আনিছে৷ কিয়নো দীৰ্ঘদিনীয়া আৰু ব্যয়বহুল যাতায়তৰ প্ৰয়োজন নোহোৱাকৈ ৰোগীয়ে এই অস্ত্ৰোপচাৰ কৰিব পাৰিব৷ দুৰ্গম সীমান্ত অঞ্চলত বাস কৰা সৈনিক আৰু নাগৰিকসকলৰ বাবে এই চিকিৎসাই আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ লক্ষ্যণীয়ভাৱে অধ্যাপক সুভাষ খান্নাই এইক্ষেত্ৰত আগভাগ লৈ অসমক ভাৰতৰ অত্যাধুনিক অস্ত্ৰোপচাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে স্থান দি এক নতুনত্ব প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাত নতুন দিগন্তৰ সূচনা কৰিছে৷

ৰোগীৰ সুৰক্ষা আৰু ক্লিনিকেল সম্ভাৱনীয়তা দুয়োটা নিশ্চিত কৰি নিখুঁত পৰিকল্পনা, শক্তিশালী প্ৰযুক্তিগত সমৰ্থন আৰু সম্পূৰ্ণ নৈতিক সমিতিৰ অনুমোদনৰ সৈতে অস্ত্ৰোপচাৰসমূহ কৰা হৈছিল৷

স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ বিষয়ে–

স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল হৈছে গুৱাহাটীৰ উন্নত স্বাস্থ্যসেৱাৰ প্ৰতি উৎসৰ্গিত এক আগশাৰীৰ মাল্টি স্পিচিয়েলিটি চিকিৎসালয়৷ বিশেষকৈ লেপাৰস্কপিক, ৰবটিক আৰু এতিয়া দূৰৱৰ্তী ৰবটিক অস্ত্ৰোপচাৰৰ বাবে বিখ্যাত এই হাস্পতালখনে অসম আৰু উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ মাজলৈ শেহতীয়া চিকিৎসা প্ৰযুক্তি কঢ়িয়াই আনি সেৱা অব্যাহত ৰাখিছে আৰু অসমক শৈল্য চিকিৎসাৰ ক্ষেত্ৰত ভাৰত আৰু সমগ্ৰ বিশ্বৰ মাজত আগশাৰী স্থান পাবলৈ সক্ষম হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *